Home অসম পুৱাই যোৰহাটত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা, জুইত জাহ গল লক্ষাধিক টকাৰ সম্পত্তি

পুৱাই যোৰহাটত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা, জুইত জাহ গল লক্ষাধিক টকাৰ সম্পত্তি

121
0

গণবাৰ্তা বিশেষ, যোৰহাট, ২২ জুলাই: এফালে কৃত্ৰিম বানপানী আনফালে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। এই দুই ঘটনাই আজি পুৱাই জোকাৰি গল যোৰহাট চহৰক। যোৱা নিশা অহা মুষলধাৰ বৰষুণে যোৰহাট চহৰৰ মাজমজিয়াত কৃত্ৰিম বানপানীৰ সৃষ্টি কৰাৰ পাছত পুৱাই যোৰহাট চহৰৰ মাজমজিয়াৰ অতি ব্যস্ত ব্যৱসায়িক অঞ্চল গঁড় আলিত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। যোৰহাট চহৰৰ মাজমজিয়াৰ গঁড় আলিৰ ইলি চিনেমা হল ৰ সমীপত। ঘটনা সন্দৰ্ভত প্ৰত্যক্ষ দর্শীয়ে জনোৱা মতে আজি পুৱা প্ৰায় ৫ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ইলি চিনেমা হলৰ সমীপৰ ভাৰত হাৰ্ডৱেৰ আৰু ঊষা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা। নিশা অহা প্ৰবল বৰষুণৰ পাছত এজন স্থানীয় ব্যৱসায়ী য়ে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পাছফালৰ ব্যৱসায়িক প্ৰতিষ্ঠান পৰা ধোঁৱা ওলোৱা দেখি উক্ত ব্যৱসায়ী জনক খবৰ দিয়ে। তাৰ পাছত ধোঁৱা বেছিকৈ ওলোৱা দেখি অগ্নিনিৰ্বাপক বাহিনীৰ লগতে জিলা প্ৰশাসনক খবৰ দিয়াৰ পাছত ঘটনা স্থলীত যোৰহাট, অ এন জি চি, আৰু টীয়কৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি অগ্নিনিৰ্বাপন কৰে। বৈদ্যুতিক চৰ্ত চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডৰ ফলত মুথুৰাজ, বিষ্ণু ষ্ট’ৰ, বিকানেৰ হোটেলকে ধৰি হাৰ্ডৱেৰ দোকান, এখন কম্পিউটাৰৰ  দোকানকে ধৰি প্ৰায় ৬ খন দোকানৰ সামগ্ৰী জুইত জাহ যায়। অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক সামগ্ৰী জুইত জাহ যোৱাৰ সন্দেহ কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here