Home স্থানীয় যোগীঘোপাত ড্ৰাগ্‌ছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান: নিচাজাতীয় ঔষধসহ তিনিজনক গ্ৰেপ্তাৰ

যোগীঘোপাত ড্ৰাগ্‌ছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান: নিচাজাতীয় ঔষধসহ তিনিজনক গ্ৰেপ্তাৰ

48
0


গণ বাৰ্তা, যোগীঘোপা, ২৪ অক্টোবৰ: বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত কাবাইটাৰীত কালি আৰক্ষীয়ে ড্ৰাগ্‌ছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধসহ তিনিজনক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি ড্ৰাগ্‌ছ ব্যৱসায়ী ক্ৰমে কাবাইটাৰী তৃতীয় খণ্ড গাঁৱৰ ৰাফিউল হুছেইন [৫৬], বৰঘোলা দ্বিতীয় খণ্ড গাঁৱৰ ছাইদুল ইছলাম [২৩] আৰু কাবাইটাৰী পঞ্চম খণ্ড গাঁৱৰ আব্দুল বাৰেক৷ জানিব পৰা মতে, এক গোপন সূত্ৰৰ ভিত্তিত যোগীঘোপা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাহুল দেউৰীৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে কালি সন্ধিয়া কাবাইটাৰীৰ ৰাফিউল হুছেইনৰ বাসগৃহত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়৷ আৰক্ষীয়ে ৰাফিউল হুছেইনৰ বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ উদ্ধাৰ কৰাৰ লগতে ৰাফিউল হুছেইনৰ লগতে কাবাইটাৰী পঞ্চম খণ্ড গাঁৱৰ ড্ৰাগ্‌ছ ব্যৱসায়ী আব্দুল বাৰেকক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে ড্ৰাগ্‌ছ ব্যৱসায়ী ৰাফিউল হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁৰ পুত্ৰ তথা কাবাইটাৰী পঞ্চম খণ্ড গাঁৱৰ মঞ্জিল হুছেইনৰ বাসগৃহতো অভিযান চলায়৷ ইয়াৰ পিছত আৰক্ষীয়ে নিশা বৰঘোলা গাঁৱৰ আব্দুল কালাম আৰু তেওঁৰ ভাতৃ ছাইদুল ইছলামৰ বাসগৃহত অভিযান চলায়৷ আব্দুল কালামৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই তেওঁৰ ভাতৃ তথা ড্ৰাগ্‌ছ ব্যৱসায়ী ছাইদুল ইছলামক গ্ৰেপ্তাৰ কৰে৷ আনহাতে, অভিযানৰ পূৰ্বে ড্ৰাগ্‌ছ ব্যৱসায়ী কাবাইটাৰী পঞ্চম খণ্ড গাঁৱৰ মঞ্জিল হুছেইন আৰু বৰঘোলা গাঁৱৰ আব্দুল কালামে পলায়ন কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগ্‌ছ ব্যৱসায়ী তিনিজনৰ পৰা সৰ্বমুঠ ৮৭৬টা নিচাজাতীয় ঔষধ আৰু নগদ জ্জ্ব,৭৩৫ টকা জব্দ কৰে৷ যোগীঘোপা আৰক্ষীয়ে এই সন্দৰ্ভত ৩৮৩য২০২১ নম্বৰ এটা গোচৰ পঞ্জীয়ন কৰি ড্ৰাগ্‌ছ ব্যৱসায়ী তিনিজনক আজি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জে’ললৈ প্ৰেৰণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here