Home স্থানীয় গৰৈমাৰী বিলৰজানত বৰলুইতৰ ভয়ংকৰ খহনীয়া অব্যাহত:ভয়ংকৰ ভাবুকি বৃহত্তৰ সোণতলী অঞ্চললৈ, নিদ্ৰাহৰণ হৈ...

গৰৈমাৰী বিলৰজানত বৰলুইতৰ ভয়ংকৰ খহনীয়া অব্যাহত:ভয়ংকৰ ভাবুকি বৃহত্তৰ সোণতলী অঞ্চললৈ, নিদ্ৰাহৰণ হৈ নৈ পৰীয়া ৰাইজৰ

310
0

গণ বাৰ্তা, সোণতলী, ১১ নৱেম্বৰ: কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলীৰ গৰৈমাৰী বিলৰজানত বৰ লুইতৰ তীব্ৰ খহনীয়া অব্যাহত আছে৷ বছৰ বছৰ ধৰি বহ্মপুত্ৰৰ খহনীয়াৰ ফলত ঘৰ-দুৱাৰ খেতি মাটি হেৰুৱাই অঘৰীৰ দৰে জীৱন যাপন কৰিব লগীয়া হৈছে৷ বিগত বিছ বছৰে বৰলুইতৰ খহনীয়া অব্যাহত থকাৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে প্ৰায় ত্ৰিছখনকৈ ৰাজহ গাওঁ জাহ গৈছে কুৰিৰো অধিক চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান৷ নদীত জাহ গৈছে পানীখাইতী নৈপৰীয়া চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, লটৰীয়াদিয়া প্ৰাথমিক বিদ্যালয়, পানীখাইতী প্ৰাথমিক বিদ্যালয়, কান্ধাৰপাৰ প্ৰাথমিক বিদ্যালয়, বিলপাৰা প্ৰাথমিক বিদ্যালয়, পানীখাইতি মধ্য ইংৰাজী বিদ্যালয় আদি ৷ বাৰিষাৰ পিছতে এইদৰে অব্যাহত আছে তীব্ৰ গতিত বৰলুইতৰ প্ৰৱল গৰাখহনীয়া, ফলত অৰ্ধশতাধিৰ পৰিয়ালৰ ঘৰ-দুৱাৰ,সা-সম্পতি, কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত চিৰ দিনৰ বাবে হেৰুৱাবলীয়া হৈছে৷ বাৰিষাৰ পিছতে প্ৰায় অৰ্ধ শতাধিক পৰিয়ালে গৃহহীন হোৱাৰ লগতে স্থানান্তৰ কৰিবলগীয়া হৈছে দুইকুৰি পৰিয়ালৰ বাসস্থান৷ অঞ্চলটোৰ ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এসময়ত ধান-চাউলে ভৰা সংসাৰৰ মালিকে সম্প্ৰতি দিন হাজিৰা কৰি পোহপাল দিবলগীয়া হৈছে পৰিয়ালক ৷ কোনোবাজনে আকৌ ব্ৰহ্মপুত্ৰৰ বুকুত ঘৰ-দুৱাৰ সা- সম্পত্তি আদি হেৰুৱাই খুজি মাগি পেটৰ ভোক নিবাৰণ কৰিবলগীয়া হৈছে৷ খহনীয়াগ্ৰস্ত পৰিয়ালে আশ্ৰয়ৰ বাবে ঢাপলি মেলিবলগীয়া হৈছে মথাউৰি কাষত নতুন কোনোবা চৰ অথবা আত্মীয়ৰ ঘৰত৷ ইফালে ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে সোণতলীৰ ঐতিহাসিক মাহতলী বজাৰলৈ৷ গৰাখহনীয়া সম্পৰ্কে ধাৰাবাহিক ভাৱে বাতৰি সম্প্ৰচাৰ কৰি অহাৰ ফল স্বৰূপে এপাচি শাকত এটা জলকীয়াৰ লেখিয়াকৈ পানীখাইতিত সামান্য পৰিমানৰ জিঅ’ বেগৰ কাম কৰাৰ লগতে দুটা পাৰ্কুপাইন পেলাই দায় সামৰিছে জাতি, মাটি, ভেটি ৰক্ষাৰ ডাক-ঢোল বজোৱা পৰিৱৰ্তনকামী চৰকাৰৰ জলসম্পদ বিভাগে৷ কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় বিষয়া কৰ্মচাৰী তথা জিলা প্ৰশাসন৷ খহনীয়াগ্ৰস্ত ৰাইজৰ বুজ লবলৈ আহৰি নাই স্থানীয় বিধায়িকা নন্দিতা দাসৰ৷ অতিশীঘ্ৰে বিভাগীয় কতৃৰ্পক্ষই খহনীয়াগ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলবাসী ৰাইজে দাবী জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here