ঋতুৰাজ ফুকন , যোৰহাট, ১৪ জুনঃ কভিড মহামাৰীৰ সময়তে যোৰহাটবাসীৰ বাবে সু খবৰ। এন আৰ এলে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আগবঢ়ালে ২০ টা অত্যাধুনিক আই চি ইউৰ লগতে ১০০ খন বিচনা। প্ৰায় ৭ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা এই বিচনা আৰু আই চি ইউৰ আজি শুভাৰম্ভ কৰে যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈয়ে। আজি আই চি ইউ আৰু বিচনা সমূহ শুভাৰম্ভ কৰি সাংসদ তপন কুমাৰ গগৈয়ে কয় যে এনে মহামাৰীৰ সময়ত চিকিৎসা মহাবিদ্যালয়খনত আই চি ইউ আৰ বিচনাৰ সঁচাকৈয়ে প্ৰয়োজন আছিল। এতিয়া অকণমান হ’লেও সকাহ পোৱা যাব। তেওঁ এন আৰ এলৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ লগতে এই আই চি ইউ চলাবৰ বাবে টেকনিকেল লোকৰ নাটনি নহয়। ইফালে এন আৰ এলৰ বিষয়াই কয় যে প্ৰায় ৭ কোটি টকা সাপেক্ষেৰে এই আই চি ইউ আৰু বিচনা সমূহত খৰচ হৈছে। তদুপৰি এই চিকিৎসা সেৱাৰ লগত জড়িত এই যন্ত্র পাতি সমূহ চোৱা চিতা কৰিবলৈ ৬ মাহৰ বাবে টেকনিচিয়ান মকৰল কৰিছে এন আৰ এলে। অন্যহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ পূৰ্ণিমা বৰুৱাই কয় যে এই সময়ত আই চি ইউ আৰু এনে উন্নত মানদণ্ডৰ যন্ত্রপাতি সম্বলিত বিচনাৰ অতিকৈ প্ৰয়োজন আছিল। উল্লেখ্য যে আজিৰ শুভাৰম্ভৰ সময়ত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ বহু লোক উপস্থিত আছিল।