Home যোৰহাট বিশিষ্ট অভিনেত্ৰী ,সাংস্কৃতিক কৰ্মী শৰ্মিষ্ঠা শৰ্মাৰ মৃত্যুত যোৰহাটত শোকৰ ছাঁ

বিশিষ্ট অভিনেত্ৰী ,সাংস্কৃতিক কৰ্মী শৰ্মিষ্ঠা শৰ্মাৰ মৃত্যুত যোৰহাটত শোকৰ ছাঁ

111
0


গণ বাৰ্তা, যোৰহাট, ৫ ছেপ্তেম্বৰ : যোৰহাট তথা ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ অন্যতম ভোটাতৰা, বিশিষ্ট  আবৃত্তিকাৰ, কবি, ঘোষিকা তথা প্ৰতিষ্ঠিত অভিনেত্ৰী শৰ্মিষ্ঠা শৰ্মা (বৰুৱা)ৰ আজি পুৱা নিজ বাসগৃহত  দেহাৱসান ঘটে । যোৰহাটৰ কলা-সংস্কৃতিৰ প্ৰতি উৎসৰ্গিত বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে যোৰহাটৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰে। সকলোৰে মাজত মমী নামেৰেই পৰিচিত শৰ্মিষ্ঠা বৰুৱা দীৰ্ঘদিন যকৃত ৰোগত আক্ৰান্ত হৈ আছিল। অসমৰ বাহিৰতো চিকিৎসা গ্ৰহণ কৰি থকা অভিনেত্ৰীগৰাকীয়ে আজি মাত্ৰ ৪৫ বছৰ বয়সতে মৃত্যুক সাবটি লয়। তেওঁৰ  মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বহু গুণমুগ্ধ তেওঁৰ বাসগৃহত সমবেত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। উল্লেখ্য যে ১৯৭৬ চনত বালিগাঁও ৰজাহাউলীত জন্মগ্ৰহণ কৰা প্ৰয়াত শৰ্মিষ্ঠা বৰুৱাই বালিগাঁৱত প্ৰাথমিক শিক্ষাগ্ৰহণ কৰি পৰৱৰ্তী সময়ত যোৰহাট চৰকাৰী বালিকা বিদ্যালয় আৰু যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰে। ছাত্ৰী অৱস্থাৰ পৰাই প্ৰয়াত শৰ্মিষ্ঠা বৰুৱাৰ সংগীত-নাট- অভিনয়ৰ প্ৰতি আছিল বিশেষ ৰাপ। আৰু সেই অনুসৰি বিদ্যালয়ত অধ্যয়ন কৰাৰ দিনৰ পৰাই তেওঁ জড়িত হৈ পৰিছিল নাট্যাভিনয়ৰৰ লগতে কাব্য চৰ্চাৰ লগত। তেওঁ শৈশৱৰ পৰাই নিজ বাসগৃহত লাভ কৰিছিল এক সাংস্কৃতিক পৰিৱেশ।  আৰু সেই অনুসৰি তেওঁ ছাত্ৰী অৱস্থাৰ পৰাই যোৰহাটৰ বিভিন্ন  সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ পৰিছিল আৰু বিভিন্ন নাটকত অভিনয় কৰি সুখ্যাতি অৰ্জন কৰাৰ লগতে নিজকে যোৰহাটৰ নাট্যক্ষেত্ৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেওঁ জড়িত হৈ পৰিছিল যোৰহাটৰ প্ৰতিষ্ঠিত নাট্যগোষ্ঠী ইংগিত, ৰংগতীৰ্থ, যোৰহাট থিয়েটাৰ, বালিগাঁও নাট্য সন্মিলন, তৰাজান নাট্য মন্দিৰ আদিৰ দৰে প্ৰতিষ্ঠিত নাট্যগোষ্ঠী ৰ সৈতে। নাট্যাভিনয়ৰ লগতে কবিতা আবৃত্তি, নৃত্য পৰিচালক হিচাপেও তেওঁ লাভ কৰিছিল বিশেষ সফলতা। তেওঁ ৰংগতীৰ্থৰ লগত জড়িত হৈ অভিনয় কৰা কমলা কুঁৱৰীৰ সাধু নাটকখন আছিল অনন্য। যিখন নাটকত অভিনয় কৰি তেওঁ দেশৰ বিভিন্ন মঞ্চত ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। তেওঁ কমলা কুঁৱৰীৰ সাধুত অভিনয় কৰাৰ সময়ত তেওঁৰ সহশিল্পী হিচাপে আছিল কণ্ঠশিল্পী জুবিন গাৰ্গৰ ভগ্নী প্ৰয়াত জংকি বৰঠাকুৰ। ইয়াৰ উপৰিও তেওঁ অভিনয় কৰা কেইখনমান উল্লেখযোগ্য নাটক হৈছে কাৰেঙৰ লিগিৰী, তেতোন তামুলী, নিমাতি কইনা আদি।  উল্লেখ্য যে তেওঁ যোৰহাটত দুবাৰকৈ বিশিষ্ট নাট্যকৰ্মী, পৰিচালক, নাট্যকাৰ শৈলেন কুমাৰ নাথৰ পৰিচালনাত মঞ্চস্থ হোৱা চিৰসেউজ নাটক ‘ৰূপালীম’ত সংগীত পৰিচালক হিচাপে কাম কৰি বিশেষ সফলতা লাভ কৰিছিল। এইগৰাকী শিল্পীয়ে কোৰোকাতলিৰ  সাংস্কৃতিক কৰ্মী জয়ন্ত শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। প্ৰয়াত শৰ্মিষ্ঠা বৰুৱা হৈছে জুবিন গাৰ্গৰ বিশিষ্ট বাদ্যযন্ত্ৰী ৰাজা বৰুৱাৰ ভগ্নী। মৃত্যুৰ সময়ত তেওঁ বাদ্যযন্ত্ৰী শিল্পী জ্যেষ্ঠ ভাতৃ ৰাজা বৰুৱা, স্বামী, এগৰাকী কন্যাসহ এটি বৃহৎ পৰিয়াল এৰি গৈছে । তেওঁৰ মৃত্যুত বালিগাঁও সন্মিলনী নাট্য মন্দিৰ, মিলন মন্দিৰ, মাতৃ মন্দিৰ, উত্তৰ-পশ্চিম যোৰহাট কবি সন্মিলন, উত্তৰ পশ্চিম যোৰহাট সাংবাদিক সন্থা, নৱজাত মইনা পাৰিজাত, যোৰহাট থিয়েটাৰ, যোৰহাট সংগীত শিল্পী সমাজ, বালিগাঁও মহিলা সমিতি, ৰজাহাউলী ঈদগাহ, ৰজাহাউলী পূজা মন্দিৰ আদি অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে কণ্ঠশিল্পী জুবিন গাৰ্গ,  আছু নেতা জুল খাউণ্ড, যোৰহাট সাহিত্য সভাৰ সম্পাদক অজন্ত কুমাৰ বৰাকে ধৰি বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here