Home মতামত ইছলাম ধৰ্ম আৰু ধৰ্ম নিৰপেক্ষতাৰ ধাৰণা

ইছলাম ধৰ্ম আৰু ধৰ্ম নিৰপেক্ষতাৰ ধাৰণা

284
0

খবিৰ আহমেদ

মুছলমান সকলৰ বহুতেই উদাৰ পন্থী (Moderate or liberal) মুছলমান বুলি পৰিচয় দিয়ে। আন কিছুমানে নিজকে ধৰ্ম নিৰপেক্ষ (Secular) মুছলমান বুলিও কয়। ইফালে বহুতেই আকৌ ‘উদাৰ পন্থী’ আৰু ‘ধৰ্ম নিৰপেক্ষ’ এই দুয়োটা শব্দ একাকাৰ বা সমাৰ্থক কৰি পেলায়। দৰাচলতে উদাৰ পন্থা আৰু ধৰ্ম নিৰপেক্ষতা শব্দ দুটা সমাৰ্থক নহয়। দুয়োটা শব্দৰেই অৰ্থ আৰু ব্যাখ্যাৰ মাজত সুস্পষ্ট পাৰ্থক্য আছে। ইছলাম ধৰ্মত বিশ্বাসী মুছলমান সকল  প্ৰকৃত অৰ্থত উদাৰপন্থী হ’ব পাৰে নে নেৱাৰে? আৰু হ’লেও কিমান উদাৰ হ’ব পাৰে সেই বিষয়ে আমি পিছলৈ আলোচনা কৰিমহ’ক। আজি আমি আলোচনা কৰিব বিচাৰিছো ইছলাম ধৰ্ম আৰু ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাৰ ওপৰত।

ইছলাম ধৰ্মীয় মানুহ এজন সঁচা অৰ্থত ধৰ্ম নিৰপেক্ষ হ’ব পাৰেনে ? এই প্ৰশ্নৰ উত্তৰ পাবলৈ হ’লে ধৰ্ম নিৰপেক্ষতাৰ সম্পৰ্কে আমাৰ এটা স্পষ্ট ধাৰণা থাকিব লাগিব। ৰাষ্ট্ৰ এখনৰ ৰাজনৈতিক, সামজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশবোৰৰ পৰা ধৰ্মক সম্পূৰ্ণ বেলেগ কৰি ৰখাটোৱেই ধৰ্ম নিৰপেক্ষ ব্যৱস্থা। এই ব্যৱস্থাত ধৰ্মই কেতিয়াও সমাজ, শিক্ষা আৰু চৰকাৰী কাম কাজত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত ধৰ্ম এটা সম্পূৰ্ণ ব্যক্তিগত কথা। ৰাষ্ট্ৰ আৰু ধৰ্মৰ মাজত কোনো সম্পৰ্ক নাই। প্ৰকৃত পক্ষে ধৰ্ম নিৰপেক্ষতা হৈছে এনেকুৱা এটা দৰ্শন যি দৰ্শনে সকলো ধৰ্মীয় বিশ্বাসক নাকচ কৰে। এই দিশৰ পৰা চাবলৈ গলে সঁচা অৰ্থত ধৰ্ম নিৰপেক্ষ পৰিৱেশ পৃথিবীৰ কোনো দেশতেই পাবলৈ নাই। তথাপি পশ্চিমীয়া উন্নত কিছুমান দেশত দেখা যায় যে ৰাষ্ট্ৰীয় কাম কাজত সাধাৰণ কিছু আনুষ্ঠানিকতা থাকিলেও ৰাজনৈতিক, আৰ্থ-সামাজিক, শৈক্ষিক বা সাংস্কৃতিক জীৱনত ধৰ্মৰ কোনো প্ৰভাৱ নাই। উদাৰণ স্বৰূপে আমি গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ কথাকেই কব পাৰো। গ্ৰেট ব্ৰিটেইনৰ বেছিভাগ নাগৰিকেই খৃষ্টান ধৰ্মৰ প্ৰটেষ্টান্ট ধাৰাটো মানি চলে। তাত দেখা যায় যে ৰাষ্ট্ৰীয় কিছুমান আনুষ্ঠানিকতা খৃষ্টান ধৰ্ম মতেই চলে। সেইবোৰৰ মাজত আছেঃ সংসদৰ কাৰ্য বিৱৰণীৰ আৰম্ভণি, উচ্চ সদনৰ গঠন প্ৰক্ৰিয়া বা সমগ্ৰ ইংলেন্ডত খৃষ্টান ধৰ্ম ৰক্ষাৰ্থে ৰজা-ৰাণীৰ দায় দায়িত্ব ইত্যাদি। কিন্তু গ্ৰেট ব্ৰিটেইনৰ সামাজিক বা নাগৰিক জীৱন সম্পূৰ্ণ ভাবে ধৰ্ম নিৰপেক্ষ। নাগৰিক জীৱনৰ কোনো ক্ষেত্ৰতেই খৃষ্টান ধৰ্মৰ কোনো প্ৰভাব নাই অথবা অনা-খৃষ্টিয়ান নাগৰিক সকলৰ ওপৰত খৃষ্টিয়ান ধৰ্মৰ কোনো বাধা নিষেধো আৰোপ কৰা হোৱা নাই। সেই একেই কথা কব পাৰি আমেৰিকা যুক্ত ৰাষ্ট্ৰ আৰু ইউৰোপৰ আন বহুকেইখন দেশৰ ক্ষেত্ৰতো। চাৰিওফালে এটা মুকলি মুৰীয়া সমাজ। মুক্ত মনৰ মানুহবোৰে অবাধে মনৰ ভাব প্ৰকাশ কৰিব পাৰে, । সংখ্যালঘু সম্প্ৰদায়ৰ কোনো নাগৰিক তাত ধৰ্মীয় কাৰণত হীনমন্যতাত ভূগিব নালাগে বা কোনো ধৰণৰ পক্ষ পাতিত্বৰ সন্মূখীন হ’ব নালাগে।

