Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় আন্তৰ্জাতিক শ্ৰমিক সংহতি দিৱস

আন্তৰ্জাতিক শ্ৰমিক সংহতি দিৱস

444
0

মীনাক্ষি ৰায় ডাকুৱা, গোলকগঞ্জ:  আন্তৰ্জাতিক শ্ৰমিক সংহতি দিৱস বা মে’ দিৱস প্ৰতিবছৰ মে’ মাহৰ ১ তাৰিখে পালন কৰা হয়। হে মাৰ্কেট এফেয়াৰ বিষয়ক সন্মান জনাবলৈ এই দিনটো পালন কৰা আৰম্ভ হৈছিল। এই দিনটো শ্ৰমজীৱী মানুহৰ অধিকাৰ আদায়ৰ দিন। দিনৰ পিছত দিন শ্ৰমিক স্বাৰ্থৰক্ষাৰ যুঁজ আৰু বহু সংগ্ৰাম পাৰ হৈ এই দিনটো সমগ্ৰ বিশ্বৰ শ্ৰমিকসকলৰ বাবে এক উজ্জ্বল আৰু গৌৰৱময় দিন। ১ মে’ আন্তৰ্জাতিক শ্ৰমিক আন্দোলনৰ উদ্‌যাপন দিৱস। এই দিনটোৰ আনুষ্ঠানিক নাম আন্তৰ্জাতিক শ্ৰমিক সংহতি দিৱস যদিও সচৰাচৰ মে’ দিৱস হিচাপে অভিহিত কৰা হয়। কায়িক পৰিশ্ৰমেৰে যিসকলে নিজৰ সংস্থাৰ বাবে কাম কৰে তেওঁলোকক বিশ্ৰামৰো সময় দিয়া উচিত। কিন্তু এটা সময় আছিল যেতিয়া শ্ৰমিক শ্ৰেণীৰ মানুহৰ এই যে স্বাভাৱিক চাহিদা তাক গুৰুত্বই দিয়া নাছিল মালিকপক্ষই। সেই সময়ত সকলো শ্ৰমিকে অস্বাস্থ্যকৰ পৰিৱেশত প্ৰতিদিন প্ৰায় ১৬ ঘণ্টা কাম কৰিবলগীয়া হৈছিল। ১৮৮০ চনত প্ৰথম শ্ৰমিক দিৱস পালনৰ প্ৰস্তাৱ কৰা হৈছিল। ১৮৮৬ চনৰ ১ মে’ তাৰিখে দৈনিক ৮ ঘণ্টা কামৰ দাবীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাজাৰ হাজাৰ শ্ৰমিকে দেশজুৰি ব্যাপক ধৰ্মঘটৰ আহ্বান জনাইছিল। আমেৰিকাৰ চিকাগো চহৰৰ হে মাৰ্কেট স্কোৱাৰত প্ৰায় তিনি লাখ শ্ৰমিকে বিশাল জনসমাৱেশ আৰু বিক্ষোভ প্ৰদৰ্শন কৰিছিল। এই আন্দোলনে চূড়ান্ত ৰূপ পায় ৩ আৰু ৪ মে’ত।

