
গুজৰাট টাইটানছে সাই সুদৰ্শনৰ অৰ্ধশতকীয় ইনিংছত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছক ৷

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এল ২০২৫ ৰ ২৩ সংখ্যক মেচত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৫৮ ৰাণত পৰাস্ত কৰে । এই জয়েৰে গুজৰাট দলে পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ।
গুজৰাটে ৫ খন মেচৰ ৪ খনত জয় আৰু এখনত পৰাজয়ৰ সৈতে ৮ পইণ্ট লাভ কৰি শীৰ্ষস্থানত উপনীত হয় ৷ বিপৰীতে ৰাজস্থান ৰয়েলছে ৫ খন মেচৰ দুখনত জয় আৰু দুখনত পৰাজয়ৰে এই তালিকাৰ সপ্তম স্থানত আছে ।
এই মেচখনত ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি গুজৰাটে ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ২১৭ ৰাণ সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত ৰাজস্থানে ১৯.২ অভাৰত ১৫৯ ৰাণ সংগ্ৰহ কৰি হেৰুৱাই আটাইকেইটা উইকেট ৷ যাৰ বাবে ৫৮ ৰাণত গুজৰাটৰ বিৰুদ্ধে পৰাস্ত হয় দলটো । গুজৰাটৰ এয়া ধাৰাবাহিকভাৱে চতুৰ্থটো জয় ৷
ৰাজস্থান ৰয়েলছৰ শ্বিমৰন হেটমায়াৰে ৩২ টা বলত ৫২ ৰাণৰ ইনিংছ খেলি ৪ টা চাৰি আৰু ৩ টা ছয় কোবায় । সঞ্জু চেমছনে ২৮ টা বলত ৪ টা চাৰি আৰু এটা ছয়ৰে ৪১ ৰাণৰ ইনিংছ খেলে ৷ ৰাজস্থানৰ হৈ ৰিয়ান পৰাগে ২৬ ৰাণৰ বৰঙণি আগবঢ়ায়ো নিজৰ দলটোৰ জয়ত সহায় কৰিব নোৱাৰিলে । গুজৰাটৰ হৈ প্ৰসিদ্ধ কৃষ্ণই সৰ্বাধিক ৩ টা উইকেট দখল কৰে । ৰছিদ খান আৰু ছাই কিশোৰে দুটাকৈ উইকেট দখল কৰে । মহম্মদ চিৰাজ, আৱেশ খান আৰু কুলৱন্ত খেজৰোলিয়াই এটাকৈ উইকেট দখল কৰে ।
মেচখনত গুজৰাট টাইটানছে প্ৰথমে বেটিং কৰি ২১৭ ৰাণ সংগ্ৰহ কৰে । ছাই সুদৰ্শনে ৮ টা চাৰি আৰু ৩ টা ছয়ৰ সহায়ত ৫৩ টা বলত ৮২ ৰাণৰ ইনিংছ খেলিছিল । জছ বাটলাৰ আৰু শ্বাহৰুখ খানে ৩৬ ৰাণকৈ আৰু ৰাহুল টেৱাটিয়াই ২০ ৰাণ সংগ্ৰহ কৰে । ৰাজস্থানৰ হৈ মহেশ তীক্ষ্না আৰু তুষাৰ দেশপাণ্ডেয়ে দুটাকৈ উইকেট দখল কৰে ।