
চাৰিজনৰ মৃত্যু, আহত কেইবাজনো দিল্লীত তাচপাতৰ দৰে খহি পৰিল চাৰিমহলীয়া অট্টালিকা!
চাৰিজনৰ মৃত্যু, আহত কেইবাজনো ডিচিপি সন্দীপ লাম্বাই জনাইছে যে এতিয়ালৈ ১৪জন লোকক উদ্ধাৰ কৰা হৈছে। তেওঁ কয়, উদ্ধাৰ অভিযান চলা আছে, ধ্বংসস্তুপৰ তলত ৮ৰ পৰা ১০জন লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।দিল্লীৰ মুস্তাফাবাদ অঞ্চলত শনিবাৰে পুৱা এটা বহুমহলীয়া অট্টালিকা ভাঙি পৰাৰ ফলত ৪জন লোকৰ মৃত্যু হয়। ধ্বংসাৱশেষৰ তলত কেইবাজনো লোক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। এনডিআৰএফ আৰু দিল্লী আৰক্ষীৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। চাৰি মহলীয়া এল আকৃতিৰ অট্টালিকাটো ভাঙি পৰা মুহূৰ্তটো বন্দী হয় চিচিটিভি কেমেৰাত। সংবাদ সংস্থা এ এন আইয়ে শ্বেয়াৰ কৰা আন এটা ভিডিঅ’ত দেখা গৈছে যে স্থানীয় লোকসকলে চাৰি মহলীয়া অট্টালিকাটো ভাঙি পৰাৰ পিছত উদ্ধাৰকাৰী দলক ধ্বংসাৱশেষ পৰিষ্কাৰ কৰাত সহায় কৰিছে। অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া ৰাজেন্দ্ৰ আটৱালে জনোৱা মতে, শনিবাৰে পুৱতিনিশা ২:৫০ বজাত ঘৰটো ভাঙি পৰাৰ খবৰ পোৱাৰ পিছত উদ্ধাৰকাৰী দল সেই স্থানত উপস্থিত হয়।তেওঁ কয়, ‘‘আমি নিশা ২.৫০ বজাত এটা ঘৰ খহি পৰাৰ খবৰ লাভ কৰো। ঘটনাস্থলীত উপস্থিত হৈ জানিব পাৰো যে গোটেই অট্টালিকাটোৱে খহি পৰিছে আৰু ধ্বংসস্তুপৰ তলত কোনো লোক আবদ্ধ হৈ আছে। এনডিআৰএফ আৰু দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰকাৰ্য চলাইছে।’’
ডিচিপি সন্দীপ লাম্বাই জনাইছে যে এতিয়ালৈ ১৪জন লোকক উদ্ধাৰ কৰা হৈছে। তেওঁ কয়, উদ্ধাৰ অভিযান চলা আছে, ধ্বংসস্তুপৰ তলত ৮ৰ পৰা ১০জন লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।