শ্ৰমিকসকলৰ এই নৈতিক দাবীৰ কণ্ঠৰোধ কৰিবলৈ পুলিচে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। পুলিচৰ গুলী চালনাত ১০জন শ্ৰমিকে প্ৰাণ হেৰুৱায় আৰু বহু শ্ৰমিক আহত হয় । গ্ৰেপ্তাৰ কৰা অগণিত শ্ৰমিকৰ মাজৰপৰা ৬জনক ফাঁচি দিয়া হয় আৰু এজনক দিয়া হয় ১৫ বছৰৰ কাৰাদণ্ড। জে’লবন্দী অৱস্থাত এজন শ্ৰমিকে আত্মহত্যা কৰে। কিন্তু শ্ৰমিকসকলৰ সেই আন্দোলনক দমন কৰিব পৰা নগৈছিল। চিকাগো চহৰ পাৰ হৈ সেই আন্দোলন একে একে বিশ্বৰ নানা প্ৰান্তত বিয়পি পৰে। তীব্ৰ আন্দোলনৰ সন্মুখত শ্ৰমিকসকলৰ এই দাবী মানি ল’বলৈ বাধ্য হয় চৰকাৰ পক্ষৰ সকলো সংস্থা। কৰ্মজীৱী মানুহৰ শ্ৰমৰ নিৰ্দিষ্ট সময় ৮ ঘণ্টাৰ অধিক যদি কোনো মানুহে শ্ৰম দিবলগীয়া হয়, তেন্তে সেই মানুহক তাৰবাবে “ওভাৰটাইম” অৰ্থাৎ অতিৰিক্ত কামৰ বাবে বৰ্ধিত পাৰিশ্ৰমিক দিব লাগিব। অৱশ্যে এইটো ঠিক যে বিভিন্ন দেশত এই নিয়মৰ কিছু হেৰফেৰ আছে । কিন্তু সকলো মানুহৰ শ্ৰমৰ বাবে ৮ ঘণ্টা সময়েই ধাৰ্য কৰা হয়। ১৮৮৯ চনত পেৰিচত অনুষ্ঠিত দ্বিতীয় আন্তজাৰ্তিক শ্ৰমিক সন্মিলনত মে মাহৰ ১ তাৰিখক ‘মে’ দিৱস’ হিচাপে পালনৰ সিদ্ধান্ত লোৱা হয়। শ্ৰমিকসকলৰ দাবী একেদিনাই পূৰণ হোৱা নাছিল, ইয়াৰ বাবে কে’বাবছৰো সময় লাগিছিল আৰু প্ৰতিবাদত প্ৰচুৰ ৰক্তক্ষয়ো হৈছিল। এই ঘটনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে জাৰ্মানী, ইংলেণ্ড আৰু ফ্ৰান্সতো হৈছিল।

শ্ৰমিক আন্দোলনৰ এই গৌৰৱময় অধ্যায়ক স্মৰণীয় কৰি ৰাখিবলৈ ১৮৯০ চনৰ পৰা বিশ্বৰ সকলো দেশতেই মৰ্যাদাৰ সৈতে পালিত হয় মহান মে’ দিৱস। মে’ দিৱস সমগ্ৰ বিশ্বজুৰি শ্ৰমিক আন্দোলন আৰু মুক্তি সংগ্ৰামৰ ঐতিহ্যৰে সমৃদ্ধ। সাম্ৰাজ্যবাদী যুদ্ধ, চক্ৰান্তৰ তীব্ৰ প্ৰতিবাদ, দুনিয়াৰ শ্ৰমিক এক হোৱাৰ উজ্জীৱন মন্ত্ৰ। ভাৰতত প্ৰথম মে’ দিৱস উদ্‌যাপন কৰা হয় ১৯২৩ চনত। এই উদ্‌যাপন আয়োজন কৰিছিল হিন্দুস্তানৰ শ্ৰমিক কিষাণ পাৰ্টীয়ে সিংগাৰাভেলু চেত্তিয়াৰ নেতৃত্বত। মাদ্ৰাজ (বৰ্তমান চেন্নাই) চহৰৰ দুই ঠাইত— মাদ্ৰাজ হাইকোৰ্টৰ বিপৰীত ফালে আৰু ত্ৰিপলিকেন সমুদ্ৰ সৈকতত প্ৰথম শ্ৰম দিৱস পালন কৰা হৈছিল। ভাৰত, বাংলাদেশ, আমেৰিকা যুক্তৰাষ্ট্ৰসহ বিশ্বৰ প্ৰায় ৮০খন দেশত ১ মে’ জাতীয় ছুটী বা বন্ধৰ দিন। পৃথিৱীৰ বিভিন্ন দেশত শ্ৰমজীৱী মানুহ আৰু শ্ৰমিক সংগঠনসমূহে ৰাজপথত সংগঠিতভাৱে বিশাল সমদল-শোভাযাত্ৰা আৰু সমাৱেশৰ মাধ্যমত এই মে’ দিৱস পালন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here