Home স্থানীয় যোৰহাটত নৱ নিযুক্ত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ যোগদান

যোৰহাটত নৱ নিযুক্ত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ যোগদান

26
0

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,১৯ মে : যোৰহাট জিলা উপায়ুক্ত হিচাপে আজি নৱনিযুক্ত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে যোগদান কৰে৷ পূৰ্বৰ জিলা উপায়ুক্ত ৰশ্নি অপৰঞ্জি কৰাটীৰ পৰা তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে উপায়ুক্ত গৰাকীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্হিত হৈ ক’ভিড পৰিস্হিতিৰ লগতে অন্যান্য ৰোগী আৰু চিকিৎসালয়খনত থকা সুবিধাসমূহৰ বিষয়ে বুজ লয়৷ চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৰোগীসকলক কেনেধৰণৰ চিকিৎসা তথা সুবিধা প্ৰদান কৰা হৈছে আৰু আগন্তক দিনত গ্ৰহণ কৰিব পৰা ব্যৱস্হাৱলীৰ সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰত্নকান্ত তালুকডাৰ আৰু অধীক্ষক পূৰ্ণিমা বৰুৱাৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনা কৰে৷ ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত স্বাস্হ্য বিভাগে জিলা প্ৰশাসনৰ ফালৰ পৰা সম্পূ্ৰ্ণ সহযোগিতা পাব বুলি তেওঁ আশ্বাস দিয়ে৷ পৰিদৰ্শণ কালত উপায়ুক্তগৰাকীৰ লগত অতিৰিক্ত উপায়ুক্তদ্বয় বিশ্বজিৎ ফুকন, কবিতা কাকতি কোঁৱৰ আৰু সহকাৰী আয়ুক্ত বেদব্ৰত পেগু উপস্হিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here