Home অসম সাংবাদিক বিকাশ মৰাণৰ ৰহস্যজনক আত্মহনন, খবৰ বিচাৰি ফুৰা ব্যক্তিজন আজি নিজেই খবৰ...

সাংবাদিক বিকাশ মৰাণৰ ৰহস্যজনক আত্মহনন, খবৰ বিচাৰি ফুৰা ব্যক্তিজন আজি নিজেই খবৰ হ’ল

106
0


গণ বাৰ্তা, তিনিচুকীয়া, ১১ জানুৱাৰী: সংবাদ জগতৰ এটি পৰিচিত নাম সাংবাদিক বিকাশ মৰাণে কালি মাজনিশা তিনিচুকীয়াৰ মাকুমৰ টেঙাপানী পথৰ নিজৰ বাস ভৱনত আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অসমৰে সংবাদ মহলত ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে৷ সাংবাদিক বিকাশ মৰাণে আত্মৰক্ষাৰ বাবে ব্যৱহাৰ কৰা অনুজ্ঞা-পত্ৰ থকা পিষ্টলেৰে মূৰত গুলী ফুটাই নিজ ঘৰৰ ছাদত আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে৷ অতি উদ্যমী আৰু সৰবৰহী সংবাদকৰ্মীজনক দুদিন পূৰ্বে মাকুমত নিজে কৰ্মৰত বৈদু্যতিন সংবাদ মাধ্যমৰ ভোগালীৰ অনুষ্ঠানত অতি সপ্ৰতীভ ৰূপত দেখা পোৱা গৈছিল বুলি জিলাখনৰ সংবাদকৰ্মী আৰু অনান্য ৰাইজে জানিবলৈ দিছে৷ দুদিন আগলৈকে মঞ্চত বিহু নাচি ফূৰ্তি কৰা ব্যক্তিজনে কিদৰে আত্মহত্যাৰ দৰে ভয়ংকৰ সিদ্ধান্ত ল’ব পাৰে বুলিও বহুজনে প্ৰশ্ন কৰিছে৷ উল্লেখ্য যে পূৰ্বাঞ্চল বাতৰি কাকতৰ জৰিয়তে সংবাদ জগতত খোজ পেলোৱা বিকাশ মৰাণে নিউজ লাইভ, আছাম টক্স, ডি এ নিউজ প্লাছ আৰু নিউজ টাইম অসম নামৰ বৈদু্যতিন সংবাদ মাধ্যমৰ উজনি অসমৰ ব্যুৰু চীফ হিচাপে সংবাদ সেৱা কৰি আহিছিল৷ যুৱ অৱস্থাত মৰাণ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্ব লৈ জনগোষ্ঠীৰ উত্তৰণত আগভাগ লোৱা বিকাশ মৰাণ এজন অক্লান্ত কৰ্মী আছিল৷ বেচৰকাৰী অনুষ্ঠান সূৰ্যোদয়ৰো উপ-সভাপতিৰ দায়িত্ব লৈ এটা সময়ত জিলাখনৰ দুৰ্গম ঠাইৰ জনতাৰ হৈ সজোৰে মাত মাতিছিল প্ৰয়াত মৰাণে৷ জ্যেষ্ঠ সাংবাদিকজনৰ আত্মহননৰ ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগেই তেওঁৰ মাকুমস্থিত ঘৰত অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হয়৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আত্মহত্যাত ব্যৱহাৰ কৰা পিষ্টলটো জব্দ কৰি মৃতদেহৰ মৰোণত্তৰ পৰীক্ষা সমাপন কৰিছে৷ জিলাখনৰ সাংবাদিকসকলে মৰাণৰ মৃতদেহত থানা চাৰিআলিত এক শোকসভা কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মৰাণৰ আকস্মিক বিয়োগত জিলা সাংবাদিক সন্থা, জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতি, টাই আহোম ছাত্ৰ সন্থা আদি বিভিন্ন সংগঠনে শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত মৰাণে নিজৰ পত্নী, পুত্ৰ, আৰু দুই কন্যাক ইহ সংসাৰত গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here