Home অসম ভৱানীপুৰৰ পৰা কলুষিত ৰাজনীতি শেষ কৰাৰ এয়াই সময় : ভৱানীপুৰত কংগ্ৰেছৰ...

ভৱানীপুৰৰ পৰা কলুষিত ৰাজনীতি শেষ কৰাৰ এয়াই সময় : ভৱানীপুৰত কংগ্ৰেছৰ নিৰ্বাচনী সভা জিতেন্দ্ৰ সিং

40
0


সঞ্জীৱ দাস, ভৱানীপুৰ, ২৫ অক্টোবৰ: আসন্ন উপ-নিৰ্বাচনৰ ভৱানীপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসৰ সমৰ্থনত ভৱানীপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজন কৰা হয়৷ দিনৰ প্ৰায় তিনি বজাত দহ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে আঁতধৰা নিৰ্বাচনী প্ৰচাৰ সভাত নিখিল কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, মহাৰাষ্ট্ৰৰ বিধায়ক তথা বৰপেটা জিলা কংগ্ৰেছ কমিটীৰ তত্ত্বাৱধায়ক প্ৰভাকৰ সাথে, সৰভোগ সমষ্টিৰ চি পি আই [এম] দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ সৈতে সাংসদ আব্দুল খালেক, বিধায়ক আব্দুৰ ৰহিম আহমেদ, দিগন্ত বৰ্মন, নন্দিতা দাস, ৰেকিবুদ্দিন আহমেদ, ৰহিম খান আৰু প্ৰাক্তন মন্ত্ৰী বসন্ত দাসকে ধৰি কংগ্ৰেছ দলটোৰ কেইবাগৰাকীও ৰাজ্যিক নেতাকে ধৰি ব্লক, মণ্ডল তথা বুথ পৰ্যায়ৰ উপৰি কংগ্ৰেছ সেৱা দলৰ কেইবাগৰাকী কৰ্মকত্তৰ্া আৰু সদস্য তথা সদস্যাই সভাত অংশগ্ৰহণ কৰে৷ নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে বিজেপি দলৰ অপসংস্কৃতিক খটম কৰাৰ অভিযান ভৱানীপুৰৰ পৰাই আৰম্ভ হ’ব বুলি দৃঢ়তা ব্যক্ত কৰে৷ সমবেত ৰাইজক উদ্দেশ্যি তেওঁৰ মন্তব্য – চাওক বিজেপি দলটোৱে এগৰাকী লেণ্ড মাফিয়াক ভৱানীপুৰৰ পৰা টিকট দিছে৷ আপোনালোকে সেই কথা ভাবিয়ে দেশৰ অখণ্ডতাৰ কাৰণে কৰা খৰ্গেশ্বৰ তালুকদাৰৰ আত্মত্যাগ সঁুৱৰি ‘কা’ আইনৰ জৰিয়তে বিদেশী আনিব খোজা বিজেপি চৰকাৰখনক নি(য় আগন্তুক উপ-নিৰ্বাচনত আপোনালোকে এসেকা দিব৷ এই নিৰ্বাচন কোনো এখন চৰকাৰ ভঙা-গঢ়াৰ নিৰ্বাচন নহয়৷ কিন্তু আপোনালোকে সমগ্ৰ দেশতে এক বাৰ্তা বিয়পাই দিয়ক যে ৰাইজৰ সিদ্ধান্ত সকলোতকৈ ওপৰত৷ আশাকৰোঁ অসমৰ ৰাইজে, ভৱানীপুৰীয়া ৰাইজে চৌদিশে এই বাৰ্তা প্ৰেৰণ কৰি শিক্ষিত, প্ৰাক্তন অভিযন্তা শৈলেন্দ্ৰ নাথ দাসৰ সপক্ষে ভোটদান কৰি পুনৰ এগৰাকী সচেতন ভৱানীপুৰীয়া হিচাপে ভৱানীপুৰত তেওঁলোকৰ ‘স্বাভিমান’ প্ৰতিষ্ঠা কৰিব৷ আনহাতে, সভাত ভাষণ দি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই প্ৰদান কৰা নিজৰ উদাত্ত ভাষণত ভৱানীপুৰৰ সমাৱেশে আসন্ন উপ-নিৰ্বাচনত সমষ্টিটোত কংগ্ৰেছ দলটো যে বিজয়ী হ’ব, সেই কথা দৃঢ়তাৰে প্ৰতিপন্ন কৰা বুলি মন্তব্য কৰে৷ ড॰ ভূপেন হাজৰিকাৰ ‘মোৰ গীতৰ হেজাৰ শ্ৰোতা, তোমাক নমস্কাৰ, গীতৰ সভাত