Home অসম ইছলাম ধৰ্ম , মুছলমান সমাজ আৰু সংবাদ মাধ্যম

ইছলাম ধৰ্ম , মুছলমান সমাজ আৰু সংবাদ মাধ্যম

302
0


খবিৰ আহমেদ, ১৭ জানুৱাৰী: সাম্প্ৰতিক সমাজ জীৱনত সংবাদ মাধ্যমৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ৷ যোগাযোগ, তথ্যৰ সৰবৰাহ আৰু মনোৰঞ্জনৰ বাহিৰেও সংবাদ মাধ্যমে জনমত গঠন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইচ্ছা কৰিলে সংবাদ মাধ্যমে চৰকাৰ, ৰাজনৈতিক দল অথবা কোনো ব্যক্তি বিশেষক প্ৰচাৰৰ জৰিয়তে বহু ওপৰলৈ লৈ যাব পাৰে; আনহাতে ইচ্ছা কৰিলে ইয়াৰ বিপৰীতে সমাজত কুৎসা, ৰতনা কৰি এওঁলোকৰ প্ৰভুতঃ পৰিমাণে ক্ষতিও কৰিব পাৰে৷ বাতৰি পৰিৱেশন আৰু জনমত গঠনৰ জৰিয়তে সংবাদ মাধ্যমে সমাজত শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ বজাই ৰাখিব পাৰে৷ আকৌ বিচাৰিলে একপক্ষীয় বাতৰি পৰিৱেশন আৰু অপপ্ৰচাৰৰ জৰিয়তে সমাজত অশান্তিও বিয়পাব পাৰে৷ সংবাদ মাধ্যমে ইচ্ছা কৰিলে কোনো জাতি, জনগোষ্ঠী, দল-সংগঠন বা ধৰ্মীয় গোটৰ ধাৰণাবোৰ শুদ্ধ আৰু সঠিক ৰূপত পৰিৱেশন কৰি সমজুৱালৈ এটা সঠিক বাৰ্তা দিব পাৰে৷ ইয়াৰ বিপৰীতে সেইবোৰৰ বিকৃত বা অপব্যাখ্যা কৰি সমাজত সেই দল-সংগঠন বা ধৰ্মীয় গোটবোৰৰ ভাবমূৰ্তি বেয়া কৰিব পাৰে৷সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমত ইছলাম ধৰ্ম আৰু মুছলমান সমাজৰ ভাবমূৰ্তি এটা বহু চৰ্চিত বিষয়৷ সততেই শুনা যায় যে পশ্চিমীয়া সংবাদ মাধ্যম আৰু অতি সম্প্ৰতি একাংশ ভাৰতীয় সংবাদ মাধ্যমেও ইছলাম ধৰ্ম আৰু মুছলমান সমাজ সম্পৰ্কে অপপ্ৰচাৰ আৰু উৰাবাতৰি প্ৰকাশ কৰি আছে৷ সংবাদ মাধ্যমত মুছলমানসকলৰ ভাবমূৰ্তি সম্পৰ্কে আলোচনা কৰিবলৈ হ’লে কথাটো আমি দুটা দিশৰ পৰা আলোচনা কৰিব লাগিব৷ এটা হৈছে ইছলাম ধৰ্ম আৰু মুছলমান সম্পৰ্কে পশ্চিমীয়া সংবাদ মাধ্যমৰ ধ্যান-ধাৰণা; আন এটা হৈছে ভাৰতীয় সংবাদ মাধ্যমত ইছলাম ধৰ্ম আৰু মুছলমান সমাজ সম্পৰ্কে প্ৰচাৰ কৰা ধ্যান-ধাৰণা৷ পশ্চিমীয়া সংবাদ মাধ্যম সম্পৰ্কে মুছলমান সমাজত সৰু