গণ বাৰ্তা, যোৰহাট, ২৬ মাৰ্চ ঃ উমৰাংছ’ত জলবিদ্যুৎ প্ৰকল্পত হোৱা জলবোমা বিস্ফোৰণত নিহত হয় যোৰহাটৰ অভিযন্তা অনুপম শইকীয়া। অনুপম শইকীয়াৰ ঘৰ বৰিগাঁৱৰ বৰবৰুৱা টেকেলা গাঁৱত। অনুপম শইকীয়াৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে। পিতৃ অৱসৰপ্ৰাপ্ত চুবেদাৰ মেজৰ দিগন্ত কুমাৰ শইকীয়া আৰু মাতৃ ইতিমধ্যে উমৰাংছ’লৈ ৰাওনা হৈছে। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা পৰা B E ডিগ্ৰী গ্ৰহণ কৰা অনুপমে ২০১৩ চনত নীপ্কোত যোগদান কৰিছিল। আনহাতে, নিহত অনুপমে এটি ৭মহীয়া পুত্ৰ সন্তান এৰি গৈছে। উল্লেখ্য যে মাত্ৰ ১৫ দিন পূৰ্বে অনুপমে পত্নীক উমৰাংছ’লৈ লৈ গৈছিল। অনুপম শইকীয়াৰ পুৰণা ঘৰ টীয়কৰ কাৱৈমাৰীত বুলি জানিব পৰা গৈছে।