তুমিয়েতো প্ৰধান অলংকাৰ…’ গীতটিৰ মৰ্মাৰ্থ আওৰাই উপস্থিত ৰাইজক তেওঁ আজিৰ সভাৰ ‘অলঙ্কাৰ’ হিচাপে অভিহিত কৰে৷ আনহাতে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আৰু ‘কা’বিৰোধী আন্দোলনৰ শ্বহীদ আব্দুল আলিমৰ তেজে ধোৱা ভৱানীপুৰ সমষ্টিবাসী ৰাইজে এইবাৰৰ নিৰ্বাচনত এগৰাকী মাটিৰ দালালক ভোট দিব নে, এগৰাকী উচ্ছশিক্ষিত প্ৰাক্তন অভিযন্তাক ভোট দি সচেতন ব্যক্তিৰ পৰিচয় দিব, সেয়া নিজেই ঠিক কৰিব বুলিও তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ মন্তব্য – মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালৰ সৈতে বিহু নাচি অপসংস্কৃতিৰ সৃষ্টি কৰিছে৷ মূল্যবৃদ্ধিৰ ভৰত কোঙা অসমীয়া মানুহে দাইল, মিঠাতেল, নিমখ আদিকে ধৰি নিত্য ব্যবহাৰ্য সামগ্ৰীসমূহ সম্প্ৰতি ক্ৰয় কৰিব নোৱাৰা কাৰণেই মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহক উপলুঙা কৰি ‘পঁইতা ভাত’ খাবলৈ দিহা দিছে৷ মই আহ৩ান জনাওঁ আপোনালোকে ৩০ তাৰিখে ৰাতিপুৱা ই ভি এমৰ বুটামত কংগ্ৰেছৰ সপক্ষে টিপাটো মাৰি দেখুৱাই দিয়ক পঁইতা ভাতৰ জোৰ কিমান? অহা ৩০ তাৰিখে ট্ৰেংকুলাইজাৰ হিচাপে ফণীৰ বিপক্ষে ভোটটো দি ফণীধৰ তালুকদাৰক অচেতন কৰি দিয়ক৷ আনহাতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক এগৰাকী ‘মহাপ্ৰৱঞ্চক’ আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে৷ তেওঁৰ মন্তব্য – হিমন্ত এগৰাকী ‘মহাপ্ৰৱঞ্চক’৷ ভৃগু ফুকন, তাৰ পিছতেই প্ৰফুল্ল কুমাৰ মহন্ত, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ তাৰ পিছতেই সৰ্বানন্দ সোণোৱালক প্ৰতাৰণা কৰি তেওঁ এতিয়া দিছপুৰৰ ৰাজপাট দখল কৰিছে আৰু সৰ্বানন্দ সোণোৱাল এতিয়া সাগৰৰ পাৰত বতাহ সেৱন কৰাত লাগিছে৷ আনহাতে, ভৱানীপুৰৰ উন্নয়নৰ বাবে ২,০০০ কোটি টকা দিম বুলি কোৱা মুখ্যমন্ত্ৰীৰ কথাকো তেওঁ একেআষাৰে নস্যাৎ কৰে৷ তেওঁৰ মন্তব্য – চ্ছ্ৰ মাহত চ্ছ্ৰ,৮০০ কোটি টকা ঋণ লোৱা এগৰাকী মানুহে ভৱানীপুৰ, গোসাঁইগাঁও,তামুলপুৰ, থাওৰা, মৰিয়নি পাঁচোটাকৈ সমষ্টিত কেনেদৰে ২,০০০ কোটিকৈ দিব? নিৰ্বাচনত জিকাৰ স্বাৰ্থত তেওঁ সকলোতে একেখিনি বচনেই মাতি আহিছে৷ তদুপৰি মিজোৰ আক্ৰমণৰ মুখামুখি হ’বলৈ সাহস নকৰা, বৰঞ্চ বৰাক উপত্যকা আৰু নলবাৰীকে ধৰি কেন্দ্ৰীয় চৰকাৰে বিচাৰিলে সমূহ এলেকাই এৰি দিবলৈ প্ৰস্তুত বুলি কোৱা মিজোৰ সৈতে মুখামুখি হবলৈ সাহস নকৰা মুখ্যমন্ত্ৰীগৰাকীক তেওঁ এগৰাকী দুৰ্বল, ভীৰু মুখ্যমন্ত্ৰী বুলি আখ্যা দিয়ে৷ প্ৰসঙ্গক্ৰমে তেওঁ বি পি এফ আৰু ইউ পি পি এল দুয়োটা দলকেই নীতিবিহীন আৰু সুযোগসন্ধানী দল বুলি