Home স্থানীয় যোৰহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান : যোৰহাট আৰক্ষী ৰ বৃহৎ সফলতা; বৃহৎ...

যোৰহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান : যোৰহাট আৰক্ষী ৰ বৃহৎ সফলতা; বৃহৎ পৰিমাণৰ ড্ৰাগছ, গাঞ্জা সহ নগদ ধন উদ্ধাৰ

40
0

গণবাৰ্তা বিশেষ, যোৰহাট, ২৪ মে’ : দীৰ্ঘদিন ধৰি যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত অবৈধ ড্ৰাগছৰ চোৰাং বেহা চলি অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে কালি যোৰহাট আৰক্ষীয়ে যোৰহাট জিলাত চলায় এক ড্ৰাগছ বিৰোধী অভিযান। যোৰহাট সদৰ আৰক্ষীয়ে দীৰ্ঘদিন ধৰি চলাই অহা অনুসন্ধানৰ পাছত কালি নিশা এক ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হয়। কালি বিয়লিৰ পৰা বিভিন্ন গোপন সূত্ৰৰ পম খেদি যোৰহাট আৰক্ষীয়ে নিশালৈকে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই তিনি ড্ৰাগছ তথা গাঞ্জা সৰবৰাহকাৰী ক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৩ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ, ১৬ কেজি গাঞ্জা আৰু নগদ ২ লাখ ১০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়। যোৰহাট আৰক্ষীয়ে এই অভিযান চলায় যোৰহাট আৰু তিতাবৰ ত। আৰু অভিযানৰ অন্তত আৰক্ষীয়ে যোৰহাটৰ পৰা এজনক আৰু তিতাবৰৰ পৰা দুজনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জনোৱা মতে, আৰক্ষীয়ে এক বিশেষ গোপন সূত্ৰৰ পম খেদি প্ৰথমতে যোৰহাট চহৰৰ মাজমজিয়াৰ মাছৰ হাট অঞ্চলৰ সঞ্জয় শইকীয়া নামৰ এজন ঘৰত অভিযান চলাই তেওঁৰ ঘৰৰ পৰা ১৩ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়। তাৰ পাছত আৰক্ষীয়ে সঞ্জয় শইকীয়া ক সোধা পোচা কৰাৰ অন্তত অন্য বহু তথ্য লাভ কৰে। তাৰ পাছত যোৰহাট আৰক্ষীয়ে তিতাবৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰগুৰি অঞ্চলৰ অংকুৰ দাস আৰু বিতু দাস নামৰ দুজন যুৱকৰ ঘৰত কালি নিশাই অভিযান চলাই ১৬ কেজি গাঞ্জা, আৰু নগদ ২ লাখ ১০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি জনকে বৰ্তমান সোধা পোচা অব্যাহত ৰাখিছে। আগন্তুক দিনত আৰু ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষী ৰ জালত পৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে যোৰহাট আৰক্ষীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here