Home যোৰহাট যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

78
0

গণবাৰ্তা বিশেষ, যোৰহাট ১৬ নৱেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু যোৰহাট জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত আজি  যোৰহাট আৱৰ্ত্ত ভৱনৰ সভাকক্ষত অনুস্থিত হৈ যায়  ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । অনুষ্ঠানটোৰ  আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ।  অনুষ্ঠানত “সংবাদ মাধ্যমক ভয় নকৰে কোনে ?” শীৰ্ষক আলোচনা চক্ৰত জ্যেষ্ঠ সাংবাদিক ললিত বৰাই বৰ্তমান সময়ত সংবাদ মাধ্যমৰ স্থিতি সম্পৰ্কে মন্তব্য কৰি স্বাধীনোত্তৰ কালৰে পৰা সংবাদ মাধ্যমৰ স্বাধীনতা সম্পৰ্কে মত পোষন কৰে  ।  উক্ত বিষয়ত মন্তব্য কৰি বসুন্ধৰাৰ সম্পাদক শাংকৱ কৌশিক বৰুৱাই কয় যে ভয় আৰু সমীহ দুটা শব্দ আৰু সংবাদ মাধ্যমলৈ সেই সকলে ভয় কৰে যি সকল দুৰ্নীতিগ্ৰস্থ হয়| সংবাদ মাধ্যমলৈ ভয় কৰাৰ পূৰ্বে সংবাদ মাধ্যমলৈ ভয় কৰিব লগাকৈ নিজৰ আদৰ্শ নীতি অটুট ৰাখিছে নে নাই তাক লৈ প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে বুলি কয় বৰুৱাই| আনহাতে জ্যেষ্ঠ সাংবাদিক যোৰহাট প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ বৰাই কয় যে বৰ্তমান সময়ত অধিকাংশ পুজিপতিয়ে সংবাদ গোষ্ঠী ক্ৰয় কৰা বাবেও বহু ক্ষেত্ৰত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে ।  যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ সঞ্চালনাত অনুস্থিত সভাত অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কে মতপোষন কৰি যোৰহাটৰ সংবাদ কৰ্মী সকলৰ নিষ্ঠাক ভূয়সী প্ৰশংসা কৰে ।  অনুষ্ঠানৰ  আৰম্ভনিতে জিলা খনৰ কেইবাজনো  জ্যেষ্ঠ সাংবাদিকক  সম্বৰ্ধনা জনাই । উক্ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্য্যসূচীত  কেইবাজনো সাংবাদিকে কবিতা পাঠ কৰি জীপাল কৰি তোলে । অনুষ্ঠানটোত জিলা উপায়ুক্ত , অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন  , কবিতা কাকতি কোঁৱৰ , জিলা জনসংযোগ বিষয়া শাৰদী গগৈ , জনসংযোগৰ যুটীয়া সঞ্চালক দুচমন্ত মাধৱ বৰুৱা , জ্যেষ্ঠ সাংবাদিক ললিত বৰুৱা , শাঙকৱ কৌশিক বৰুৱা , যোগেশ ওজা , যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি দিগন্ত  বুঢ়াগোহাঁই , সম্পাদক প্ৰদীপ বৰা, নিৰঞ্জন মহন্ত , ৰমেন শইকীয়াকে প্ৰমুখ্যে যোৰহাটৰ বহু কেইজন জ্যেষ্ঠ সাংবাদিক উপস্থিত আছিল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here