Home স্থানীয় জলসিঞ্চন মন্ত্ৰী অশোক সিংহলৰ সমষ্টি ঢেকীয়াজুলিত ঠায়ে ঠায়ে খৰাং : বৰষুণৰ পৰিমাণ...

জলসিঞ্চন মন্ত্ৰী অশোক সিংহলৰ সমষ্টি ঢেকীয়াজুলিত ঠায়ে ঠায়ে খৰাং : বৰষুণৰ পৰিমাণ কম হোৱাত খেতি নামিব নোৱাৰি মূৰে কপালে হাত দিছে কৃষকে

70
0

উপায়ুক্তই পৰিদৰ্শন কৰিলে খৰাং সদৃশ অঞ্চল

গণবাৰ্তা বিশেষ, ঢেকীয়াজুলি, ২১ জুলাই : কভিডৰ আতংক আৰু তলাবন্ধৰ মাজতেই কৃষিজীৱী লোক সকলে কৃষিভুমিত শালি ধান খেতিৰ বাবে মাটি চহাই যাৱতীয় প্ৰস্তুতি চলাইছে যদিও জলসিঞ্চনৰ অভাৱত কৃষি পথাৰত কঠিয়া ৰুৱ পৰা নাই ৷ জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ পৰিপেক্ষিতত বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰা ঢেকীয়াজুলিৰ উত্তৰ পশ্চিম অঞ্চলৰ কৃষকে ৰাইজে বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে কঠীয়া ৰু’ব পৰা নাই ৷ ইয়াকে লৈ কৃষক ৰাইজ বাৰুকৈ উদ্বিগ্ন হৈ পৰিছে ৷ উল্লেখ্য যে, ৰাজ্যৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ সমষ্টি ঢেকীয়াজুলিৰ বিভিন্ন অঞ্চলৰ ৰাইজে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি কৃষি কাৰ্য সম্পাদন কৰি আহিছে ৷ কিন্তু এইবাৰ বৰষুণৰ পৰিমাণ যথেষ্ট কম হোৱাত ইয়াৰ কৃষক ৰাইজে শালি ধানৰ কঠীয়া ৰু’ব পৰা নাই ৷ ঢেকীয়াজুলি সমষ্টিৰ পাচনৈ, হুগ্ৰাজুলি,চেমৰাজুলি,ৰাক্ষসমাৰী অঞ্চলৰ কৃষক সকলে শালি ধানৰ কঠীয়া লগাব পৰা নাই ৷ বৰষুণৰ অপেক্ষাত তেওঁলোক হাত সাৱতি বহি থাকিব লগীয়া হৈছে । ঢেকিয়াজুলি সমষ্টিৰ হুগ্ৰাজুলি,চেমৰাজুলি আৰু পাচনৈ অঞ্চলত এইবাৰ খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ পানীৰ অভাৱত কৃষক ৰাইজে কঠীয়া ৰুব নোৱাৰি হতাশাত ভুগিছে ৷ কঠিয়া ৰুবলৈ সাজু কৰা কৃষি পথাৰ শুকাই ফাট মেলিছে ৷ ভৰ বাৰিষাত হুগ্ৰাজুলি-পাচনৈত খৰাং সদৃশ পৰিস্থিতিৰ বাবে অঞ্চলটোত কৃষক ৰাইজ অধিক চিন্তিত হৈ পৰিছে ৷ উল্লেখ্য যে, কেইবছৰ পূৰ্বে এই অঞ্চলত জলসিঞ্চনৰ এটা আঁচনি স্থাপন কৰা হৈছিল যদিও বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ সেয়া বিকল হৈ পৰি আছে ৷ জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ বাবে এই অঞ্চলৰ কৃষক ৰাইজে বৰষুণৰ পানীৰ অপেক্ষাত থাকিবলগীয়া হৈছে ৷ ইপিনে ধান খেতিৰ বাবে কৃষকে যাৱতীয় প্ৰস্তুতি চলোৱাৰ বৰষুণৰ অভাৱত তেওঁলোক থমকি ৰ’বলগীয়া হৈছে ৷ বনাঞ্চল ধ্বংসৰ ফলত এই অঞ্চলত বৰষুণৰ পৰিমাণ কমি আহিছে বুলি সচেতন ৰাইজে প্ৰকাশ কৰিছে ৷ আজি শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে ঢেকীয়াজুলিৰ হুগ্ৰাজুলি-পাচনৈ অঞ্চলৰ খৰাং পৰিস্থিতি বুজ ল’লে ৷ আজি বিয়লি জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে জলসিঞ্চন বিভাগৰ বিষয়া-অভিযন্তা,কৃষি বিষয়া,ৰাজহ চক্ৰ বিষয়াক লগত লৈ ঢেকীয়াজুলিৰ হগ্ৰাজুলি,পাচনৈ,ৰাক্ষসমাৰী অঞ্চল উপস্থিত হৈ খৰাং পৰিস্থিতিৰ বুজ লয় ৷ ক্ষতিগ্ৰস্ত কৃষকক সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিব বুলি উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here