Home স্থানীয় ধৰ্মীয় পৰিচয় নহয়, জনগোষ্ঠীয় পৰিচয় লাগে :মঙলদৈত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ...

ধৰ্মীয় পৰিচয় নহয়, জনগোষ্ঠীয় পৰিচয় লাগে :মঙলদৈত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল

123
0

ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ১৮ ছেপ্টেম্বৰ ঃ ধৰ্মীয় পৰিচয় নহয়, ভূমিপুত্ৰ গৰিয়া-মৰিয়া-দেশীসকলক জনগোষ্ঠীয় পৰিচয় প্ৰদানৰ দাবীত আজি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিয়ে মঙলদৈত ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচীৰ। সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি দিনৰ এক বজাত ৰূপায়িত মানৱ শৃংখল কাৰ্যসূচীৰ অন্তত দৰং জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখনি স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয়। কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা চহিৰ ভূঞাই কয় যে কোচ, কলিতা, বড়ো, ৰাভা, মৰাণ, মটক, ডিমাছা, কাৰ্বিসকলৰ দৰেই গৰিয়া-মৰিয়া-দেশীসকলকো জনগোষ্ঠীয় পৰিচয় লাগে। ভূঞাই আৰু কয় যে গৰিয়া-মৰিয়া-দেশীসকলক ‘খিলঞ্জীয়া মুছলমান’, ‘অসমীয়া মুছলমান’ বুলি  পৰিচয় দিয়া দেখা যায় যদিও লক্ষণীয়ভাৱে খিলঞ্জীয়া হিন্দু, খিলঞ্জীয়া খ্ৰীষ্টান বুলি পৰিচয় দিয়া দেখা নাযায়। বৰ্তমান গৰিয়া-মৰিয়াসকল অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে বুলি উল্লেখ কৰি অচিৰেই ভূমিপুত্ৰৰ পৰিচয় দিব লাগে বুলি তেওঁ দাবী কৰে। ইপিনে, বিধানসভাত গৰিয়া-মৰিয়াসকলৰ পক্ষত বলিষ্ঠ ভূমিকা পালন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লৈছে পৰিষদৰ মুখ্য উপদেষ্টাগৰাকীয়ে আৰু অনাগত দিনত গৰিয়া-মৰিয়া-দেশীসকলৰ সমস্যা শীঘ্ৰেই সমাধান হ’ব বুলি তেওঁ  আশা প্ৰকাশ কৰে।  দৰং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আয়োজিত মানৱ শৃংখল কাৰ্যসূচীত পৰিষদৰ মুখ্য উপদেষ্টা চহিৰ ভূঞা, পৰিষদৰ দৰং জিলা সমিতিৰ কাৰ্যকৰী সভাপতি খাইৰুল হুছেইন অধিকাৰী, সাধাৰণ সম্পাদকদ্বয় মইনুল হক শইকীয়া, ছফিকুল ইছলাম, সম্পাদকদ্বয় চাহাবুদ্দিন আহমেদ, মহিবুল হক, পৰিষদৰ মঙলদৈ নগৰ সমিতিৰ সম্পাদকদ্বয় কমৰুল হামিদ, চাহিল ইৰফান, জ্যেষ্ঠ সদস্য আৰফান আলী প্ৰমুখ্যে দৰং জিলা গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ শতাধিক নেতা, কৰ্মী-সদস্যই অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here