Home অসম আন্তৰ্জাতিক নাৰী দিৱস আৰু চৰ- চাপৰিৰ মহিলা সবলীকৰণৰ প্ৰচেষ্টা

আন্তৰ্জাতিক নাৰী দিৱস আৰু চৰ- চাপৰিৰ মহিলা সবলীকৰণৰ প্ৰচেষ্টা

218
0


ড॰ আবুল হোছেইন ,৭ মাৰ্চ : আন্তৰ্জাতিক নাৰী দিৱস বিশ্বজুৰি পালন কৰা হয়৷ নাৰীৰ সম-অধিকাৰৰ শক্তিশালী দাবী এতিয়া সমৰ্থিত, নাৰীক সন্তান প্ৰসৱকাৰী যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি৷ অথচ এসময়ত নাৰীৰ অসহায়তা পুৰুষ সমাজে বুজিবলৈ চেষ্টা কৰা নাছিল৷ মধ্যযুগত নাৰীক অৱশ্যেই অৱজ্ঞা কৰা হৈছিল, ইউৰোপৰ দেশসমূহতো নাৰীক অধিকাৰ দিয়া হোৱা নাছিল৷ আমেৰিকাতো নাৰীক নিম্ন খাপৰ বুলি গণ্য কৰিছিল, নাৰীক ভোটাধিকাৰ দিয়া হোৱা নাছিল৷ ২য় বিশ্বযুদ্ধৰ সময়ত নাৰীক সামৰিক শক্তিত ব্যৱহাৰ কিন্তু সামাজিক দিশত অগ্ৰাধিকাৰ দিবলৈ চৰকাৰী যন্ত্ৰই অস্বীকাৰ কৰিছিল৷ দিন সলনি হ’বলৈ বেছি দিন নেলাগিল, ১৯৪৮ চনৰ Seneca Falls Conventionত আমেৰিকাৰ ঘোষণা-পত্ৰত নাৰীক সমান অংশীদাৰ হ’বলৈ প্ৰস্তাৱ গৃহীত হয়, নাৰীক সম-অধিকাৰ দিয়াৰ প্ৰস্তাৱত ৬৮গৰাকী মহিলা আৰু ৩২জন পুৰুষে চহী কৰিছিল৷ ভাৰতৰ বহু সমাজ সেৱক, সংস্কাৰ সাধকসকলে ভাৰতত নাৰীক সম-অধিকাৰ দিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল৷ জৱাহৰলাল নেহৰুৱে কৈছিল, You can tell the condition of a nation by looking at the status of a woman. ৰাজা ৰামমোহন ৰায়, বিদ্যাসাগৰ, বিবেকানন্দ, ৰবীন্দ্ৰনাথ, নজৰুল, জ্যোতিৰাও ফুলে নাৰীক সম-অধিকাৰ দিয়াৰ বাবে চেষ্টা কৰিছিল৷ মহাত্মা গান্ধীৰ ভাৰতীয় জাতীয় আন্দোলনত নাৰীক অংশগ্ৰহণ কৰিবলৈ আহবান জনাইছিল৷ ’৪২১ আন্দোলনত অসমৰ পুষ্পলতা দাস, অমলপ্ৰভা দাস, চন্দ্ৰপ্ৰভা শইকীয়ানী আদি নাৰীক সমাজৰ উচ্ছ শিখৰত লৈ গৈছিল৷ গহপুৰত কনকলতা বৰুৱাক ব্ৰিটিছ সৈন্যই গুলী কৰি হত্যা কৰিছিল, ছহিদ কনকলতা বৰুৱাক হত্যা কৰিলেও অসমীয়া মহিলা পিছ হোঁহকা নাছিল৷ সমগ্ৰ বিশ্বৰ লগত ভাৰতৰ মহিলা, অসমৰ মহিলাই সজোৰে মহিলা অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল৷ স্বাধীনতাৰ পিছত ভাৰতৰ ভালেসংখ্যক মহিলা আন্তৰ্জাতিক পৰ্যায়ত মহিলাৰ সম-অধিকাৰৰ দাবীত সাহিত্য সৃষ্টিৰ মাধ্যমত খলকনি তুলিবলৈ সমৰ্থ হৈছিল৷ এই দিশত মঞ্জু কাপুৰৰ নাম সোণালী আখৰেৰে নি(য় লিখা থাকিব৷ মঞ্জুকাপুৰৰ Difficult Daughters [১৯৯৮], ট্ট married women [২০০২], উল্লেখ্য, ভাৰতীয় মহিলাৰ সামাজিক অৱস্থাৰ হুবহু ব্যাখ্যা মঞ্জু কাপুৰৰ লেখনিত প্ৰকাশ পাইছে৷ আমাৰ চৰ-চাপৰিৰ মহিলাসকল সকলো দিশতেই পিছপৰা, এচাম ধৰ্মীয় গোড়ামী লোকৰ বাবে মহিলাসকলে যে যাতনা ভোগ কৰিবলগীয়া হৈছে সেয়া সত্য৷ অৱশ্যে সাম্প্ৰতিক কালত চৰ-চাপৰিৰ মহিলাসকলে চাৰিবেৰৰ মাজৰ পৰা ওলাই আহিবলৈ কিছু সফল হৈছে৷ কিন্তু আজিও শিশু নিৰ্যাতন এক সাধাৰণ ঘটনা হৈ আছে, দুখীয়া শিশু মানুহৰ ঘৰে ঘৰে কাম কৰাৰ নজিৰ দেধাৰ, চহৰ-নগৰৰ বিভিন্ন স্থানত কাম কৰা মহিলাসকলৰ বৃহৎ অংশ চৰ-চাপৰিৰ, কেতিয়াবা তেওঁলোকৰ ওপৰত অত্যাচাৰ হোৱাও দেখা যায়৷ যদিও আইনৰ অভাৱ নাই, আইন বাস্তৱায়ন হোৱা কেতিয়াবাহে পৰিলক্ষিত হয়৷ শিশুবিবাহ নিষিদ্ধ আইন, ১৯২৯, ১৯৭৯ আছে কিন্তু এতিয়াও এচাম দুষ্ট লোকে অবৈধভাৱে শিশু বিবাহ অব্যাহত ৰাখিছে৷ এতিয়া মহিলা সবলীকৰণে দেশজুৰি প্ৰচাৰ লাভ কৰিছে, চৰ-চাপৰিৰ মহিলা সবলীকৰণৰ প্ৰচেষ্টা অব্যাহত ৰখাটো সমাজ আৰু চৰকাৰীভাৱে চেষ্টা কৰা সময়ৰ দাবী৷ বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানসমূহেও আগবঢ়া দৰকাৰ, অৱশ্যে বহুসংখ্যক সংগঠনে কাম কৰি আছে বুলি আমি জানো৷ এইখিনিতে সামান্য সুখৰ খবৰ এই যে চৰ-চাপৰিৰ মহিলা সবলীকৰণ কিছু পোহৰৰ ফালে অগ্ৰসৰ হৈছে, মহিলাসকল সচেতন হৈছে, শিক্ষাত আগুৱাই গৈছে, ৰাজনৈতিকভাৱেও সজাগ হৈছে, চিকিৎসা বিজ্ঞানত যথেষ্ট সফলতা অৰ্জন কৰিছে৷ আগন্তুক দিনত নিয় এই অৱহেলিত মহিলাসকলে নিৰ্যাতনৰ পৰা ৰেহাই পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here