কিন্তু ইছলামীয় দৰ্শন মতে নাগৰিক জীৱনত এনেকুৱা মুকলি মূৰীয়া পৰিবৱেশ নাই। এইয়া ইছলাম ধৰ্মৰ কোনো সমালোচনা নহয়। ইছলাম ধৰ্মৰ গঠন তন্ত্ৰই এনেধৰণৰ। ইছলামীয় দৰ্শন মতে ধৰ্ম আৰু ৰাষ্ট্ৰ একাকাৰ। ক’বলৈ গ’লে ইছলাম ধৰ্মটো এক প্ৰকাৰ কমুউনিজম (Communism)ৰ দৰে। কমুনিষ্ট ৰাষ্ট্ৰ এখনত কমুনিষ্ট মতবাদ যেনেদৰে সৰ্বগ্ৰাসী, ঠিক তেনেদৰে ইছলামিক ৰাষ্ট্ৰ এখনতো ইছলাম ধৰ্মৰ মতবাদ সৰ্বগ্ৰাসী। কমুনিষ্ট ৰাষ্ট্ৰবোৰত যেনেদৰে নিৰপেক্ষ বোলা কোনো বস্তু নাই ঠিক তেনেদৰে ইছলামিক ৰাষ্ট্ৰতো ধৰ্ম নিৰপেক্ষ বোলা কোনো বস্তু নাই। সেই দেশ সমূহত মানুহৰ নাগৰিক জীৱন হৈছে ৰাষ্ট্ৰীয় মতাদৰ্শৰেই সম্প্ৰসাৰণ। ইয়াৰ কাৰণ হৈছে ইছলাম কেবল এটা ধৰ্ম বা বিশ্বাসেই নহয়, ই এটা সামগ্ৰিক সমাজ ব্যৱস্থা, সম্পূৰ্ণ জীৱন শৈলী আৰু । ইছলাম ধৰ্মৰ প্ৰতিষ্ঠাতা হজৰত মহম্মদ(ছ) কেৱল এজন ধৰ্মগুৰুৱেই নাছিল, তেওঁ আছিল একেধাৰে ধৰ্মগুৰু, ৰাষ্ট্ৰনায়ক, দাৰ্শনিক, কূটনীতিক, সমাজ সংস্কাৰক, বিচাৰক আৰু আদৰ্শ পুৰুষ। ইছলামৰ নিজস্ব দৰ্শন আছে, ৰাষ্ট্ৰ ব্যৱস্থা আছে, বিচাৰ ব্যৱস্থা আছে, সমাজ ব্যৱস্থা চলাবলৈ নীতি নিৰ্দেশনা আছে, ব্যক্তিগত জীৱন যাপন সম্পৰ্কীয় বিধি-বিধান আছে, আছে মৃত্যুৰ পিছত আল্লাহৰ নৈকট্য লাভ কৰাৰ যাৱতীয় নিৰ্দেশ। জন্মৰ পৰা মৃত্যুলৈকে মানুহ এজনৰ সমগ্ৰ জীৱন পৰিক্ৰমা চলাই নিবলৈ যিমান ক্ষূদ্ৰাতিক্ষূদ্ৰ নীতি নিৰ্দেশনাৰ প্ৰয়োজন হয় সেই সকলোবোৰ কথা ইছলাম ধৰ্মৰ মাজত পোৱা যায়।  ইছলামৰ ধৰ্মৰ মৌলিক নীতি অনুসৰি ধৰ্মক ৰাষ্ট্ৰ ব্যৱস্থাৰ পৰা পৃথক কৰিব নোৱাৰি। ৰাষ্ট্ৰ ব্যৱস্থাত ইছলামৰ এই সৰ্বব্যাপী  উপস্থিতিকেই ৰাজনৈতিক ইছলাম (Political Islam) বুলি জনা যায়। সেয়েহে, আৰব, ইৰাক, ইৰাণ, কুৱেইট, আফগানিস্থান আদি ইছলামিক ৰাষ্ট্ৰবোৰৰ নাগৰিক জীৱনত ধৰ্ম নিৰপেক্ষ বোলা কোনো ধাৰণা নাই। অৱশ্যে দেশ ভেদে এই ৰাজনৈতিক ইছলামৰ ৰূপ বেলেগ বেলেগ হয়। 

