Home Uncategorized আই. এফ. জে ৰ ইণ্টাৰনেচনেল প্ৰেছ কাৰ্ড লাভ সাংবাদিক মনোৰঞ্জন মৰাণৰ

আই. এফ. জে ৰ ইণ্টাৰনেচনেল প্ৰেছ কাৰ্ড লাভ সাংবাদিক মনোৰঞ্জন মৰাণৰ

270
0

গণ বাৰ্তা: ডুমডুমা: ৬ মে: বিশ্বৰ এটা আগশাৰীৰ তথা অন্যতম শক্তিশালী সাংবাদিক সংস্থা ইণ্টাৰনেচনেল ফেডাৰেচন অৱ জাৰ্নেলিষ্টৰ ( আই. এফ. জে) সদস্যভুক্তি হৈ প্ৰেছ পৰিচয় পত্ৰ লাভ কৰিছে তিনিচুকীয়াৰ সাংবাদিক মনোৰঞ্জন মৰাণে । ১৯২৬ চনত স্থাপিত আই এফ জে ত বিশ্বৰ ১৪৬ খন দেশৰ সাংবাদিক সদস্য আছে। আই. এফ. জেই প্ৰদান কৰা ইণ্টাৰনেচনেল প্ৰেছ কাৰ্ড (আই. পি. চি) তিনিচুকীয়াৰ সাংবাদিক মনোৰঞ্জন মৰাণে লাভ কৰিছে। মৰাণ “দৈনিক জনমভূমি” ৰ তিনিচুকীয়াৰ সাংবাদিক। তেখেত এগৰাকী লেখক হিচাপেও পৰিচিত। সাংবাদিক-লেখক মনোৰঞ্জন মৰাণে ইতিমধ্যে বহুকেইটা বঁটা, সম্বৰ্ধনা লাভ কৰিছে। সাংবাদিক মনোৰঞ্জন মৰাণ তিনিচুকীয়া জিলাৰ ডুমডুমা সমীপৰ ৰঙাজানৰ নিবাসী বলীন মৰাণ আৰু প্ৰয়াত চেনদা মৰাণৰ জ্যেষ্ঠ পুত্ৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here