Home অসম জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়ালৈ আন্তৰ্জাতিক বঁটা

জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়ালৈ আন্তৰ্জাতিক বঁটা

102
0


এম মহিবৰ ৰহমান, ৩০ নৱেম্বৰ :
আন্তৰ্জাতিক সংবাদ কৰ্মী সুৰক্ষা সংস্থা ‘প্ৰেছ এম্ব্‌লেম কেম্পেইন’ৰ বাৰ্ষিক পুৰস্কাৰ লাভ কৰিছে অসমৰ জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই৷ ভাৰতৰ লগতে দক্ষিণ-পূব এছিয়াৰ কৰ্মৰত সাংবাদিকৰ অধিকাৰ, সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে জেনেভাস্থিত ‘পিইচি’য়ে এই বছৰ ঠাকুৰীয়াক এই বঁটাৰে সন্মানিত কৰে৷ উল্লেখ্য যে এই সন্মান লাভ কৰা ঠাকুৰীয়া হ’ল ভাৰতৰ প্ৰথমগৰাকী সাংবাদিক৷ কোৰোনা কালৰ বাধা-নিষেধৰ বাবে ঠাকুৰীয়া ছুইজাৰলেণ্ডত উপস্থিত হ’ব নোৱাৰাৰ কাৰণে তেওঁক ভাৰ্ছুৱেলী এই বঁটা প্ৰদান কৰা হয়৷ আনকি দ্ৰুত ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জেনেভা প্ৰেছ ক্লাবত আয়োজন কৰা স্থানীয় সাংবাদিকৰে ঠাকুৰীয়াৰ বাৰ্তালাপ অনুষ্ঠানো বাতিল কৰা হয়৷ ‘এই বছৰ প্ৰথমবাৰৰ বাবে পিইচিয়ে পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ ভাৰতৰ এগৰাকী পেছাদাৰী সাংবাদিকক এই বঁটাৰ বাবে বাছনি কৰিছে৷ বৃহত্তম গণৰাজ্য ৰূপে পৰিচিত ভাৰতত এক শক্তিশালী গণমাধ্যমো বিদ্যমান৷ দেশখনত যোৱা বছৰ ১৫গৰাকী সংবাদকৰ্মীৰ হত্যাৰ ঘটনা পোহৰলৈ আহিছে৷ তাৰ লগে লগে সাংবাদিকসকলে বিভিন্ন সময়ত শাৰীৰিক-মানসিক নিৰ্যাতনৰো বলি হৈছে৷’– এই মন্তব্য আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ সম্পাদকপ্ৰধান ব্লেইজ লেম্পনৰ৷ এই বছৰ বৰ্তমানলৈ ভাৰতত ৬গৰাকী সাংবাদিকৰ হত্যাৰ তথ্য প্ৰকাশ পাইছে৷ তদুপৰি ২০২০ চনৰ মাৰ্চৰ পৰা কোৰোনা ভাইৰাছৰ চিকাৰ হৈ মৃত্যুবৰণ কৰিছে প্ৰায় ৩০০ সাংবাদিকে৷ নিজ দেশৰ লগতে ঠাকুৰীয়াই চুবুৰীয়া ৰাষ্ট্ৰ ব্ৰহ্মদেশৰ সাংবাদিকসকলৰো নিৰ্যাতনৰ তথ্য সংগ্ৰহ কৰিছে৷ যোৱা ৰ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা সামৰিক শাসনৰ কালত প্ৰায় ১২০গৰাকী সাংবাদিকক আটক কৰা হৈছে৷
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্নাতক ঠাকুৰীয়াই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সংবাদ মাধ্যমত নিজ অঞ্চলৰ বা-বাতৰি আৰু প্ৰবন্ধ প্ৰকাশ কৰি আহিছে৷ পিইচি [www.pressemblem.ch]ৰ এই সন্মানে দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ সাংবাদিকসকলৰ প্ৰত্যাহ৩ানৰ প্ৰসংগ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ কঢ়িয়াই নিব বুলি ঠাকুৰীয়া আশাবাদী৷ অগ্ৰণী এই সংস্থাটোৱে ২০২০ চনত এই বঁটা আগবঢ়াইছিল মেক্সিকোৰ সাংবাদিক কাৰমেন এৰিষ্টেগুইক৷ তাৰ আগত পিইচিৰ এই সন্মান লাভ কৰে আফগানিস্তান, মালটা, তুৰ্কী, ৰাছিয়া, ছিৰিয়া, ইউক্ৰেইন, ছুইজাৰলেণ্ড, গুৱেটামালা, টিউনিছিয়া, ইজিপ্ত, ফিলিপাইনছ আদি দেশৰ সাংবাদিক আৰু সাংবাদিক সংগঠনে৷Attachments area

LEAVE A REPLY

Please enter your comment!
Please enter your name here