এনেদৰে গভীৰ ভাবে লক্ষ্য কৰিলে দেখা যায় যে খৃষ্টান সংখ্যাধিক্য থকা দেশ সমূহেই ধৰ্ম নিৰপেক্ষ মতবাদৰ লগত বেচি সহজ সম্পৰ্ক বজাই ৰাখিব পাৰিছে। কিয়নো এই দেশ সমূহে বহু পৰিমাণে ধৰ্ম আৰু ৰাষ্ট্ৰৰ লগত ব্যৱধান ৰক্ষা কৰি চলিব পাৰে। সেই ত্ৰয়োদশ আৰু চতুৰ্দশ শতিকাতেই খৃষ্টান ধৰ্মগুৰু পোপ আৰু ৰজা বিলাকৰ মাজত হোৱা বাদানুবাদৰ পিছতেই খৃষ্টান ধৰ্মৰ লগত ৰাষ্ট্ৰৰ সম্পৰ্কৰ যতি পৰিছিল, যিটো বস্তু ইছলামৰ ক্ষেত্ৰত এতিয়ালৈকে হোৱা নাই আৰু হোৱাৰ কোনো আশাও নাই। গতিকে ইছলাম ধৰ্মৰ পৰিধিৰ ভিতৰত  ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাটো কেৱল আচহুৱাই নহয়, ই একপ্ৰকাৰ অলীক কল্পনাও।

