Home যোৰহাট সংবাদমেলত যোৰহাটৰ জিলা উপায়ুক্তৰ ঘোষণা: উপ-নিৰ্বাচনত ক’ভিড বিধি মানিবই লাগিব

সংবাদমেলত যোৰহাটৰ জিলা উপায়ুক্তৰ ঘোষণা: উপ-নিৰ্বাচনত ক’ভিড বিধি মানিবই লাগিব

87
0


গণ বাৰ্তা, মৰিয়নী, ৭ অক্টোবৰ:
‘আগন্তুক মৰিয়নী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সময়ত সকলোৱে ক’ভিড বিধি মানি চলিবই লাগিব। ক’ভিড১৯ৰ  সংক্ৰমণ বৰ্তমানেও অব্যাহত আছে। অৱশ্যে যোৰহাট জিলাৰ পৰিস্থিতি এতিয়া সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন। তথাপি আসন্ন উপ-নিৰ্বাচন আৰু দুৰ্গা পূজাৰ সময়ত ক’ভিড বিধি সম্পূৰ্ণৰূপে মানি চলাটো বাধ্যতামূলক।’ আজি যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে এক সংবাদমেলত এইদৰে কয়। তিতাবৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলত উপায়ুক্ত বৰ্মনে লগতে আগন্তুক দুৰ্গা পূজা আৰু মৰিয়নীৰ উপ-নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত হোৱাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে। চলিত বৰ্ষৰ ১ জানুৱাৰীৰ ভোটাৰ তালিকা অনুযায়ীয়েই ভোটগ্ৰহণ অনুষ্ঠিত হ’ব বুলিও তেওঁ লগতে জনায়। অৱশ্যে যদি ইয়াৰ পিছত কোনো লোকে ভোটাৰ তালিকাত নামভৰ্তিৰ বাবে আবেদন কৰিছে তেওঁৰ নাম হয়তো ভোটাৰ তালিকাৰ সন্নিৱিষ্ট হ’ব বুলিও তেওঁ উল্লেখ কৰে। প্ৰসংগক্ৰমে তেওঁ ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলো লোককে ক’ভিড প্ৰতিষেধক ল’বলৈ আহ্বান জনায়। প্ৰথম ড’জ প্ৰতিষেধক সকলো স্বাস্থ্য কেন্দ্ৰতে প্ৰদান কৰি থকাৰ বিপৰীতে দ্বিতীয় ড’জ প্ৰতিষেধকো প্ৰদান কৰি থকা বুলি জানিবলৈ দিয়ে। ইফালে, উপায়ুক্তগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে, যোৰহাট জিলাৰ প্ৰায় দহ লাখ জনসংখ্যাৰ ভিতৰত ১৮ বছৰৰ ঊৰ্দ্ধৰ লোক প্ৰায় ৬ লাখ ৪৭ হাজাৰ ১৫ জন। ইয়াৰে ৬ লাখ ৩৯ হাজাৰ ৭৪১জনে ইতিমধ্যে প্ৰথম ড’জ প্ৰতিষেধক লৈছে । শতকৰা হাৰত ৯৮.৮৮ শতাংশ লোকে প্ৰথম ড’জ প্ৰতিষেধক গ্ৰহণ কৰিছে। ইয়াৰ বিপৰীতে বৰ্তমানলৈকে মাত্ৰ ২ লাখ ৮ হাজাৰ ২৮৮জনেহে দ্বিতীয় ড’জ গ্ৰহণ কৰিছে। শতকৰা হাৰত প্ৰায় ৩২.১৯ শতাংশ লোকেহে দুই ড’জ প্ৰতিষেধক গ্ৰহণ কৰিছে। অৱশ্যে এই হাৰ প্ৰতিদিনেই বৃদ্ধি পাই আহিছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে। আনহাতে, এতিয়ালৈকে প্ৰায় ৭,২৭৪জনে এটাও ড’জ প্ৰতিষেধক লোৱা নাই। সেইসকলৰ বাবে প্ৰশাসনে ইতিমধ্যে ব্যৱস্থা হাতত লোৱা বুলিও জানিবলৈ দিয়ে। মৰিয়নী উপ-নিৰ্বাচনত দুই ড’জ ক’ভিড প্ৰতিষেধক লোৱা লোককহে নিৰ্বাচনৰ কাম-কাজত ব্যৱহাৰ কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে। আনহাতে, পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোট গ্ৰহণ পৰ্ব চলিব বুলি জানিবলৈ দি উপায়ুক্তগৰাকীয়ে ইতিমধ্যে বিশেষভাৱে সক্ষম আৰু বয়োজ্যেষ্ঠ লোকৰ ভোট গ্ৰহণ ঘৰে ঘৰে লোৱাৰ প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক কাম-কাজ চলিছে বুলিও মন্তব্য কৰে। ইয়াৰ লগতে নিৰ্বাচন আয়োগে বান্ধি দিয়া নিৰ্দিষ্ট ফটো প্ৰমাণ-পত্ৰ লৈ ভোটদাতাসকলক ভোট গ্ৰহণ কেন্দ্ৰলৈ আহিবলৈও তেওঁ ভোটাৰ ৰাইজৰ প্ৰতি আহ্বান জনায়। আনহাতে, নিৰ্বাচনী আচৰণবিধি প্ৰযোজ্য হৈ থকাৰ পৰিপ্ৰেক্ষিতত কোনো দলে বা প্ৰাৰ্থীয়ে এই বিধি উলংঘন কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। কিন্তু মৰিয়নীৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে কালি মহিলাৰ মাজত মুকলিকৈ শাড়ী বিলোৱা প্ৰসংগত সাংবাদিকে কৰা এক প্ৰশ্নৰ সন্দৰ্ভত উপায়ুক্তগৰাকীয়ে এই সম্পৰ্কে নিৰ্বাচনী বিষয়া বা নিৰ্বাচন বিভাগ অৱগত নহ’ল বুলিহে মন্তব্য কৰে। অৱশ্যে ভৱিষ্যতে এনে বিষয়ত নজৰ ৰখা হ’ব বুলিও তেওঁ উল্লেখ কৰে। সংবাদমেলত অংশগ্ৰহণ কৰি যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে কয়, উপ-নিৰ্বাচনৰ লগতে আগন্তুক পূজাতো ক’ভিড প্ৰট’কল সকলোৱে মানি চলিব লাগিব। তেওঁ লগতে কয়, অবৈধ কাম-কাজৰ বিৰুদ্ধে আৰক্ষীয়ে কাৰ্যব্যৱস্থা গ্ৰহণ কৰি আছে। অবৈধ সুৰা, ড্ৰাগ্‌ছৰ লগতে নিচাযুক্ত দ্ৰব্য, জুৱা, আইপিএল জুৱা আদিৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলাই আছে। জিলা আৰক্ষী অধীক্ষকজনে লগতে জানিবলৈ দিয়া মতে, উপ-নিৰ্বাচনৰ বাবে সকলো স্কোৱাড ইতিমধ্যে গঠন কৰা হৈছে। একোজন দণ্ডাধীশৰ নেতৃত্বত এই স্কোৱডসমূহ গঠন কৰা হৈছে। ইতিমধ্যে ফ্লায়িং স্কোৱাডে নিজৰ কাম আৰম্ভ কৰি দিছে বুলিও আৰক্ষী অধীক্ষক অংকুৰ জৈনে জানিবলৈ দিয়ে। আনহাতে, আসন্ন মৰিয়নী উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত  জিলাখনৰ অনুজ্ঞা-পত্ৰ থকা বৈধ অস্ত্ৰসমূহ জমা দিবলৈ ইতিমধ্যেই গৰাকীক নিৰ্দেশ দিয়া হৈছে। আনহাতে, মৰিয়নী সমষ্টিৰ কাষৰীয়া সমষ্টিৰ আশে-পাশে থকা অনুজ্ঞা-পত্ৰ থকা বৈধ অস্ত্ৰ- শস্ত্ৰসমূহো জমা দিবলৈ নিৰ্দেশ দিয়া বুলিও লগতে জানিবলৈ দিয়ে। একেদৰে অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধেও আৰক্ষীৰ অভিযান অব্যাহত থকা বুলি জানিবলৈ দিয়ে। এই সময়ছোৱাত সকলোধৰণৰ শোভাযাত্ৰাই বন্ধ থাকিব লাগিব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে জানিবলৈ দিয়ে। ইফালে, অসম-নাগালেণ্ড সীমামূৰীয়া অঞ্চলসমূহত অৱস্থিত সীমান্ত নিৰীক্ষণ চকী ( বিঅ’পি)সমূহৰ আৰক্ষী জোৱানসকলকো সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। সীমান্তৱৰ্তী অঞ্চলত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি বিঅ’পিৰ আৰক্ষীৰ সৈতে শীৰ্ষ আৰক্ষী বিষয়াৰ সঘন যোগাযোগ হৈ থকা বুলিও লগতে জানিবলৈ দিয়ে। আগন্তুক উপ-নিৰ্বাচন আৰু দুৰ্গা পূজা সুকলমে অনুষ্ঠিত হৈ যোৱাৰ ক্ষেত্ৰত যোৰহাট জিলাৰ আৰক্ষীয়ে সকলো ব্যৱস্থা হাতত লৈছে বুলি আৰক্ষী অধীক্ষক অংকুৰ জৈনে জানিবলৈ দিয়ে। তিতাবৰ মহকুমাৰ মহকুমাধিপতি গায়ত্ৰী দেৱীদাস হ্যাংগলেই আঁত ধৰা সংবাদমেলত তিতাবৰ মহকুমা আৰক্ষী বিষয়া নৱনীতা শৰ্মা, তিতাবৰ নিৰ্বাচনী জিলাৰ নিৰ্বাচন বিষয়া অংকিতা দত্ত, তিতাবৰ মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ বেদাংগ কাশ্যপ দাস, দণ্ডাধীশ ডাঃ বিশ্বজিৎ বৰা আদিও উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here