Home Popular “যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ হৈ উঠিব ঐতিহ্য ক্ষেত্ৰ”- ডঃ হিমন্ত বিশ্ব শৰ্মা

“যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ হৈ উঠিব ঐতিহ্য ক্ষেত্ৰ”- ডঃ হিমন্ত বিশ্ব শৰ্মা

202
0

গণ বাৰ্তা, যোৰহাট, ১৯ আগষ্ট: দেশৰ স্বাধীনতা আন্দোলনত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল যোৰহাট জিলাই। দেশৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি অসমৰ বহু বিশিষ্ট ব্যক্তিয়ে কাৰাবাস খাতিব লগীয়াও হৈছিল। আৰু এই ক্ষেত্ৰত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত বহু বিশিষ্ট ব্যক্তিৰ কাৰাবাসৰ দিন অতিবাহিত হৈছিল। এই কেন্দ্ৰীয় কাৰাগাৰতে কুশল কোঁৱৰক ব্ৰিটিছে ফাঁচী দিছিল। অসমৰ জাতীয় জীৱনৰ বহু পুৰোধা ব্যক্তিৰ পদ স্পৰ্শৰে জীপাল হৈ অতীতৰ বহু স্মৰণীয় স্মৃতি কঢ়িয়াই লৈ ফুৰা যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ হৈ উঠিব এক ঐতিহ্য ক্ষেত্ৰ। দিনজোৰা ভ্ৰমণ সূচীৰে আজি যোৰহাটত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰি এই কথা ঘোষণা কৰাৰ লগতে সাংবাদিক ৰ লগত হোৱা কথা বাৰ্তাত কয় যে, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত যোৰহাট কেন্দ্ৰীয় কাৰাগৰৰ এক নিবিড় সম্পৰ্ক আছে। ১৫ জুন ১৯৪৩ চনত এই কাৰাগৰত ব্ৰিটিছে শ্বহীদ কুশল কোঁৱৰ ক ফাঁচী দিছিল। এই কাৰাগৰৰ ভিতৰৰ পৰাই বেজা বাঁওৰি আৰু কমলা মিৰি ১৯৪২ আৰু ১৯৪৩ চনত এই সংসাৰৰ পৰা আঁতৰি গৈছিল। এই যোৰহাট কাৰাগাৰতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ, অমিয় কুমাৰ দাস, হেম বৰুৱা, বিমলা প্ৰসাদ চলিহা, বিজয় ভাগৱতী, কামাখ্যা ত্ৰিপাঠী আদি কে ধৰি অসমৰ আটাইকেইজন স্বাধীনতা সংগ্ৰামীয়ে ইয়াতেই কাৰাবৰণ কৰিছিল। এই কাৰাগৰৰ যি ঐতিয্য আছে তাক অসম চৰকাৰে সংৰক্ষণ কৰিবৰ বাবে সিদ্ধান্ত লৈছে। ৩৭০ বিঘা ইয়াত মাটি আছে। আমাৰ প্ৰচেষ্টা হব যে এশ বিঘা মাটি আমি জেলৰ পৰা পৃথক কৰি কুশল কোঁৱৰৰ ফাঁচী দিয়া স্থান, যত তেখেতে শেষৰ সময় কটাইছিল, সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী ৰ বহা পাতি থকা স্থান এই সকলো বোৰ যাতে চাব পাৰি আৰু এক সুন্দৰ ঐতিহ্য ক্ষেত্ৰ লৈ যাতে ৰূপান্তৰিত হয়, তাৰ বাবে ৰাজ্য চৰকাৰে চেষ্টা কৰিব। আৰু স্বাধীনতাৰ এই ৭৫ বছৰৰ অমৃত মহোৎসৱৰ সময়ত আমি এই কাম হাতত লম। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰি পিতাম্বৰ দেৱ গোস্বামীৰ কাৰাগাৰ কক্ষ,শ্বহীদ কুশল কোঁৱৰক ফাঁচি দিয়া ফাঁচিশাল পৰিদৰ্শন কৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰোপৰি কয়দীসকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়৷পৰিদৰ্শন কালত কৃষি মন্ত্ৰী অতুল বৰা,শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগু, ৰাজহ মন্ত্ৰী যোগেন মোহন,চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, দেৰগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ভবেন ভৰালী,টীয়ক সমষ্টিৰ বিধায়িকা ৰেনুপমা ৰাজখোৱা, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here