আকৌ এনে কিছুমান দেশ আছে যিবোৰ দেশত মুছলমান সংখ্যাগুৰু যদিও সেইবোৰ দেশত খোলা খুলিকৈ ইছলামিক শ্বাৰিয়া শাসন নাই। আধুনিক শাসন ব্যৱস্থা গণতন্ত্ৰ আৰু ধৰ্ম নিৰপেক্ষ ধাৰণাৰ লগত খোজ মিলাবৰ কাৰণে সেই দেশবোৰে এটা কাম চলাব পৰা সম্পৰ্ক বজাই ৰাখে। বাংলাদেশ, মালেছিয়া, ইন্দোনেছিয়া আৰু তুৰ্কীৰ নিচিনা দেশবোৰ এই শাৰীত পৰে। এইবোৰ দেশত শ্বাৰিয়া আইন নচলে যদিও নাগৰিক জীৱনৰ প্ৰতিটো খোজতেই  ইছলাম ধৰ্মীয় নিয়ম কানুন বিদ্যমান। শ্বৰিয়ত অনুযায়ী ইছলামিক বিধি বিধান জাৰি কৰি সেইবোৰ দেশত মদ খোৱা, গাহৰীৰ মাংস বিক্ৰী বা খোৱা, ৰোজাৰ মাহত ৰাজহুৱা স্থানত খোৱা, নামাজৰ সময়ত সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰখাৰ ওপৰিও এনে বহু বিষয়ৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰা থাকে। আনিক সামাজিক স্থানত তিৰোতাবোৰে কোনবোৰ পোছাক পিন্ধিব পাৰিব, কোনবোৰ নোৱাৰিব সেইবোৰৰ ওপৰতো নীতি নিৰ্দেশনা দিয়া থাকে। ইছলামিক ইতিহাসৰ এটা সময়ত মাত্ৰ দুখনমান দেশেই শ্বাৰিয়া আইনৰ পৰা ওলাই আহি ধৰ্ম নিৰপেক্ষ চৰিত্ৰ আহৰণ কৰিবলৈ মৰসাহ কৰিছিল আৰু সেই দেশ দুখন আছিল তুৰ্কী আৰু ইৰাণ। কিন্তু এই দুয়োখন দেশৰ বাবেই সেই সম্পৰীক্ষা সুখদায়ক নহ’ল। আগৰ এটা লিখাত আমি সেইবোৰ কথা আলোচনা কৰিছিলোঁ। স্বাধীনতাৰ পয়সত্তৰ বছৰ পিছতো আমাৰ চুবৰীয়া দেশ পাকিস্থানেও সেই পৰিচয়ৰ বিৰম্বনাৰ পৰা ওলাই আহিব পৰা নাই। পাকিস্থানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাই কল্পনা কৰিছিল যে ভবিস্যতৰ পাকিস্থান সকলোকে সামৰি লোৱা (Inclusive) এখন ধৰ্ম নিৰপেক্ষ দেশ হ’ব, যিখন দেশত সকলো ধৰ্মৰ মানুহৰেই সমান অধিকাৰ থাকিব। কিন্তু পাকিস্থানৰ পৰবৰ্তী শাসক সকলে এতিয়ালৈকে সিদ্ধান্ত লব নোৱাৰিলে যে পাকিস্থান এখন ধৰ্ম নিৰপেক্ষ দেশ হ’ব নে ইছলামিক দেশ হ’ব। ২০১৮ চনত নিৰ্বাচনত জয়ী হোৱাৰ পিছত প্ৰধান মন্ত্ৰী ইমৰাণ খানে ঘোষণা কৰিছিল যে তেওঁ এনে এখন পাকিস্থানৰ নিৰ্মান কৰিব খোজে যি পাকিস্থান হ’ব মহম্মদ আলী জিন্নাই বিচৰা এখন দেশ আৰু লগতে হজৰত মহম্মদে(ছঃ) সপ্তম শতিকাত আৰবৰ মদিনাত প্ৰতিষ্ঠা কৰা দেশৰ দৰে: ‘(The kind of country that our leader Mohammad Ali Jinnah wanted and the type of state established by prophet Mohammad in the city of Medina). দৰাচলতে, ইমৰাণ খানৰ এই বক্তব্যই প্ৰমাণ কৰে যে পাকিস্থান এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হ’ব নে শ্বাৰিয়া আইন মতে এখন ইছলামিক ৰাষ্ট্ৰ হ’ব সেই লৈ এতিয়াও ৰাষ্ট্ৰখনৰ বিভ্ৰান্তি শেষ হোৱা নাই।

এই দুদুল্যমান অৱস্থাৰ কাৰণ কি ? ইয়াৰ কাৰণ হৈছে নাগৰিক সকলৰ সামাজিক আৰু ব্যক্তিগত জীৱনত থকা ইছলামৰ মৌলিক দৰ্শন (তৌহিদ) আৰু আনুষ্ঠানিকতাৰ কটকটীয়া বান্ধোন। সেই বান্ধোনৰ পৰা ওলাই আহিবলৈ কোনেও সাহস নকৰে। আৰু যদি কোনোবাই সাহস কৰে তেনেহ’লে তেওঁলোকৰ অৱস্থা ছালমান ৰুছদি আৰু তছলিমা নাছৰিণৰ দৰেই হয়। লেখক, বুদ্ধিজীৱি, ডাক্তৰ, ইঞ্জিনীয়াৰ, উকিল, অধ্যাপক—যিসকলে নিজকে আধুনিক আৰু উদাৰ পন্থী বুলি ভাবে, তেওঁলোকেও সেই বান্ধোন আৰু কট্টৰ পন্থী সকলৰ ভয়ত ত্ৰস্তমান হৈ থাকে। ধৰ্মক লৈ মুছলমান সমাজ যিমান সংবেদনশীল, পৃথিবীৰ অন্য কোনো বিষয় লৈ তেওঁলোক সিমান সংবেদনশীল নহয়। মুছলমান মানুহ এজনে ধৰ্মৰ এই বান্ধোনৰ পৰা ওলাই অহাটো খুবেই জটিল। এই বান্ধোন বা বিশ্বাসৰ কিঞ্চিত হেৰফেৰ হলেই তেওঁৰ ‘ইমান’ নষ্ট হ’ব আৰু কাৰোবাৰ ‘ইমান’ সোলোক ঢোলোক হোৱা মানে তেওঁৰ ধৰ্ম নষ্ট হোৱা। দ্বিতীয়তে, পৃথিবীৰ অইন কোনো ধৰ্মই মানুহৰ জীৱনৰ পৰা ইমান সময় আৰু আনুষ্ঠানিক উপচাৰিতা দাবী নকৰে। হিন্দু সকলে পূজা কৰে, খৃষ্টান সকলে প্ৰতি দেওঁবাৰে গীৰ্জালৈ যায়। কিন্তু ইছলাম ধৰ্মই ইয়াৰ অনুগামী সকলক দিনত পাঁচবাৰ নামাজ পঢ়িবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশ অত্যন্ত কঠিন আৰু কঠোৰ। ব্যক্তি এজনৰ চৈধ্য বছৰ বয়স হোৱাৰ লগে লগে তেওঁৰ বাবে নামাজ আৰু ৰোজা বাধ্যতামূলক হৈ যায়। কোনো অৱস্থাতেই নামাজ ৰোজাৰ পৰা ৰেহাই নাই। বেমাৰ থাকিলে বা বিদেশত ভ্ৰমণৰত অৱস্থাত নামাজ ৰোজা পালন কৰিব নোৱাৰিলেও ইয়াৰ ক্ষতিপূৰণ হিচাপে পৰবৰ্তী সময়ত ৰোজা ৰাখিবই লাগিব, নামাজ পঢ়িবই লাগিব। চলন্ত ৰেলগাড়ীতেই হওঁক বা সাগৰৰ কোনো গভীৰ অভ্যন্তৰেই হওঁক—নামজৰ পৰা কোনো অৱস্থাতেই ৰেহাই নাই।

