Home অসম যোৰহাট আৰক্ষীৰ গাড়ীৰ পৰাই পলাল কুখ্যাত ‘পচা’

যোৰহাট আৰক্ষীৰ গাড়ীৰ পৰাই পলাল কুখ্যাত ‘পচা’

304
0


গণ বাৰ্তা বিশেষ, যোৰহাট, ২১ ডিচেম্বৰ: যোৰহাট আৰক্ষী আৰু অপৰাধীৰ মধুৰ সম্পৰ্কৰ বিষয়ে বিভিন্ন সময়ত ব্যাপক চৰ্চা চলি থকাৰ মাজতে পোহৰলৈ আহিছে যোৰহাট আৰক্ষীৰ ফোঁপোলা স্বৰূপ৷ যোৰহাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ অকৰ্মণ্যতা আৰু অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া স্বভাৱৰ বাবেই কালি আৰক্ষী বিষয়াজনৰ হাতৰ পৰাই পলাই সাৰিল জুৱা-মদ-ভাং তথা ড্ৰাগ্‌ছ ব্যৱসায়ৰ লগত জড়িত ‘পচা’ নামৰ কুখ্যাত অপৰাধীটো৷ কালি হৰিজন কলনীত সংঘটিত উত্তপ্ত পৰিস্থিতিৰ মাজত স্থানীয় ৰাইজৰ তীব্ৰ হেঁচাত পচাৰ লগতে পচাৰ ভেৰোণীয়া গুণ্ডা বাহিনীক আটক কৰিছিল যোৰহাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিদানন্দ বৰাৰ নেতৃত্বত যোৱা এটা বিয়াগোম আৰক্ষীৰ দলে৷ ৰাইজৰ চকুত এখন নাটকৰ দৃশ্যৰ দৰে পচাক আটক কৰা আৰক্ষীৰ প্ৰকৃত স্বৰূপ ফাদিল হ’ল আটক কৰাৰ ৩০ মিনিটৰ পিছতে৷ আৰক্ষীৰ গাড়ীৰ পৰাই পলাই সাৰিল কুখ্যাত অপৰাধী৷ পচা পলাই যোৱা ঘটনা অতি সুন্দৰভাৱে গাপ দি ৰখাৰ চেষ্টা কৰি অৱশেষত ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে যোৰহাটবাসী৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ গাড়ীৰ পৰা অপৰাধী পলাই যাবলৈ চেষ্টা কৰে যদিও যোৰহাট আৰক্ষীৰ গাড়ীৰ পৰা অপৰাধী পলাই যোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাই যোৰহাটবাসীয়ে৷ বন্ধ গাড়ীৰ পৰা আন অভিযুক্তসকলৰ মাজৰ পৰা এজন কিদৰে যাব পাৰে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে৷ চলন্ত গাড়ীৰ পৰা জঁপিয়ালে এজন ব্যক্তি তৎক্ষণাত দৌৰিব নোৱাৰে বুলি মন্তব্য কৰি একাংশ যোৰহাটবাসীয়ে কয় যে আৰক্ষীৰ গাড়ীত আটক কৰা অভিযুক্তক হেণ্ডকাফ লগাই থোৱা থাকে ৷ তেনে ক্ষেত্ৰত দুয়োকাষে আৰক্ষী থকাৰ পিছত পলাই যোৱা বিষয়ত ৰহস্যৰ গোন্ধ পাইছে সাধাৰণ ৰাইজে৷ উল্লেখ্য যে পচাক পূৰ্বতে গ্ৰেপ্তাৰ কৰিব লাগে বুলি বাতৰি পৰিৱেশন কৰাৰ বাবেই পচাৰ প্ৰেমত পৰা যোৰহাট আৰক্ষীৰ এজন দাস উপাধিৰ বিষয়াই জিলাখনৰ এজন জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ ইয়াত হাত উজান দিয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনেও সাংবাদিকজনৰ দোষ কি জানিব বিচৰাত আন এজন জ্যেষ্ঠ সাংবাদিকৰ প্ৰতি তীৰ্যক মন্তব্য কৰি নিজকে ধোৱা-তুলসীৰ পাত সজাই অসম আৰক্ষীৰ শীৰ্ষ বিষয়াকো কেয়াৰ নকৰে বুলি মন্তব্য কৰিছিল৷ সততে সাংবাদিকৰ ওপৰত খৰ্গহস্ত হৈ থকা বিষয়াজনৰ অপৰাধীৰ লগত এক সু-সম্পৰ্ক আছে বুলি প্ৰায়ে অভিযোগ উত্থাপন হৈ থকাৰ পিছত কালিৰ এই ঘটনাই বিষয়াজনৰ অপৰাধীপ্ৰীতিৰ দিশটোকে উদঙালে বুলি চাঞ্চল্যকৰ মন্তব্য কৰিছে সচেতন মহলে৷ উল্লেখ্য যে বিগত দিনসমূহত পচা নামৰ কুখ্যাত চোৰটোৱে যোৰহাটৰ উঠি অহা প্ৰজন্মক বিপথে পৰিচালিত কৰাই নহয়, জুৱাৰ আড্ডা পাতি বহু পৰিয়াল শেষ কৰি আহিছে৷ সোমবাৰে পুৱাও যোৰহাট আৰক্ষীয়ে পচাৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ জুৱাৰ সামগ্ৰী উদ্ধাৰ কৰিছিল৷ যোৱা ছেপ্টেম্বৰ মাহত পচাই নিজৰ ঘৰৰ চৌহদত বহুকেইজন ব্যক্তিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ পিছত যোৰহাট আৰক্ষীৰ সোপাঢিলা স্বভাৱৰ বাবেই জামিনত মুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল পচা৷ জামিন লাভ কৰিয়েই পুনৰ হৰিজন কলনীক অপৰাধৰ ৰম্যভূমি কৰিবলৈ চেষ্টা চলোৱাৰ বাবেই সোমবাৰে পুৱা পচাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছিল স্থানীয় ৰাইজ৷ ইয়াৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল পচা বাহিনীক৷ ইফালে আৰক্ষী বিষয়াজনৰ এনে কাণ্ডজ্ঞানহীনতাৰ বাবে বিষয়াজনক শাস্তিমূলক বদলি কৰা হৈছে বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি পচা উদ্ধাৰৰ অভিযানত নামি পৰিছে যোৰহাট আৰক্ষী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here