Home Main Stories সাংবাদিকতা আৰু অসমীয়া সাংবাদিকতাৰ শেহতীয়া ধাৰা

সাংবাদিকতা আৰু অসমীয়া সাংবাদিকতাৰ শেহতীয়া ধাৰা

757
0

মজিবুৰ ৰহমান

সাংবাদিকতা হ’ল এনে এটা বৃত্তি যিটোৰ দ্বাৰা জীৱিকা অৰ্জনৰ লগতে দেশ আৰু সমাজৰ কল্যাণৰ বাবে চিন্তা তথা আলোচনা উত্থাপনৰ জৰিয়তে সমাজক প্ৰভাৱিত কৰিবলৈ সংবাদ বা বাতৰি সৰবৰাহ কৰিব পাৰি। এই বিষয়ৰ অগ্ৰগতিৰ প্ৰক্ৰিয়াৰ জৰিয়তে লাভ কৰা উপযোগিতাসমূহ ব্যক্তি তথা সামূহিক আৰু সামাজিক কল্যাণৰ কামত নিয়োজিত কৰিব পৰা যায়। ৱেবষ্টাৰৰ তৃতীয় আন্তৰ্জাতিক শব্দকোষৰ মতে – ‘সাংবাদিকতা হ’ল- পৰিৱেশ, প্ৰকাশ আৰু প্ৰচাৰৰ বাবে সামাজিক ঘটনাৰাজি বা বিষয় সংগ্ৰহ তথা সম্পাদনা।’ বিশ্বৰ বিভিন্ন দেশত সাংবাদিকতাৰ বিশাল ক্ষেত্ৰখন সংশ্লিষ্ট দেশখনৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু বৈজ্ঞানিক দিশৰ সৈতে জড়িত অতি প্ৰয়োজনীয় অঙ্গ হৈ পৰিছে। বৰ্তমান বিশ্বত সাংবাদিকতাৰ নানা দিশৰ চৰ্চাই ব্যক্তি আৰু সমাজৰ উন্নয়নৰ বাবে প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে ৰাজনৈতিক তথা প্ৰশাসনিক ক্ষমতাৰ উৎকৰ্ষ সাধনৰ বাবে উদ্বুদ্ধ কৰে।
অসমত ১৮৪৬ চনত ‘অৰুণোদয়’ সংবাদ-পত্ৰৰ জৰিয়তে সাংবাদিকতাৰ পৰিক্ৰমা আৰম্ভ হয়। সম্প্ৰতি অসমৰ সাংবাদিকতা বিভিন্ন দিশৰ পৰা চহকী আৰু বৃত্তি হিচাবে ই ক্ৰমাগত আকৰ্ষণীয় হৈ উঠিছে। এই সময়ছোৱাতে অসমীয়া সাংবাদিকতাৰ শেহ¸তীয়া ধাৰা বিভিন্ন সময়ত আলোকপাত কৰা হৈছে। অসম আন্দোলনৰ সময়লৈকে অসমত স্থায়ীভাৱে কেইখনমান বাতৰিকাকত আৰু আলোচনীহে প্ৰকাশিত হৈ আছিল। ১৯৮০ৰ দশকলৈকে ‘দ্য আসাম ট্ৰিবিউন’ গোষ্ঠী আৰু ‘জনমভূমি’ গোষ্ঠীয়ে সংবাদ সেৱাৰ ক্ষেত্ৰত প্ৰাধান্য লাভ কৰি আছিল। এই গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত ‘দৈনিক অসম’ আৰু ‘দৈনিক জনমভূমি’ কাকত দুখনেই আছিল জনপ্ৰিয় অসমীয়া বাতৰিকাকত। ইয়াৰ উপৰি ১৯৫৫ চনত আৰম্ভ হোৱা অসমৰ ‘বাঁহী’ নামৰ সাপ্তাহিক কাকতখনে সমাজ-জীৱনত বিশেষ প্ৰভাৱ পেলাইছিল। সেই সময়ত অসমত সাংবাদিকতা একধৰণৰ সমাজ সেৱা যেনেই আছিল।
অসম আন্দোলনৰ সমান্তৰালভাৱে জনসমাজত সচেতনতা বৃদ্ধি পোৱা হেতুকে পৰৱৰ্তী সময়ত অসমত সংবাদ-পত্ৰৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়ে আৰু বাতৰিকাকতৰ প্ৰচাৰ আৰু প্ৰকাশৰ সংখ্যাও বৃদ্ধি হয়। ১৯৯০ চনৰ পৰাই অসমৰ সংবাদ সেৱাই ক্ৰমাগত এটা লাভজনক উদ্যোগ হিচাবে বিকশিত হ’বলৈ লোৱাত সংবাদ সেৱাৰ কৰ্মপদ্ধতিৰ নানান পৰিৱৰ্তন সাধিত হ’বলৈ ধৰে। ইয়াৰ লগে লগে নতুন ধ্যান-ধাৰণা আৰু শৈক্ষিক অৰ্হতাৰে সমৃদ্ধ এচাম নতুন সংবাদকৰ্মীৰ আগমনে সাংবাদিকতাৰ তাৎক্ষণিক পৰিৱৰ্তন হ’বলৈ ধৰে। এই সময়ছোৱাত একেবাৰে নতুন কিছুমান সংবাদ গোষ্ঠীয়ে অসমৰ পটভূমিত সাংবাদিকতাৰ নানা পৰীক্ষা-নিৰীক্ষা