Home ক্ৰীড়া ৰাষ্ট্ৰীয় যুৱ ভলীবল খেলত জুৰীয়াৰ শিৰাজুল ইছলামৰ সাফল্য: উত্তৰ প্ৰদেশক হৰুৱাই...

ৰাষ্ট্ৰীয় যুৱ ভলীবল খেলত জুৰীয়াৰ শিৰাজুল ইছলামৰ সাফল্য: উত্তৰ প্ৰদেশক হৰুৱাই লাভ কৰিলে সোণৰ পদক

136
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৮ নৱেম্বৰ : বহি:ৰাজ্য ৰাজস্থানত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ ভলীবল খেলত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা জুৰীয়াৰ শিৰাজুল ইছলামে সোণৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোৱা ২৩ ৰ পৰা ২৫ নৱেম্বৰত অনুষ্ঠিত ফাইনেল খেলখন অসম আৰু উত্তৰ প্ৰদেশৰ মাজত অনুষ্ঠিত হৈছিল। ২৫ নৱেম্বৰত অনুষ্ঠিত উক্ত ফাইনেল খেলত অসমে উত্তৰ প্ৰদেশ ৩:১ ছেটত পৰাস্ত কৰি অসম তথা নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে জুৰীয়াৰ মাহেৰীপাৰ নিবাসী মহিৰ উদ্দিনৰ পুত্ৰ শিৰাজুল ইছলামৰ এনে সফলতাত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। মনকৰিবলগীয়া যে কিছুদিন পুৰ্বে জুৰীয়া অঞ্চলৰ আজমল কবিৰ আৰু আমিৰ হুছেইনে বহি:ৰাষ্ট্ৰ নেপালত অনুষ্ঠিত চাউথ এছিয়ান গেমছৰ ভলীবল খেলত সোণৰ পদক লাভ কৰি দেশৰ লগতে জুৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here