এটা ভুল ধাৰণা আছে, যিটো নেকি সত্যৰ ওপৰত আধাৰিত নহয়৷ অৱশ্যে এই ভুল ধাৰণা যে কেৱল ভাৰতীয় মুছলমানসকলৰ মাজত বিদ্যমান তেনে কথা নহয়; পৃথিৱীৰ সকলো মুছলমান দেশতেই এই ভুল ধাৰণা কম-বেছি পৰিমাণে বিদ্যমান৷ খৃষ্টান ধৰ্মৰ লগত ইছলাম ধৰ্মৰ তেনে কোনো প্ৰতিদ্বন্দ্বিতা নাছিল, কিন্তু দুয়োটা ধৰ্মাৱলম্বী দেশবোৰৰ শাসকসকলৰ মাজত ৰাজনৈতিক অৰিয়াঅৰি চলি আহিছিল অতীজৰে পৰা৷ মুছলমানসকলে ভাবি থাকে যে যিহেতু পশ্চিমীয়া সকলো সংবাদ মাধ্যম আৰু সাংবাদিক খৃষ্টান ধৰ্মাৱলম্বী, গতিকে পশ্চিমীয়া সংবাদ মাধ্যম আৰু সাংবাদিকসকলে সদায় ইছলাম ধৰ্ম আৰু মুছলমানৰ অপপ্ৰচাৰ কৰি থাকে৷ কথাবোৰ সম্পূৰ্ণ সঁচা নহয়৷ সংবাদ মাধ্যমৰ মালিক গোষ্ঠী আৰু সাংবাদিকসকল খৃষ্টান হোৱাৰ বাবেই যে পশ্চিমীয়া সংবাদ-পত্ৰত ইছলাম আৰু মুছলমানসকলৰ বিষয়ে বিকৃত বাতৰি পৰিৱেশন কৰে তেনেকুৱা নহয়৷ দৰাচলতে পশ্চিমীয়া সংবাদ মাধ্যমে মুছলমানসকলৰ ওপৰত এটা বৈৰী মনোভাব পোষণ কৰাৰ কাৰণ ধৰ্ম নহয়, ৰাজনীতিহে৷ পশ্চিমীয়া সোঁপন্থী ৰাজনীতি আৰু মুছলিম বিশ্বৰ সোঁপন্থী ৰাজনীতিৰ লগত শত্ৰুতা বহুতো পুৰণি৷ মধ্য যুগত ইছলামিক সম্ৰাজ্য বিস্তাৰ আৰু তাৰ কেইবাশ বছৰ পিছত গ্ৰেটব্ৰিটেইন সমন্বিতে পশ্চিমীয়া শক্তিবোৰে মুছলমানসকলৰ হাতৰ পৰা এখন এখনকৈ সেই দেশবোৰক অধীনলৈ অনা ঘটনা-পৰিঘটনাবোৰ আলোচনাধীন সমস্যাৰ লগত জড়িত আছে৷ মধ্য প্ৰাচ্যৰ আৰব ৰাষ্ট্ৰসমূহত অসীমিত তৈল ভাণ্ডাৰৰ মজুত, তাৰ নিষ্কাশন আৰু ব্যৱহাৰৰ ৰাজনীতিও ইছলাম আৰু মুছলমান সম্পৰ্কে প(মীয়া সংবাদ মাধ্যমৰ দৃষ্টিভংগীৰ লগত জড়িত৷ এই সন্দৰ্ভত প্ৰসিদ্ধ সমাজ বিজ্ঞানী আজগৰ আলী ইঞ্জিনীয়াৰে ব্যাখ্যা কৰিছে এনেদৰে – ‘মধ্য যুগত মুছলমান সম্ৰাজ্যৰ জয়জয়াকাৰ হৈছিল৷ পুনৰ জাগৰণৰ পিছৰে পৰা পৃথিৱীখনত ইউৰোপৰো প্ৰভাৱ বৃদ্ধি হ’ল৷ ইউৰোপীয় দেশবোৰে বিজ্ঞান আৰু কাৰিকৰী বিদ্যাৰ ক্ষেত্ৰত আশাতীতভাৱে উন্নতি সাধন কৰিলে আৰু এছিয়ান তথা আফ্ৰিকান দেশবোৰত নিজৰ উপনিৱেশ স্থাপন কৰিব ধৰিলে৷ এই দেশবোৰতো