Home স্থানীয় ছিপাঝাৰত কাঠফুলাৰ দৰে গঢ়ি উঠা ইটাভাতাই জনজীৱনলৈ কঢ়িয়াইছে তীব্ৰ ভাবুকি

ছিপাঝাৰত কাঠফুলাৰ দৰে গঢ়ি উঠা ইটাভাতাই জনজীৱনলৈ কঢ়িয়াইছে তীব্ৰ ভাবুকি

76
0


গণ বাৰ্তা, ছিপাঝাৰ, ২২ নৱেম্বৰ:
দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ বিভিন্ন ঠাইত নীতি-নিয়ম বহিৰ্ভূতভাবে এটাৰ পিছত এটাকৈ কাঠফুলাৰ দৰে গঢ়ি উঠা ইটাভাতাই সমগ্ৰ অঞ্চলটোলৈ ভয়াবহ বিপদ কঢ়িয়াই আনিছে৷ দৰং জিলাৰ পশ্চিমৰ কলিতাপাৰা, শুক্ৰাগুৰি, কুৰুৱা, খলিহৈ, গনেশকুঁৱৱী, বাঁহগড়া, দুমুনিচকী, শিঙিমাৰী, চুটীয়াকাটা, পূব নাওঁদিঙা, বাঘমাৰা আদি ঠাইৰ খেতিপথাৰত গঢ়ি তোলা ইটাভাতা সমূহে জনজীৱনলৈ এক ভয়াবহ বিপদ কঢ়িয়াই আনিছে৷ কিয়নো ইটাভাতাৰ পৰা নিৰ্গত হোৱা ছালফাৰ ডাইঅ’াইড আৰু কাৰ্বন ডাই অ’াইডযুক্ত বিষাক্ত ক’লা ধোঁৱাই ইয়াৰ আকাশ- বতাহ ছানি ধৰি প্ৰদূষণযুক্ত কৰাৰ পাছত তাৰ পাশ্বৰ্ক্ৰিয়াত অঞ্চলটোৰ দৰিদ্ৰ লোক সকলৰ শ-শ বিঘা কৃষি ভূমি বিনষ্ট হোৱাৰ লগতে গছ-বিৰিখতো নেতিবাচক প্ৰভাব পৰিছে৷যাৰ বাবে খেতি পথাৰত সমূহত শস্য ডৰা ৰঙা পৰি মৰি যোৱাৰ লগতে বস্তিত থকা তামোল-পাণ, নাৰিকল আদিতো ফলনধৰা হৈ গজমূৰ হৈ হৈছে৷ যাৰ ফলত গাঁৱলীয়া চহা কৃষক ৰাইজে অৰ্থনৈতিক ভাবে দুৰ্বল হৈ পৰাৰ বিপৰীতে লাভবান হৈছে ইটাভাতা উদ্যোগৰ মালিক সকল৷ আশ্বৰ্যজনক কথা যে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু জিলা প্ৰশাসনে নীৰৱ ভূমিকা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ইয়াতকৈ ভয়াবহ কথা যে অঞ্চলটোৰ লোক সকলৰ মাজত কেন্সাৰজনিত ৰোগত সততে জীৱন হেৰুৱাবলগীয়া হোৱাৰ মূলতে ইটাভাতাৰ সমূহৰ বিষাক্ত ক’লা ধোঁৱাৰ প্ৰভাৱ৷ তদুপৰি শৰীৰৰ ছাল, চুলিৰ বেমাৰ,চকুৰ বেমাৰ আদিৰো একেই প্ৰভাৱত হোৱা বুলি বিশেষজ্ঞ সকলে ক’ব খোজে৷যাকলৈ অঞ্চলবাসী ৰাইজ ত্ৰাসিত হৈ পৰিছে৷অচিৰেই এই ইটাভাতা সমূহৰ ওপৰত যদি একো ব্যৱস্থা গ্ৰহণ কৰা নহয় তেনেহলে গছ- গছনি শূন্যই নহয় জনশূন্য হৈ পৰিবলৈ বেছি দিন নালাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here