
ভাৰত-পাক সীমান্তত যুদ্ধৰ উকমুকনি। যুদ্ধবিৰতি উলংঘা কৰি LoCত নিশাৰে পৰা ধাৰাসাৰ গুলীবৰ্ষণ পাকিস্তানী সেনাৰ। LoCত পাক সেনাই কৰা গুলীচালনাৰ পাছতে প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই। পাক সেনাৰ যুদ্ধবিৰতি উলংঘা তথা সন্ত্ৰাসবাদীৰ পেহেলগাম আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই।
ইটোৰ পাছত সিটো কুখ্যাত সন্ত্ৰাসবাদীৰ ঘৰ ধ্বংস কৰিছে সেনাই। ভাঙি চূৰমাৰ কৰিলে লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডৰ ছাবিৰ আহমেদ কুট্টেয় ঘৰ। শ্ব’পিয়ানৰ চোটিপোৰা অঞ্চলত থকা সন্ত্ৰাসবাদী ছাবিৰৰ ঘৰ বোমাৰে উৰুৱাই দিলে ভাৰতীয় সেনাই। ২০২৩ৰ মাৰ্চ মাহৰ পৰা সক্ৰিয় হৈ আছিল ছাবিৰ আহমেদ কুট্টেয়। সমান্তৰালকৈ পুলৱামাত ভাৰতীয় সেনাই ধ্বংস কৰিলে কুখ্যাত সন্ত্ৰাসবাদী এহছান উল হকৰ ঘৰ।পুলৱামাৰ মুৰ্ৰন গাঁৱত থকা এহছান উল হকৰ ঘৰ উৰুৱাই দিলে সেনাই। পেহেলগাম আক্ৰমণত এহছান উল হক প্ৰত্যক্ষভাৱে জড়িত থকাৰ সন্দেহ। ২০১৮ত পাকিস্তানত প্ৰশিক্ষণ লৈছিল এহছান উল হকে। পাকিস্তানত প্ৰশিক্ষণ লৈ কাশ্মীৰলৈ উভতি আহিছিল দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটো। কুলগামত ভাৰতীয় সেনাই ধ্বংস কৰিলে জাকিৰ গানি নামৰ সন্ত্ৰাসবাদীটোৰ ঘৰ।
ইয়াৰ পূৰ্বে ভাৰতীয় সেনাই দক্ষিণ কাশ্মীৰৰ মংগাহামত ধ্বংস কৰিছিল আছিফ আহমেদ শ্বেখৰ ঘৰ ধ্বংস। পেহেলগাম আক্ৰমণৰ অন্যতম অভিযুক্ত আদিল আহমেদ থোকেৰৰ ঘৰো ধ্বংস কৰিছে ভাৰতীয় সেনাই। ইপিনে, পেহেলগাম কাণ্ডক লৈ সমগ্ৰ বিশ্বই ধিক্কাৰ দিয়াৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতক সমৰ্থন জনোৱাৰ সময়তে পাকিস্তানে উদঙালে নিজৰ স্বৰূপ।