খৃষ্টানসকলে মুছলমানসকলৰ প্ৰতিদ্বন্দ্বিতাৰ সমুখীন হ’বলগীয়া হ’ল৷ ভাৰতবৰ্ষত সম্ৰাজ্য স্থাপন কৰিবলৈ গৈ ব্ৰিটিছসকলে মোগলসকলক পৰাজিত কৰিবলগীয়া হ’ল৷ নক’লেও হয় যে ক্ষমতা লাভৰ বাবে চলা এনে যুঁজৰ ফলস্বৰূপে ইউৰোপীয়ানসকলৰ মনত ইছলাম তথা মুছলমানসকলৰ প্ৰতি এক গভীৰ বিদ্বেষ ভাবৰ সৃষ্টি হ’ল৷’ দৰাচলতে এইবোৰ কথাকেই অধ্যাপক ছেমুৱেল হাটিংটনে তেওঁৰ বিখ্যাত গ্ৰন্থ ‘The Clash of Civilisation’ত বৰ্ণনা কৰিছে৷ ভাৰতবৰ্ষত মুছলমানসকলে ছশ বছৰ ৰাজত্ব কৰাৰ পিছত ব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা শাসনভাৰ কাঢ়ি নিয়ে৷ এই ঘটনাৰ পিছত ভাৰতৰ হিন্দু সম্প্ৰদায় একপ্ৰকাৰ উল্লসিত হৈ পৰে৷ ইয়াৰ বিপৰীতে মুছলমান আৰু প(মীয়া শক্তিসমূহৰ মাজত যি বৈৰী ভাবৰ সৃষ্টি হৈছিল সেই বৈৰী ভাব আৰু অধিক ঘনীভূত হয়, যিয়ে নেকি আজিলৈকে ইছলাম আৰু মুছলমান সম্পৰ্কে পশ্চিমীয়া সংবাদ মাধ্যমৰ দৃষ্টিভংগী নিৰ্ণয় কৰাত সহায় কৰি আহিছে৷ অৱশ্যে, ২০০১ চনত আমেৰিকাৰ যুগ্ম বাণিজ্য কেন্দ্ৰ ধবংস হোৱাৰ পিছত, ২০০৩ চনৰ ইৰাক আক্ৰমণৰ পিছত আৰু ২০০৫ চনত লণ্ডনৰ বোমা বিস্ফোৰণৰ পিছত ইছলামফ’বিয়াই সমগ্ৰ বিশ্বকেই ছানি ধৰিছে৷ এইবোৰ কাৰণতেই পশ্চিমীয়া সংবাদ মাধ্যমে ইছলাম ধৰ্মৰ বিৰুদ্ধে বহু সময়ত একপক্ষীয় মতামত আগবঢ়ায় বা অপপ্ৰচাৰ কৰে৷ গতিকে, দেখা যায় যে ২০০১ চনৰ আগতো পশ্চিমীয়া সংবাদ মাধ্যমে ইছলাম আৰু মুছলমান সম্পৰ্কে বৈৰী ভাব পোষণ কৰিছিল৷ ইছলাম বিৰোধিতা তেতিয়াও আছিল, কিন্তু তাৰ মাত্ৰাটো খুবেই কম আছিল৷ আৰু তাৰ কাৰণবোৰ আছিল ধৰ্মৰ বিপৰীতে ৰাজনীতি৷ দৰাচলতে সেইবোৰ ভূ-ৰাজনীতিৰ লগত জড়িত কথা যাৰ বিষয়ে বিতংকৈ আলোচনা কৰাৰ প্ৰয়োজন আছে৷
ভাৰতীয় মুছলমানসকলেও সততেই অভিযোগ কৰি থাকে যে দেশৰ সংবাদ মাধ্যমবোৰে তেওঁলোকৰ প্ৰতি বৈৰী মনোভাব পোষণ কৰে আৰু ইছলাম ধৰ্ম তথা মুছলমান সম্পৰ্কে অপপ্ৰচাৰ চলায়৷ অৱশ্যে একাংশ ভাৰতীয় সংবাদ মাধ্যমে যে ইছলাম ধৰ্ম আৰু মুছলমান সম্পৰ্কে কিছু পৰিমাণে বিৰূপ ধাৰণা পোষণ কৰে সেয়াও সঁচা কথা৷ কিন্তু পশ্চিমীয়া সংবাদ মাধ্যবোৰে যি কাৰণত ইছলামৰ বিৰোধিতা কৰে, ভাৰতীয় সংবাদ মাধ্যমবোৰে সেই একে কাৰণত ইছলামৰ বিৰোধিতা নকৰে৷ আমাৰ দেশৰ একাংশ সংবাদ মাধ্যমে মুছলমান সম্পৰ্কে কিছু একপক্ষীয় বাতৰি আৰু অপপ্ৰচাৰ কৰাৰ কাৰণো আকৌ বেলেগ৷ ভাৰতবৰ্ষ এখন বহু ধৰ্মাৱলম্বী দেশ৷ প্ৰথম কথা হৈছে মুছলমানসকল ইয়াত দ্বিতীয় বৃহত্তম জনগোষ্ঠী৷ হাজাৰ বছৰ ধৰি হিন্দু আৰু মুছলমানসকলে একেলগে এইখন দেশত বসবাস কৰি আহিছে৷ হিন্দু, মুছলিম, বৌদ্ধ, জৈন, খৃষ্টান, শিখসকলৰ উপৰি অগণন ধৰ্ম আৰু ভাষা-ভাষী লোকৰ বাসভূমি আৰু মিলনভূমি হৈছে এই ভাৰতবৰ্ষ৷ ভাৰতীয় জনবিন্যাস অতি জটিল আৰু সেয়ে ভাৰতীয় সংস্কৃতি হৈছে মিশ্ৰ সংস্কৃতি৷ দ্বিতীয়তে, সংবিধান মতে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ৷ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰই সংবাদ-পত্ৰৰ কৰ্মীসকলক দেখা-দেখিকৈ সাম্প্ৰদায়িক আৰু একপক্ষীয়া বাতৰি পৰিৱেশনত বাধা প্ৰদান কৰি আহিছে৷ কিন্তু ২০১৪ চনত বিজেপি চৰকাৰ ক্ষমতাত অহাৰ পিছৰে পৰা একাংশ সংবাদ মাধ্যম নিলৰ্জভাৱে এপক্ষীয় হৈ পৰে৷ তেওঁলোকে খোলাখুলিকৈ একপক্ষীয় বাতৰি পৰিৱেশন কৰি আৰু সংখ্যালঘুসকলৰ অপপ্ৰচাৰ কৰি আহিছে৷ ইছলাম আৰু খৃষ্টান ধৰ্মৰ বিৰুদ্ধে প্ৰধান অপপ্ৰচাৰ এই যে এই দুয়ো ধৰ্মই জোৰপূৰ্বক মানুহক ধৰ্মান্তৰিত কৰে৷ ইছলামধৰ্মী যুৱকসকলে পৰিচয় সলনি কৰি, প্ৰেমৰ নাটক কৰি হিন্দু ছোৱালীবোৰক ধৰ্মান্তৰিত কৰি বিয়া পাতে৷ অতি হিন্দুবাদী সংবাদ মাধ্যমসমূহে প্ৰচাৰ কৰা ভুৱা বাতৰিবোৰত দেখুওৱা হয় যে ভাৰতবৰ্ষত সংখ্যালঘু সম্প্ৰদায়ৰ মুছলিম, খৃষ্টান আৰু শিখসকলে হিন্দুসকলক অত্যাচাৰ কৰি আহিছে৷ অথবা তেওঁলোকৰ দেশপ্ৰেম নিৰ্ভেজাল দেশপ্ৰেম নহয়৷ বহু সময়ত এই ভুৱা বাতৰিবোৰৰ জৰিয়তে মুছলিম আৰু খৃষ্টানসকলক অপৰাধ প্ৰৱণ আৰু নৈতিকভাৱে দেউলীয়া বুলিও দেখুওৱা হয়৷
বিজেপি চৰকাৰৰ দিনত অধিকাংশ সংবাদ মাধ্যমেই যেন আৰু অধিক পৰিমাণে ইছলাম ধৰ্ম আৰু মুছলমানসকলৰ ভাবমূৰ্তি ম্লান কৰাত লাগি গৈছে৷ এই বিষয়টো আমি আন এটা দিশৰ পৰাও চাব লাগিব৷ সকলো বৈদু্যতিন মাধ্যম আৰু সংবাদ-পত্ৰ পৰিচালিত হয় দেশৰ বৃহৎ পুঁজিপতি গোষ্ঠীৰ দ্বাৰা৷ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপিত কৰি বিজেপি চৰকাৰক ক্ষমতালৈ অনাৰ ক্ষেত্ৰত দেশৰ বৃহৎ বৃহৎ মিডিয়া হাউছৰ মালিকবোৰে কোটি কোটি টকা খৰচ কৰি মুখ্য ভূমিকা পালন কৰিছিল৷ এই মিডিয়া হাউছবোৰৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিজন হৈছে ৰিলায়েঞ্চ কোম্পানীৰ মালিক মুকেশ আম্বানী৷ জানিব পৰা মতে আমাৰ দেশত মুকেশ আম্বানীৰ মালিকানাধীন ওঠৰটা টেলিভিজন চেনেল আছে৷ আনহাতে, আন এজন পুঁজিপতি সুভাষ চন্দ্ৰাৰ মালিকানাধীন আৰুজি নিউজৰ নেটৱৰ্কৰ অন্তৰ্গত আছে বহুকেইটা টিভি চেনেল৷ জনপ্ৰিয় টিভি চেনেল আজ টক, এবিপি নিউজ, নিউজ নেচন আৰু ২০১৭ চনত অৰ্ণৱ গোস্বামীয়ে স্থাপন কৰা ৰিপাব্লিক টিভিৰ পিছতো আছে বৃহৎ পুঁজিপতি গোষ্ঠী৷ যিহেতু মিডিয়া হাউছৰ পুঁজিপতি মালিকসকলৰ কৃপাতেই বিজেপি চৰকাৰ ২০১৪ চনত ক্ষমতালৈ আহিছিল, গতিকে এতিয়া ক্ষমতালৈ অহাৰ পিছত চৰকাৰে তেওঁলোকক সেই ঋণ পৰিশোধ কৰিব লগা হৈছে৷ মিডিয়া হাউছবোৰৰ ওচৰত বহু প্ৰকাৰে ধাৰ থকা চৰকাৰে প্ৰতিমাহে কোটি কোটি টকাৰ বিজ্ঞাপন দি এই বৈদু্যতিন মাধ্যম আৰু বাতৰি কাকতবোৰক সন্তুষ্ট ৰাখিব লগা হৈছে৷ আনহাতে, চৰকাৰৰ লগত ভালে থকাৰ কাৰণে মিডিয়া হাউছবোৰেও চৰকাৰৰ ৰাজনৈতিক আদৰ্শকেই পাকে প্ৰকাৰে প্ৰচাৰ কৰি থাকে৷ আৰ এছ এছৰ আদৰ্শ আৰু শ্ৰুতলিপি মতে পৰিচালিত হোৱা চৰকাৰৰ নীতি-নিয়মবোৰৰ বিৰোধিতা কৰাৰ সৎ সাহস প্ৰায়বোৰ বৈদু্যতিন মাধ্যমোৰেই নোহোৱা হৈ গৈছে৷ সংবাদ মাধ্যমবোৰে যেতিয়া চৰকাৰ আৰু আৰ এছ এছক সন্তুষ্ট কৰিবলৈ সংবাদ পৰিৱেশন কৰি থাকে তেতিয়া স্বাভাৱিকভাৱেই সেইবোৰ বাতৰি আৰু বিশ্লেষণত ইছলাম ধৰ্ম আৰু মুছলমান সমাজ সম্পৰ্কে শুদ্ধ আৰু সঠিক তথ্য প্ৰকাশ নাপায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here