Home Main Stories ২১ বছৰৰ অন্তত ৰাজ্যলৈ জ্ঞানপীঠ: জীৱনজোৰা সাধনাৰ বাবে কবি নীলমণি ফুকনলৈ জ্ঞানপীঠ,...

২১ বছৰৰ অন্তত ৰাজ্যলৈ জ্ঞানপীঠ: জীৱনজোৰা সাধনাৰ বাবে কবি নীলমণি ফুকনলৈ জ্ঞানপীঠ, অমসীয়া কবিতাৰ প্ৰতীকবাদ , চিত্ৰকল্পবাদৰ ৰূপকাৰক দেশত সৰ্বোচ্ছ সাহিত্য সন্মান

246
0



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ ডিচেম্বৰ: প্ৰায় ২১বছৰীয়া প্ৰতিক্ষাৰ অন্তত আজি ৰাজ্যলৈ আহিল জ্ঞানপীঠ বঁটা৷ বীৰেন্দ্ৰ নাথ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী [ইন্দিৰা গোস্বামী]ৰ পিছত বিশিষ্ট কবি নীলমণি ফুকনে জ্ঞানপীঠ বঁটা লাভ কৰে৷ আজি নীলমণি ফুকনলৈ জ্ঞানপীঠ বঁটা প্ৰদানৰ কথা ঘোষণা কৰা হয়৷ উল্লেখ্য যে মৃতুঞ্জয় উপন্যাসৰ বাবে বিশিষ্ট ঔপন্যাসিক বীৰেন্দ্ৰ নাথ ভট্টাচাৰ্যলৈ জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল৷ অসমীয়া সাহিত্যত বীৰেন্দ্ৰ নাথ ভট্টাচাৰ্যই প্ৰথমটো জ্ঞানপীঠ বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পিছতে উঁইয়ে খোৱা দঁতাল হাতীৰ হাওদাৰ স্ৰষ্টা মামণি ৰয়ছম গোস্বামীলৈ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছিল৷ সুদীৰ্ঘ ২১ বছৰৰ অন্তত পুনৰ অসমীয়া সাহিত্যৰ বাবে কবি নীলমণি ফুকনক দেশৰ সৰ্বোচ্ছ সাহিত্যৰ সন্মান আগবঢ়োৱা হৈছে৷ উল্লেখ্য যে গদ্য সাহিত্যৰ বাবে প্ৰথম দুটা জ্ঞানপীঠ বঁটা লাভ কৰিছিল অসমীয়া সাহিত্যিকে৷ কিন্তু প্ৰথমবাৰৰ বাবে কবিতাৰ ক্ষেত্ৰত দেশৰ সৰ্বোচ্ছ সাহিত্য সন্মান লাভ কৰিছে অসমীয়া সাহিত্যিকে৷ ২০ বছৰ পূৰ্বে জ্ঞানপীঠ বঁটা লাভ কৰা মামণি ৰয়ছম গোস্বামীয়ে কৈ গৈছিল অসমে পৰৱৰ্তী জ্ঞানপীঠ বঁটা কবিতাৰ বাবে লাভ কৰিব৷ সাহিত্যিকগৰাকীৰ এই ভৱিষ্যদ্বাণী সত্য বুলি প্ৰমাণিত হ’ল৷ আজি জীৱনজোৰা সাধনাৰ বাবে কবি নীলমণি ফুকনলৈ এই বঁটা আগবঢ়োৱা হৈছে৷ উল্লেখ্য যে আধুনিক অসমীয়া কবিতাৰ অন্যতম ৰূপকাৰ হিচাপে নীলমণি ফুকনক জনা যায়৷ বিশেষকৈ অসমীয়া কবিতাত প্ৰতীকীবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল কবিগৰাকীয়ে৷ কবিতাত প্ৰতীকী আৰু চিত্ৰকল্পৰ সমাহাৰৰ ক্ষেত্ৰত অনন্য দখল আছে কবিগৰাকীৰ৷ ১৯৩৩ চনত গোলাঘাটৰ দেৰগাঁৱত জন্মগ্ৰহণ কৰা নীলমণি ফুকনে ১৯৫০ চনৰ পৰা কবিতা লিখা আৰম্ভ কৰে৷ ১৯৬৪ চনত তেওঁ আৰ্য্য বিদ্যাপীঠত অধ্যাপক হিচাপে যোগদান কৰে৷ অসমীয়া কবিতাৰ শ্ৰীবৃদ্ধিৰ বাবে বহুতো বিদেশী ভাষাৰ কবিতা অসমীয়া ভাষালৈ অনুবাদ কৰি সাহিত্য জগতক বহুমূলীয়া অৱদান আগবঢ়াইছে কবিগৰাকীয়ে৷ বিশেষকৈ জাপানী হাইকু কবিতা অসমীয়ালৈ অনুবাদ কৰি কবিসকলৰ বৌদ্ধিক চিন্তা বিকশিত কৰাত অৱদান আগবঢ়াইছে কবিগৰাকীয়ে৷ তদুপৰি চীন আৰু ইউৰোপৰবহুতো কবিতা অসমীয়ালৈ অনুবাদ কৰিছে কবিগৰাকীয়ে৷ ১৯৯৭ চনত অসম উপত্যকা বঁটা লাভ কৰা কবিগৰাকীয়ে ২০০২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷ ২০১৯ চনত তেওঁক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডি লিট উপাধি প্ৰদান কৰিছিল৷ অসমীয়া কবিতা জগতক চহকী কৰি তেওঁ কে’বাখনো কাব্যগ্ৰন্থৰ লগতে বহুতো গ্ৰন্থ সম্পাদনা কৰিছে৷ তেওঁৰ প্ৰথমখন কাব্যগ্ৰন্থ ১৯৬৩ চনত প্ৰকাশ পাইছিল৷ কাব্য গ্ৰন্থখনৰ নাম আছিল ‘সূৰ্য হেেনা নামি আহে এই নদীয়েদি’৷ ইয়াৰ পিছতে ১৯৭১ চনত প্ৰকাশ পাইছিল ‘মানস প্ৰতিমা’৷ আনহাতে, উক্ত বৰ্ষতে তেওঁৰ আন এখন কাব্যগ্ৰন্থ ‘ফুলি থকা সূৰ্যমুখী ফুলৰ ফালে’ প্ৰকাশ পাইছিল৷ আনহাতে, তেওঁৰ কাব্যগ্ৰন্থসমূহৰ মাজত অন্যতম হৈছে ‘গোলাপী জামুৰ লগ্ন’, কবিতা ইত্যাদি৷ উল্লেখ্য যে বিশিষ্ট সাহিত্যিক তথা অমসীয়া কবিতা জগতৰ অন্যতম মেৰুদণ্ড কাব্যৰ্ষী নীলমণি ফুকনে ৮৮ বছৰ বয়সত এই বিৰল সন্মান লাভ কৰাৰ পিছতে অসমীয়া সাহিত্য জগতত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে৷ অকল কাব্যজততেই নহয়, জ্ঞানপীঠ বঁটা লাভ কৰা তৃতীয়গৰাকী অসমীয়া হিচাপে পৰিগণিত হোৱাৰ পিছতে সমগ্ৰ অসমতে উৎসাহ পৰা পৰিলক্ষিত হৈছে৷ কাব্যৰ্ষী নীলমণি ফুকনে জ্ঞানপীঠ বঁটা লাভ কৰা বাবে দৈনিক ‘গণ অধিকাৰ’ কাকতৰ তৰফৰ পৰাও জনালোঁ আন্তৰিক অভিনন্দন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here