(উৰ্দু শিক্ষা ব’ৰ্ডৰ উপাধ্যক্ষ ড০ এম এম আহমেদ অলপতে অসম ভ্ৰমণলৈ আহিছিল। উক্ত ভ্ৰমণৰ সময়ছোৱাত ‘দৈনিক গণ অধিকাৰ’ৰ জ্যেষ্ঠ উপ-সম্পাদক ছফিউল ইছলামৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কিয়দংশ পাঠকৰ বাবে আগবঢ়োৱা হৈছে।
দৈনিক গণ অধিকাৰ ঃ আপোনাৰ সংক্ষিপ্ত পৰিচয়?
ড০ এম এম আহমেদ ঃ মোৰ নাম ড০ মহম্মদ মুক্তাদিৰ আহমেদ। মই উৰ্দু শিক্ষা ব’ৰ্ড, নতুন দিল্লীৰ উপাধ্যক্ষ।
দৈনিক গণ অধিকাৰ ঃ উৰ্দু শিক্ষা ব’ৰ্ডৰ বিষয়ে চমুকৈ কওক; যাতে আমাৰ পাঠকে বুজি পায়।
ড০ আহমেদ ঃ সংখ্যালঘু শিক্ষা প্ৰতিষ্ঠানসমূহৰ বাবে ৰাষ্ট্ৰীয় আয়োগৰ আইন-২০০৪ৰ ধাৰা ২(জি)ৰ অধীনত ঘোষিত আৰু স্বীকৃতিপ্ৰাপ্ত সংখ্যালঘু শিক্ষা প্ৰতিষ্ঠান হৈছে উৰ্দু শিক্ষা ব’ৰ্ড। ৯/২/২০১৭ চনত ৰাজ্যসভাৰ সাংসদ ৰাণী নৰহে সোধা তৰাবিহীন প্ৰশ্ন নং ৮৫৫ৰ উত্তৰ দি সেই সময়ৰ মানৱ সম্পদ উন্নয়ন দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী উপেন্দ্ৰ কুশ্বাবাহাই কৈছিল যে সমুদায়ৰ মাজত শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে সংখ্যালঘু শিক্ষা প্ৰতিষ্ঠান হিচাপে উৰ্দু শিক্ষা ব’ৰ্ডক বিধিৰ দ্বাৰা স্থাপিত সংখ্যালঘু শিক্ষা প্ৰতিষ্ঠানসমূহৰ বাবে ৰাষ্ট্ৰীয় আয়োগৰ দ্বাৰা স্বীকৃতি প্ৰদান কৰা হৈছে।
দৈনিক গণ অধিকাৰ ঃ উৰ্দু শিক্ষা ব’ৰ্ডৰ উদ্দেশ্য কি?
ড০ আহমেদ ঃ অসমসহ ভাৰতৰ শিক্ষিতৰ হাৰ বৃদ্ধি কৰা ইয়াৰ লক্ষ্য। য’ত অন্য কোনো ব’ৰ্ড উপস্থিত হোৱা নাই তাত শিক্ষা সুলভ কৰা উৰ্দু ব’ৰ্ডৰ অন্যতম লক্ষ্য।
দৈনিক গণ অধিকাৰ ঃ উৰ্দু শিক্ষা ব’ৰ্ডৰ অধীনত কি কি বিষয় সামৰি লোৱা হৈছে?
ড০ আহমেদ ঃ উৰ্দু শিক্ষা ব’ৰ্ডত অন্যান্য ব’ৰ্ডৰ দ্বাৰা মান্যতাপ্ৰাপ্ত সকলো বিষয়ৰে পাঠ্যক্ৰম আছে। ইংৰাজী, গণিত, বিজ্ঞানৰ লগতে সকলো বিষয় ইয়াৰ অন্তৰ্ভুক্ত আছে। ইয়াত উৰ্দু মাত্ৰ এটা বিষয় হিচাপে অধ্যয়ন কৰিব লাগে, তাকো ঐচ্ছিক।
দৈনিক গণ অধিকাৰ ঃ উৰ্দু ব’ৰ্ডৰ মাধ্যম কি?
ড০ আহমেদ ঃ যিকোনো মাধ্যমতে উৰ্দু শিক্ষা ব’ৰ্ডত অধ্যয়ন কৰিব পাৰিব। অসমত অসমীয়া মাধ্যমত অধ্যয়ন কৰিব পাৰিব।
দৈনিক গণ অধিকাৰ ঃ ইয়াৰ গ্ৰহণযোগ্য সন্দৰ্ভত বুজাই ক’ব নেকি?