কটু সমালোচনা কৰে৷ আনহাতে ভোট নিদিলে কাৰোবাৰ বৃদ্ধ পেঞ্চন কৰ্তন কৰিব বুলি উঠা অভিযোগৰো তেওঁ প্ৰত্যুত্তৰ দিয়ে৷ পাৰে যদি তেওঁ বৃদ্ধ পেঞ্চন কতৰ্ন কৰক আমি চাই ল’ম বুলিও তেওঁ মুখ্যমন্ত্ৰীগৰাকীক একপ্ৰকাৰ প্ৰত্যাহ৩ান জনায়৷ আনহাতে, সভাত ভাষণ দি বিৰোধী দলৰ সৈতে একেলগে বহি থকা যেন লাগিছে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সৰভোগ সমষ্টিৰ চি পি আই [এম] দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে৷ বিজেপি দলক কটু সমালোচনাৰে থকা-সৰকা কৰি প্ৰদান কৰা উদাত্ত ভাষণত তেওঁৰ মন্তব্য – বিজেপিয়ে জন্মলগ্নৰে পৰাই হিন্দুত্বৰ পোষকতা কৰি আহিছে৷ মুছলমানৰ বিৰুদ্ধে ঘৃণা, বিদ্বেষ বিয়পাই হিন্দুৰ ভোটেৰে নিৰ্বাচন জিকাৰ পৰিকল্পনা কৰি আহিছে৷ গতিকে আমি যেতিয়াই সুযোগ পাওঁ এই দলৰ বিৰুদ্ধে যুঁজ দিম৷ এই দল সাম্প্ৰদায়িক, গণতন্ত্ৰ বিৰোধী৷ বিজেপিৰ গোপন এজেণ্ডা আমি বিফল কৰিম৷ তেওঁৰ প্ৰশ্ন – বিগত জ্জ বছৰে বিজেপি দলে দিয়া প্ৰতিশ্ৰুতিৰ কোনোবাটো পালন কৰিছেনে? কেৱল অজস্ৰ ভুৱা প্ৰতিশ্ৰুতিৰ পোহাৰ মেলিছে বিজেপিয়ে৷ ১০০ দিনৰ ভিতৰত মূল্যবৃদ্ধি ৪০ শতাংশলৈ নমাই আনিম বুলি কোৱা বিজেপিৰ প্ৰতিশ্ৰুতিৰ কি হ’ল? ১৪ কোটি মানুহ ক’ৰ’না কালত সংস্থাপনহীন হৈছে৷ তেওঁলোকৰ ক্ষেত্ৰত বিজেপি দল নিমাত৷ নৱেম্বৰত মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ ঘোষণা সম্পূৰ্ণ এক মিছা কথা৷ ৯৫,০০০ কোটিৰ ঋণত চলি থকা চৰকাৰ এখনে এই কথা ক’লেই ৰাইজে জানো বিশ্বাস কৰিব? দুটাকৈ নিৰ্বাচনত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয়বৰণ কৰা ফণীয়ে চাগে এইবাৰৰ উপ-নিৰ্বাচনত জিকি সুতে-মূলে হেৰোৱা টকাখিনি ঘূৰাই পাম বুলি ভাবিছে৷ কিন্তু মই জানো ফণীয়ে এটা অশ্বডিম্বহে পাব৷ তেওঁ এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসৰ সমৰ্থনত মাৰমুখী হৈ ভোট দিয়াৰ কাৰণে ৰাইজক ওলাই আহিবলৈ আহ৩ান জনায়৷ সভাত বকো সমষ্টিৰ বিধায়ীকা নন্দিতা দাসে ভাষণ দি কংগ্ৰেছ আৰু বিজেপি নেতৃত্বাধীন সময়ছোৱাত ৰাজ্যখনত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ তুলনামূলক খতিয়ান দাঙি ধৰে৷ সভাত ভাষণ দি এইবাৰৰ উপ-নিৰ্বাচনত প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসে কমেও দহ হেজাৰ ভোটৰ ব্যবধানত জয়লাভ কৰিব বুলি তেওঁ মন্তব্য কৰে আৰু আজিৰ গণ সমাৱেশে সেই কথাৰেই প্ৰমাণ দিয়া বুলিও তেওঁ মন্তব্য কৰে৷ সভাত সম্বৰ্ধনা অনুষ্ঠানৰ লগতে বাগড়ুম্বা নৃত্য আৰু গীত-মাত পৰিৱেশন কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here