Home Main Stories জুৱা সম্ৰাট ‘পচা’ক লৈ যোৰহাটত পুনৰ উত্তপ্ত পৰিস্থিতি: আৰক্ষীৰ স্থিতিক কঠোৰ সমালোচনা...

জুৱা সম্ৰাট ‘পচা’ক লৈ যোৰহাটত পুনৰ উত্তপ্ত পৰিস্থিতি: আৰক্ষীৰ স্থিতিক কঠোৰ সমালোচনা যোৰহাটবাসীৰ

683
0

গণবাৰ্তা বিশেষ, যোৰহাট ২০ ডিচেম্বৰ: যোৰহাট চহৰৰ মাজৰ হৰিজন কলনিত আজি পুনৰ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি| হৰিজন কলনিৰ অসাধু ব্যৱসায়ী তথা জুৱা সম্ৰাট খ্যাত পচা বাচফৰক লৈ আজি সৃষ্টি হয় অপ্ৰীতিকৰ পৰিবেশ| কিছুদিন পূৰ্বে ৰঙাঘৰৰ পৰা জামিনত মুক্তি লাভ কৰি অহা পচা নামৰ কুখ্যাত ব্যক্তি জনে আহিয়েই নিজৰ ঘৰত পুনৰ জুৱাৰ আড্ডা আৰম্ভ কৰে| এই কাৰ্য্যত অতীষ্ঠ হৈ আজি স্থানীয় ৰাইজে পুনৰ পচাৰ ঘৰত গৈ অসামাজিক কাম বন্ধ কৰাৰ দাবী কৰে| এই ঘটনাত ক্ষুব্ধ হৈ এগৰাকী স্থানীয় মহিলাক শাৰীৰিক ভাৱে অপদস্থ কৰে পচা আৰু পচাৰ ভেৰোনীয়া গুন্ডা বাহিনীয়ে| ইয়াৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ| পচাৰ ঘৰ ঘেৰাও কৰা লগতে পচাক দৃষ্টান্তমুলক শাস্তি প্ৰদানৰ দাবীত উত্তাল হৈ পৰে হৰিজন কলনি| ইফালে ঘটনা সন্দৰ্ভত যোৰহাট‌ আৰক্ষী থানাত খবৰ দিয়া পিছতে যোৰহাট আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা কৰে|আৰক্ষী উপস্থিত হোৱাৰ পিছতে পচাক গ্ৰেপ্তাৰৰ দাবীত ক প্ৰকাৰৰ উত্তাল প্ৰতিবাদত নামে হৰিজন কলনিৰ কেইবাশতাধিক ৰাইজ| স্থানীয় ৰাইজৰ হেচাত যোৰহাট আৰক্ষীয়ে কুখ্যাত পচাৰ লগতে আন কেইবাজনো জুৱাৰীক আটক কৰি থানালৈ আনে| উল্লেখযোগ্য যে পচাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ বাতৰি পৰিবেশন কৰা বাবেই কিছুদিন পূৰ্বে যোৰহাটৰ এজন জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে যোৰহাট আৰক্ষীৰ এজন বিষয়াই ভূৱা গোচৰ ৰুজু কৰিছিল| পচাই ড্ৰাগছৰ ব্যৱসায় চলাই আহিছে বুলি স্থানীয় ৰাইজে আৰক্ষীক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো যোৰহাট আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহন নকৰা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে| ইয়াৰ পূৰ্বে পচাৰ ঘৰত নাবালিকা বন্দী কৰি ৰখা বুলি আৰক্ষীক অভিযোগ দিয়াৰ লগতে বাৰম্বাৰ আৰক্ষীক পচাৰ ঘৰত অভিযান চলাবলৈ অনুৰোধ জনোৱা পিছতো আৰক্ষীয়ে ঘৰটোত তালাচী চলোৱাৰ সৎ সাহস গোটাব পৰা নাছিল| পৰৱৰ্তী সময়ত পচাৰ ঘৰৰ পৰা নাবালিকা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সষ্টি কৰিছিল| আজিও ৰাইজৰ হেচাত পচাৰ ঘৰত তালাচী চলোৱাৰ পিছত উদ্ধাৰ হয় বহু পৰিমানৰ জুৱা খেলত ব্যৱহৃত সামগ্ৰী| হৰিজন কলনিত সন্ত্ৰাসৰ সৃষ্টি কৰা পচা এণ্ড কোম্পানী উৎখাত কৰিবলৈ যোৰহাট আৰক্ষীৰ সাহস হবনে তাক লৈ সৃষ্টি হৈছে বৃহৎ প্ৰশ্ন!

LEAVE A REPLY

Please enter your comment!
Please enter your name here