
হাৰ নামানে কোনেও, চীনৰ ওপৰত এইবাৰ ২৪৫% শুল্ক আৰোপ আমেৰিকাৰ।
আমেৰিকাৰ প্ৰতিশোধৰ সন্মুখীন হৈছে চীন। পৰস্পৰে পৰস্পৰৰ ওপৰত ধাৰাবাহিকভাৱে চলাইছে শুল্কৰ আক্ৰমণ। এবাৰ যদি আমেৰিকাই চীনক অত্যধিক শুল্ক আৰোপ কৰে, আনবাৰ আকৌ চীনেও কৰে একেই কাম। মুঠতে বিশ্বৰ দুই শক্তিশালী অৰ্থনীতিৰ দেশ যেন এতিয়া ব্যস্ত প্ৰতিশোধৰ অঘোষিত প্ৰতিযোগিতাত। হাৰ নামানে কোনেও।
এইবাৰ পুনৰ চীনৰ ওপৰত অত্যধিক শুল্কৰ বোজা জাপি দিলে আমেৰিকাই। চীনৰ ওপৰত আমেৰিকাৰ ২৪৫% পৰ্যন্ত শুল্কৰ মাধমাৰ। বেইজিঙে চীনা এয়াৰলাইনছৰ নিৰ্দেশমৰ্মে আমেৰিকাত বয়িং জেটৰ অৰ্ডাৰ নিষিদ্ধ কৰাৰ ঘোষণাৰ পাছতে আক্ৰমণাত্মক হৈ পৰিল আমেৰিকাও। হোৱাইট হাউছে এক বিবৃতিযোগে জনাইছে এই কথা। চলিত মাহৰ আৰম্ভণিতে আমেৰিকাই চীনৰ ওপৰত ১৪৫% শুল্ক আৰোপ কৰাৰ পাছৰে পৰা এই সংঘাত দ্ৰুতগতিত তীব্ৰতৰ হৈ পৰিছে।
চীনে আমেৰিকাৰ আমদানিৰ ওপৰত ১২৫% শুল্ক আৰোপ কৰি প্ৰতিশোধ লয়। লগতে উচ্চ-প্ৰযুক্তি আৰু প্ৰতিৰক্ষা উদ্যোগৰ বাবে অপৰিহাৰ্য মূল খনিজ পদাৰ্থ ৰপ্তানিৰ ক্ষেত্ৰত অধিক কঠোৰ হয়। এই সপ্তাহতে চীনে আমেৰিকালৈ ৬টা গধুৰ আপুৰুগীয়া ধাতুৰ লগতে আপুৰুগীয়া চুম্বকৰ ৰপ্তানি বন্ধ কৰি দিয়ে। যাতে অটোমোটিভ, মহাকাশ, অৰ্ধ-পৰিবাহী আৰু সামৰিক উৎপাদনৰ দৰে খণ্ডৰ যোগান বন্ধ হয়।