Home ৰাজনীতি যোৰহাটৰ সমাজকৰ্মী জাহেদ আলিৰ ইহলীলাবৰণ

যোৰহাটৰ সমাজকৰ্মী জাহেদ আলিৰ ইহলীলাবৰণ

165
0

ষ্টাফ ৰিপ’ৰ্টাৰ, যোৰহাট, ১৯ ছেপ্টেম্বৰ : যোৰহাটৰ  গোহাঁইটেকেলা গাঁও নিৱাসী, বিশিষ্ট সমাজ কৰ্মী, ভাৰতীয় খাদ্য নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া জাহেদ আলীৰ আজি বিয়লি প্ৰায় ৪.১০ মান বজাত ডিব্ৰুগড়ৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৬৭ বছৰ। উল্লেখ্য, যোৱা ২৪ আগষ্টৰ সন্ধিয়া নগৰৰ জে বি ৰোডত হঠাৎ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ স্কুটীৰ পৰা পৰি গুৰুত্বৰভাৱে আহত হৈছিল। লগে লগে যোৰহাটৰ মিছন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে পাছদিনা ডিব্ৰুগড়ৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আজি চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।  মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী কন্যা, এজন পুত্ৰ, চাৰিগৰাকী ভাতৃ, এগৰাকী ভগ্নীসহ এক বৃহৎ পৰিয়ালক এৰি গৈছে । সোমবাৰে দিনৰ দুই বজাত যোৰহাট কৱৰস্থানত জানাজা সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ তৰফৰ পৰা জানিবলৈ দিছে। উল্লেখ্য যে জাহেদ আলী যোৰহাট চেন্ট্ৰতল ক্লাবৰ কোষাধ্যক্ষৰ দায়িত্বত আছিল আৰু এসময়ত  উজনি অসম মুছলিম কল্যাণ পৰিষদৰ যোৰহাট জিলা সমিতিৰ বিষয়বাবতো  আছিল। লোকজনৰ মৃত্যুত যোৰহাট চেণ্ট্ৰেল ক্লাবৰ পৰিচালনা সমিতি, উজনি অসম মুছলিম কল্যাণ পৰিষদে গভীৰ শোক প্ৰকাশ কৰে। আলীৰ মৃত্যুত যোৰহাটৰ কেন্দুগুৰি গোহাঁইটেকেলা অঞ্চলত শোকৰ ছাঁ পৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here