Home অসম অসমী ফাইনেন্স বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে লুণ্ঠন চলাইছিল শুভ্ৰজ্যোতি ভৰালীয়ে: আৰক্ষীৰ তদন্তত পোহৰলৈ...

অসমী ফাইনেন্স বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে লুণ্ঠন চলাইছিল শুভ্ৰজ্যোতি ভৰালীয়ে: আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে দূৰ্নীতিৰ কলা অধ্যায়

127
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৮ অক্টোবৰ : ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ ৫০ কোটি টকীয়া কেলেংকাৰীৰ ৰহস্য ফাদিল৷ জেৰাত মুখ খুলিছে বেংকটোৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীয়ে৷ ভৰালীয়ে ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে চলাইছিল লুণ্ঠন৷ ‘অসমী ফাইনেন্স’ নামৰ এটা ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰো মালিক ভৰালী৷ নিজৰ ব্যক্তিগত কৰ্মচাৰীক বেংকত নিযুক্তি দিছিল ভৰালীয়ে৷ মুঠ ১২৫ জন কৰ্মচাৰীক বেংকত নিযুক্তি দিছিল শুভ্ৰজ্যোতি ভৰালীয়ে৷ ফিল্ড একজিকিউটিভ হিচাপে নিযুক্তি দিছিল ১৩জন কৰ্মচাৰীক৷ ধন সংগ্ৰাহক হিচাপে নিযুক্তি দিছিল শতাধিক কৰ্মচাৰীক৷ প্ৰতিজন কৰ্মচাৰীক ভৰালীয়ে দৰমহা হিচাপে দিছিল ১৫-২৭ হাজাৰ টকা৷ কিন্তু কাগজে-পত্ৰই প্ৰতিজনক ৪৮ হাজাৰ দিয়া দেখুৱাইছিল ভৰালীয়ে৷ কৰ্মচাৰীৰ নামত থকা অতিৰিক্ত দৰমহা আত্মসাৎ কৰিছিল ভৰালীয়ে৷ প্ৰতিজন কৰ্মচাৰীৰ পৰা ব্লেংক চেকত চহী ৰাখিছিল ভৰালীয়ে৷ প্ৰতিজন কৰ্মচাৰীৰে ৪-৫ টাকৈ একাউণ্ট আইডিবিআই বেংকত খুলি দিছিল৷ পূৰ্বে বেংকটোত আত্মসহায়ক গোটক ঋণ দিয়াৰ নিয়ম নাছিল৷ কিন্তু ভৰালীয়ে বেংকত যোগদান কৰিয়েই আত্মসহায়ক গোটক ঋণ দিছিল৷ ঋণৰ কিস্তি সংগ্ৰহৰ নামতো ১ কোটি ৮২ লাখ আত্মসাৎ কৰিছিল৷ ইয়াৰ উপৰি টিএৰ নামতো প্ৰায় ৰ কোটি ১০ লাখ টকা আত্মসাৎ কৰিছিল ভৰালীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here