গণ-বাৰ্তা,নাৰায়ণপুৰ, ১৭ এপ্ৰিল: স্পাৰ্কৰ উদ্যোগত গুৱাহাটীৰ ৰুক্মিণী নগৰ প্ৰেক্ষাগৃহত যোৱা ১১ আৰু ১২ এপ্ৰিলত অনুষ্ঠিত হোৱা সৌন্দৰ্য প্ৰতিযোগিতাত লখিমপুৰ জিলাৰ মেৰাগুৰীয়া নিবাসী মোহন নেৱাৰ আৰু সীতা নেৱাৰৰ একমাত্ৰ কন্যা ৰৌজি নেৱাৰে জুনিয়ৰ মিছ আসাম খিতাপ দখল কৰিবলৈ সক্ষম হয়। কণমানি অৱস্থাৰ পৰাই সৌন্দৰ্য চৰ্চাৰ প্ৰতি আগ্ৰহী ৰৌজি লালুক শংকৰদেৱ শিশু নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী।