মাইনু মৰাণ:, ডুমডুমা, ৬ জুলাই : তিনিচুকীয়াৰ দীৰ্ঘতম ওলোমা দলঙৰ জৰিয়তে যোগাযোগ আৰম্ভ হৈছে।এই দলঙ খনে বৰ্হি জগতৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ থকা “ৱাৰা” নামৰ ঠাই খনক সংযোগ ঘটাইছে। এই দলঙেৰে যোগাযোগ ব্যৱস্থা হোৱাৰ বাবে ৱাৰালৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। জানিব পৰা মতে, অসম- অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী “ৱাৰা ” নামৰ ঠাইত এলেকাটোৰ জাগুন পঞ্চায়তৰ ফৰটিন ফাইনেন্সৰ অধীনত এই ওলোমা দলংখন নিৰ্মাণ কৰা হৈছে। প্ৰায় চল্লিশ লাখ টকা ব্যয় সাপেক্ষে দলংখন নিৰ্মাণ কৰা হৈছে। মাত্ৰ ছয় মাহৰ ভিতৰতেই ৱাৰাৰ এই ওলোমা দলং সম্পূৰ্ণ কৰে। ১২০ মিটাৰ দৈৰ্ঘ্যৰ ৱাৰা সংযোগী ওলোমা দলং খনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ বাতৰিয়ে সকলোৰে বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে । ওলোমা দলংখনে জিলাখনৰ লগতে ৰাজ্যখনৰ পৰ্যটনৰ ক্ষেত্ৰলৈও আশাৰ বতৰা কঢ়িয়াই আনিছে । উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী ৱাৰা নামৰ জনগোষ্ঠীয় গাঁওখন অত্যন্ত দূৰ্গম আছিল আৰু পাহাৰ বগাই যাব লগা অৱস্থা আছিল । নাছিল বিদ্যুৎ সংযোগ। ৱাৰাৰ নব-প্ৰজন্মই সঞ্জুৱাৰা প্ৰাথমিক বিদ্যালয়তেই জীৱনৰ আদিপাঠৰ পাতনি মেলিছিল । গাঁওখনৰ গাঁওবুুঢ়া কামচম য়ংকুক, কামৰেণ টায়ৰিন, দুগ্ধ বৰা, টুকুঙ য়ংকুক, ললিত য়ংকুক আদি আগশাৰীৰ সমাজকৰ্মী সকলে গাঁওখনৰ দুৰ্ভগীয়া জীৱনৰ কথা দাঙি ধৰি উন্নতি সাধন কৰাৰ প্ৰয়াস কৰিছিল। গাঁওবাসীৰ উন্নয়নৰ বাবে বেচৰকাৰী সংগঠন সূৰ্যোদয়েও মাত মাতিছিল ।