‘The House of Islam: A Global History’ নামৰ গ্ৰন্থখনত এজন ধাৰ্মিক মুছলমানৰ বৰ্ণনা দিয়া হৈছে এনেদৰেঃ ‘এজন নিষ্ঠাবান মুছলমান যেতিয়া ৰাতিপুৱা টোপনিৰ পৰা সাৰ পায় তেতিয়া তেওঁ ৰাতিটো সুকলমে পাৰ হোৱা বাবে আৰু তেওঁলৈ এটা নতুন দিনৰ উপহাৰ দিয়া বাবে আল্লাহক ধন্যবাদ দিয়ে। গোটেই দিনটোত যেতিয়া তেওঁ নামাজত থিয় দিয়ে, যেতিয়া ৰুকুত যায়, কোৰাণৰ ছুৰা পাঠ কৰে, বা যেতিয়া ছিজদা দিয়ে আৰু যেতিয়া তেওঁ আল্লাহক প্ৰশংসা কৰে— এই সকলো সময়তেই তেওঁ হজৰত মহম্মদ(ছঃ)ৰ জীৱনাদৰ্শক অনুকৰণ কৰে। ৰছুলুল্লাহে পিন্ধাৰ দৰেই তেওঁ প্ৰথমে সোঁভৰিত ছেন্ডেলখন পিন্ধে। বাথৰুমত সোমাওঁতে প্ৰথমে বাওঁ ভৰিখন আগুৱাই দিয়ে। দাতঁবোৰ সোঁফালৰ পৰা বাওঁফাললৈ ঘঁহে। গা ধুৱা আৰু  আন ক্ৰিয়া কৰ্ম শেষ হ’লে আকৌ সোঁভৰিখন আগুৱাই দি তেওঁ বাথৰুমৰ পৰা ওলাই আহে। তাৰ পিছত পশ্চিম ফালে মুখ কৰি থিয় হৈ তেওঁ প্ৰাৰ্থনা কৰে। এজন নিষ্ঠাবান মুছলমানৰ হালাল খাদ্য খোৱা লোৱাৰ পৰা আৰম্ভ কৰি শালীন পোছাক পৰিচ্ছদলৈকৈ কোৰাণ আৰু হজৰত মহম্মদ(ছ) জীৱনাদৰ্শৰ দ্বাৰা প্ৰভাবান্বিত।

এনেবোৰ কাৰণতেই ইছলামিক দেশবোৰে আটাইতকৈ উত্তম শাসন ব্যৱস্থা গণতন্ত্ৰ আৰু ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাৰ লগত  সহ অৱস্থান কৰিব পৰা নাই। অবশ্যে এই কথাও ঠিক যে সংবিধান মতে আমাৰ দেশ ভাৰত বৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ হ’লেও ক্ৰমে ক্ৰমে সমাজৰ পৰা ধৰ্ম নিৰপেক্ষতাৰ ধাৰণা উৱলি গৈ আছে। সেই কথা আলোচনা কৰিম অন্য এদিন। 

[ লেখকৰ ফোন নম্বৰ:  9954033111 ]

LEAVE A REPLY

Please enter your comment!
Please enter your name here