ড০ আহমেদ ঃ উৰ্দু শিক্ষা ব’ৰ্ডৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নহয়, তাৰ বাবে সময়ে সময়ে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে বিভিন্ন ৰাজ্যলৈ পত্ৰ প্ৰেৰণ কৰিছে। দিল্লী বিশ্ববিদ্যালয়, জামিয়া মিলিয়া ইছলামিয়া, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, আলীগড় মুছলিম বিশ্ববিদ্যালয়কে আদি কৰি সকলোৱে ইতিমধ্যে উৰ্দু ব’ৰ্ডক মান্যতা প্ৰদান কৰিছে।
দৈনিক গণ অধিকাৰ ঃ উৰ্দু শিক্ষা ব’ৰ্ড চৰকাৰৰ দ্বাৰা অধিসূচিত নে?
ড০ আহমেদ ঃ হয়। উৰ্দু শিক্ষা ব’ৰ্ড ভাৰত চৰকাৰৰ অধিসূচনা নং ইউইবি/জি এন/২০১৪-১৫/৫৮১ তাৰিখ ১ জুন, ২০১৫ৰ দ্বাৰা অধিসূচনা ব’ৰ্ড।
দৈনিক গণ অধিকাৰ ঃ উৰ্দু ব’ৰ্ডৰ প্ৰমাণ-পত্ৰ অন্যান্য সাধাৰণ স্কুলৰ সমপৰ্যায়ৰ নে?
ড০ আহমেদ ঃ হয়। উৰ্দু শিক্ষা ব’ৰ্ডৰ দ্বাৰা জাৰি কৰা অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ প্ৰমাণ-পত্ৰ চিঠি এফ নং৩(৩০)/২০১৫-চি ডব্লিউ চি (মেইন)/২১১ তাৰিখ ১৪-০৫-২০১৫ মতে অন্যান্য ¦³¨লৰ সমপৰ্যায়ৰ।
দৈনিক গণ অধিকাৰ ঃ কৰ্মসংস্থানৰ ক্ষেত্ৰত বাধা হ’ব নেকি?
ড০ আহমেদ ঃ নহয়। ইতিমধ্যে উৰ্দু শিক্ষা ব’ৰ্ডৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিৰক্ষা, গৃহ মন্ত্ৰালয়, বেচৰকাৰী প্ৰতিষ্ঠান, ৰাজহুৱা খণ্ডৰ উদ্যোগ, কৰ্প’ৰেট আদিত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে।
দৈনিক গণ অধিকাৰ ঃ উৰ্দু শিক্ষা ব’ৰ্ডৰ ছাত্ৰ-ছাত্ৰীয়ে পেছাদাৰী/বৃত্তিমূলক পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিবনে?
ড০ আহমেদ ঃ পাৰিব। পাৰিব। চিকিৎসক, ইঞ্জিনীয়াৰিং, কম্পিউটাৰ, বিজ্ঞান, ফাৰ্মাচী, নাৰ্ছিং আদি সকলোতে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰিব। উৰ্দু ব’ৰ্ডৰ প্ৰমাণ-পত্ৰ পাছপ’ৰ্ট বনোৱাৰ ক্ষেত্ৰতো গ্ৰহণযোগ্য বিবেচিত হৈছে।
দৈনিক গণ অধিকাৰ ঃ কোনে কোনে অধ্যয়ন কৰিব পাৰিব?
ড০ আহমেদ ঃ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে দুৰ্বল, দৰিদ্ৰ, বঞ্চিত, আধাতে বিদ্যালয় এৰি দিয়া, গৃহিনী, শ্ৰমিক সকলোৱে অধ্যয়ন কৰিব পাৰিব।
দৈনিক গণ অধিকাৰ ঃ মাচুলৰ পৰিমাণ কিমান ?
ড০ আহমেদ ঃ অন্যান্য মুক্ত শিক্ষাৰ দৰেই কম খৰচ।
দৈনিক গণ অধিকাৰ ঃ উৰ্দু শিক্ষা ব’ৰ্ডৰ কাৰ্যালয় ক’ত আৰু ইয়াৰ অধ্যয়ন কেন্দ্ৰ ক’ত ক’ত আছে?
ড০ আহমেদ ঃ আমাৰ কাৰ্যালয় গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত অস্থায়ীভাৱে স্থাপন কৰা হৈছে। অতিশীঘ্ৰে সমগ্ৰ অসমতে ইয়াৰ অধ্যয়ন কেন্দ্ৰ স্থাপন কৰা হ’ব। উত্তৰ পূৰ আটাইকেইখন ৰাজ্যৰ মুখ্য কাৰ্যালয় গুৱাহাটীত স্থাপন কৰা হ’ব।