চলোৱাৰ লগতে ব্যৱসায়িক দিশৰ পৰাও এক সবল উদ্যোগ ৰূপে ইয়াৰ বিকাশ আৰম্ভ হয়। ইয়াৰ উপৰি সংবাদ-পত্ৰ আৰু সংবাদ সেৱাৰ মাজত অঘোষিত প্ৰতিযোগিতা আৰম্ভ হয়। ইয়াৰ ফলত এই ক্ষেত্ৰত ভালেমান পৰিৱৰ্তন সংঘটিত হৈছে। প্ৰথম অৱস্থাত কাকতৰ প্ৰচলনৰ সংখ্যা বৃদ্ধিৰ বাবে ব্যাপক হালধীয়া সাংবাদিকতাও কৰা হৈছিল। তথাপি ইয়াৰ মাজতো একধৰণৰ যুক্তিনিষ্ঠ তথ্যনিৰ্ভৰ সাংবাদিকতাও বৃদ্ধি হয়। বৰ্তমান দৈনিক আৰু সাপ্তাহিক সংবাদ-পত্ৰবোৰেও নিজা ধ্যান-ধাৰণাৰে সাংবাদিকতাৰ পুৰণি আৰু ন ন সূত্ৰ প্ৰয়োগ কৰি এটা সুস্থ সাংবাদিকতাৰ ধাৰা প্ৰৱৰ্তন কৰাৰ প্ৰচেষ্টা এক লক্ষণীয় দিশ। ভাৰতৰ অন্য দেশতো সংবাদ-পত্ৰই স্থানীয়ভাৱে ৰাষ্ট্ৰব্যৱস্থা পৰিচালনা প্ৰক্ৰিয়াত নজৰ দিয়াটো এক অঙ্গাঙ্গী ৰূপ হৈ পৰিছে। সংবাদ-পত্ৰই উদঙাই দিয়া উপযুক্ত বিশ্লেষণৰ জৰিয়তে আঙুলিয়াই দিয়া নানা প্ৰচেষ্টাৰে দেশৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু প্ৰশাসনিক দুৰ্নীতিৰ দিশত সাংবাদিকতাৰ নতুন দিশ উন্মোচিত হয়। এই দিশত অসমৰ সংবাদ-পত্ৰই আঙুলিয়াই দিয়া বহু বিতৰ্কিত আন্তঃৰাজ্যিক বা আন্তঃৰাষ্ট্ৰীয় বিষয় উত্থাপন কৰা আৰু ইয়াৰ সমাধানৰ দিশ-নিৰ্দেশনা দাঙি ধৰা দেখা যায়।
সম্প্ৰতি অসমত কিছুমান সংবাদ মাধ্যমৰ অপৰিশীলিত ক্ৰিয়া-কাণ্ডই সাময়িকভাৱে সমাজৰ অহিত কৰাৰ লগতে উন্নয়নত বাধাগ্ৰস্ত নকৰা নহয়। ৰাজনৈতিক মুনাফা, ব্যক্তি উদ্দেশ্য বা চাঞ্চল্যকৰ সংবাদ পৰিচালনাৰে দুই-এক সংবাদ-পত্ৰই সমাজত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে ঘৃণনীয় সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতো সামগ্ৰিকভাৱে অসমৰ সংবাদ-পত্ৰ আৰু সাংবাদিকসকলে সমাজৰ সুস্থ বিকাশ আৰু স্থিতিৰ বাবেই সফলতাৰে কাম কৰিবলৈ সক্ষম হৈছে।
বৰ্তমান অসমত অসমীয়া, ইংৰাজী, হিন্দী, বাংলা আদি ভাষাত কেইবাখনো দৈনিক আৰু সাপ্তাহিক পত্ৰিকা প্ৰকাশ হোৱাৰ উপৰি মাহেকীয়া আৰু বছৰেকীয়া আলোচনী আদি নিয়মীয়াকৈ প্ৰকাশ হৈ আছে। অসমৰ কে’বাখনো কাকতে বিভিন্ন অঞ্চলৰ পৰা ‘ছেটেলাইট এডিছন’ প্ৰকাশ কৰি আছে। এই কাকতসমূহে পাঠকক আকৃষ্ট কৰাৰ বাবে ৰঙীন পৃষ্ঠাৰ পৰিপূৰক পৰ্যন্ত ছপা কৰিবলৈ লৈছে। প্ৰতিযোগিতাৰ দৌৰত কাকতসমূহৰ পৰিসংখ্যা বনোৱা, মূল্যমান কমোৱা, গুণগত মান উন্নত কৰা প্ৰতিযোগিতাৰো আৰম্ভণি ঘটাইছে।
শেহতীয়াভাৱে অসমৰ প্ৰেক্ষাপটত বাতৰিপ্ৰধান ‘নিউজ চেনেল’কেইটাৰ লগতে কেৱল বাতৰিৰ শিৰোনাম প্ৰচাৰ কৰাৰ অনুমতিপ্ৰাপ্ত এফ এম ৰেডিঅ’ চেনেলৰ আত্মপ্ৰকাশে অসমীয়া সাংবাদিকতাৰ সামগ্ৰিক ধাৰাক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

( লেখক জনপ্ৰিয় হায়াৰ চেকেন্ডাৰী স্কুলৰ অধ্যক্ষ, ফোন নম্বৰ : ৯১০১৬০১৮২০ )

LEAVE A REPLY

Please enter your comment!
Please enter your name here