গণ বাৰ্তা, গোসাইগাঁও, ১৮ অক্টোবৰ: সম্প্ৰতি ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ তুংগত৷ শাসক-বিৰোধী সকলোৱে সৰ্বশক্তি প্ৰয়োগ কৰি নিজ নিজ মনোনীত তথা সমৰ্থিত প্ৰাৰ্থীক জয়ী কৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ গোসাইগাঁও বিধানসভা সমষ্টিত বিজেপি-ইউপিপিএল মিত্ৰদলৰ প্ৰাৰ্থী জীৰণ বসুমতাৰীৰ হৈ প্ৰচাৰ চলাবৰ বাবে সোমবাৰে বিয়লি চাৰি বজাত হেলিকপ্টাৰযোগে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ কাৰ্যসূচী অনুসৰি বিয়লি চাৰি বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোসাইগাঁও মহকুমাৰ সদৰ চহৰৰ নিকটৱৰ্তী হাৰাপুটাস্থিত আছাৰ প্ৰতিষ্ঠাপক সভাপতি জাষ্টিন লাক্ৰাৰ গৃহত উপস্থিত হৈ প্ৰয়াত সভাপতি জাষ্টিন লাক্ৰাৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আছাৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰে৷ তাৰ পিছত সংবাদিকৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰয়াত আছাৰ সভাপতি জাষ্টিন লাক্ৰাৰ সৈতে তেওঁৰ ঘৰুৱা সম্পৰ্ক আছিল৷ ইয়াৰ পিছত পদ্মবিলস্থিত আছাৰ প্ৰয়াত সভাপতি বস্কো চেৰমাকোৰ গৃহত উপস্থিত হৈ প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সৈতেও মত বিনিময় কৰে৷ পৰৱৰ্তী কাৰ্যসূচী অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ স্বভিমান কাতি বিহুৰ প্ৰতি সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ গোসাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰীৰামপুৰৰ বিহাৰীপট্টিৰ ধাননিপথাৰত বন্তি প্ৰজ্বলন কৰে৷ অসমৰ মূল শস্য ধান খেতিত বন্তি প্ৰজ্বলন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ উদ্দেশ্যে কয় যে অসমীয়া জনজীৱনৰ অতিকৈ আপোন কাতি বিহুৰ দিনা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে অসমবাসীৰ খেতিপথাৰত সোণালী শইচৰ সৃষ্টি হৈ আমাৰ পৰা কঙালী দূৰ হৈ আমাৰ জীৱনত সুখ আৰু সৌভাগ্যৰে আমাৰ জীৱনবোৰ ভৰি পৰে৷ ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে গোসাইগাঁও আৰক্ষী থানাৰ অধীনস্থ মৰণাই চাহ বাগিচাত নিশা যাপন কৰি আদিবাসী সম্প্ৰদায়ৰ বিভিন্ন দল-সংগঠনৰ লগত নিৰ্বাচন সম্পৰ্কে মত বিনিময় কৰিব৷ আকৌ কাইলৈ ৰাতিপুৱা গোসাইগাঁও উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত মিত্ৰদলৰ প্ৰাৰ্থী জীৰণ বসুমতাৰীৰ হৈ এক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব৷ মুখ্যমন্ত্ৰীৰ সৈতে সমূহ কাৰ্যসূচীত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ, ভূমি সংৰক্ষণ বিভাগৰ কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম, গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালৰ লগতে বিটিচিৰ ইএম, এমচিএলএসকল উপস্থিত থাকে৷
Home অসম আছাৰ প্ৰতিষ্ঠাপক সভাপতি জাষ্টিন লাক্ৰা , প্ৰায়ত সভাপতি বস্কো চাৰমাকোৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি...