Home অসম জলসিঞ্চন বিভাগত বৃহৎ কেলেংকাৰিৰ অভিযোগ আৰ টি আই কম :াজ্যত পি এম...

জলসিঞ্চন বিভাগত বৃহৎ কেলেংকাৰিৰ অভিযোগ আৰ টি আই কম :াজ্যত পি এম কে এছ ৱাই-এইছ কে কে পি আঁচনিত ৫০০ কোটিৰ দুন¹তি

74
0

ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৫ অক্টোবৰ: সোণোৱাল চৰকাৰৰ কাৰ্যকালত তদানীন্তন জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বিভাগত বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ আজি তেজপুৰস্থ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি আৰ টি আই কম¹ তথা অৰণ্য সুৰক্ষা সমিতি, অসমৰ সদস্য দিলীপ নাথে অভিযোগ কৰে যে, প্ৰধানমন্ত্ৰী জলসিঞ্চন যোজনা [পি এম কে এছ ৱাই] ৰ অধীনস্থ এইছ কে কে পি অৰ্থাৎ প্ৰত্যেক কৃষি পথাৰলৈ পানী শীৰ্ষক প্ৰকল্পৰ অধীনত অসমৰ কৃষকক খেতি পথাৰত পানী যোগান ধৰাৰ নামত সৌৰ শক্তি আৰু বিদ্যুৎ চালিত নলী-নদ আঁচনিৰ নামত ২০১৯-২০ বৰ্ষ আৰু ২০২০-২১ বৰ্ষৰ বাবদ প্ৰায় ৫০০ কোটি টকা মুকলি কৰি দিলে৷ তদানীন্তন জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ কাৰ্যকালত ৰাজ্যখনৰ ২০ খন জিলাত সৌৰ শক্তি আৰু বিদ্যুৎ চালিত নলী-নাদ নিৰ্মাণ প্ৰকল্পৰ নামত ২০৯,৬৮,১৩,৫৭৮ টকা আৰু দ্বিতীয় পৰ্যায়ত ২৪ খন জিলাত উক্ত প্ৰকল্পৰ বাবে ২৪০,৪৮,৩১,৯২০ টকা মুকলি কৰি দিলে৷ আঁচনিত ব্যৱহাৰ হোৱা পি ভি চি পাইপ যোগানৰ ঠিকা লাভ কৰিছিল মেচাৰ্চ ব্ৰহ্মপুত্ৰ উদ্যোগ প্ৰাঃ লিমিটেড নামৰ গুৱাহাটী পান বজাৰস্থিত এটা প্ৰতিষ্ঠানে৷ প্ৰতিখন জিলাত এই প্ৰতিষ্ঠানটিয়ে পি ভি চি পাইপ যোগান ধৰিছিল৷ অভিযোগকাৰী দিলীপ নাথে কয় যে, আঁচনিত যোগান ধৰিবলৈ দিয়া প্ৰাক্‌ কলন অনুসৰি চৰকাৰে নিবিদাৰ যোগে গৃহীত কৰা মূল্য দেখিলে সাধাৰণ জনতাৰ চকু কঁপালত উঠিব৷ সাধাৰণ চহৰৰ সৰু দোকানত উন্নত মানৰ পি ভি চি চলভেKI× চিমেKI× [এক লিটাৰ] বটলৰ মূল্য ৩৫০ টকা৷ কিন্তু মন্ত্ৰী ভৱেশ কলিতাৰ কাৰ্যকালত ইয়াৰ বিপৰীতে ধন মুকলি কৰি দিছিল ৬২৫ টকাকৈ৷ ঠিক তেনেকৈ বজাৰত ১৫০দ্ধ১০০ পি ভি চি ৰিডিউচাৰৰ মূল্য ৩৫০ টকা, কিন্তু ঠিকাদাৰক চৰকাৰে দিছে ৯৪৩ টকা৷ ইয়াৰোপৰি ১৫০ এম এম পি ভি চি এন কেপৰ মূল্য বজাৰত ২৯০ টকা, কিন্তু চৰকাৰী বিভাগে ঠিকাদাৰক দিছে ২১৯ টকা৷ এয়া মাত্ৰ কেইটামান উদাহৰণ হে বুলি কোৱাৰ লগতে নাথে সৌৰ শক্তি চালিত নলী-নাদ আঁচনিখনত ইটা, ৰড, দৰ্জা-খিড়িকীৰে পাম্প হাউচ বনাই দিব লাগিছিল যদিও কোনো এটা প্ৰকল্পতে ইটা ৰডৰ কাম নকৰিলে ঠিকাদাৰ প্ৰতিষ্ঠানে গুৰুতৰ অভিযোগ তোলে৷ প্ৰতিটো সৌৰ শক্তি চালিত নলী-নাদ আঁচনি প্ৰাককলন অনুসৰি ৪১ টা সামগ্ৰীৰে নিৰ্মাণ কৰিব লাগিছিল যদিও মাত্ৰ ১০-১২ বিধ সামগ্ৰী ব্যৱহাৰ কৰিয়েই আঁচনিৰ সিংহভাগ ধন অভিযন্তা আৰু ঠিকাদাৰে মিলি আত্মসাৎ কৰিছে বুলি আৰ টি আই কম¹ দিলীপ নাথে আজি সংবাদমেলখনত বিষ্ফোৰক অভিযোগ উত্থাপন কৰে৷ আজি সংবাদমেলযোগে নাথে আৰু কয় যে, বিদ্যুৎ চালিত নলী-নাদ আঁচনিত প্ৰাককলন অনুসৰি ৪৩ টা সামগ্ৰী ব্যৱহাৰ কৰিব লাগিছিল যদিও মাত্ৰ জ্জ্ব-১০ টা সামগ্ৰীৰে কাম সম্পূৰ্ণ কৰি বিভাগীয় বিষয়া আৰু ঠিকাদাৰে লুটিপুতি খোৱা বুলিও গুৰুতৰ অভিযোগ তোলে৷ প্ৰতিটো সৌৰ শক্তি চালিত নলী-নাদ আঁচনিৰ মূল্য ৬ লাখ ৬ হাজাৰ আৰু বিদ্যুৎ চালিত নলী নাদ আঁচনিৰ মূল্য চ্ছ্ৰ লাখ ২৭ হাজাৰ ২০০ টকা বুলি উল্লেখ কৰি নাথে আৰু কয় যে, অসমৰ কৃষকক ৰাম ঠগন দি ঠিকাদাৰ-প্ৰতিষ্ঠানৰ লগত গোপন বুজাবুজিৰে বিজেপি নেতৃত্বাধীন চৰকাৰে কংগ্ৰেছ চৰকাৰতকৈ এখোপ ওপৰলৈ গৈ জলসিঞ্চন বিভাগৰ আঁচনিৰ নামত কৃষক ৰাইজক ৰাম ঠগন দিলে৷ ব’ৰিং কৰে ৬ ইঞ্চি আৰু পানী ওলাই আহে ২ ইঞ্চি পাইপেৰে৷ যাৰ বাবে এতিয়া এবিঘা মাটিৰ জলসিঞ্চনৰ বাবে প্ৰয়োজন হয় প্ত-৬ দিনৰ৷ মন্ত্ৰী ভৱেশ কলিতাৰ কাৰ্যকালত জলসিঞ্চন বিভাগত সংঘটিত এই দুন¹তিৰ ক্ষেত্ৰত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে কি ভূমিকা গ্ৰহণ কৰে তাকো লৈ প্ৰশ্ন উত্থাপন কৰে আৰ টি আই কম¹গৰাকীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here