Home অসম ৫০ কোটিটকীয়া কেলেংকাৰী, ইণ্ডাষ্ট্ৰিয়েল কোঅ’পাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীক গ্ৰেপ্তাৰ

৫০ কোটিটকীয়া কেলেংকাৰী, ইণ্ডাষ্ট্ৰিয়েল কোঅ’পাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীক গ্ৰেপ্তাৰ

238
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৭ অক্টোবৰ:
ইণ্ডাষ্ট্ৰিয়েল কো-অপাৰেটিভ বেংকৰ ৫০ কোটিটকীয়া কেলেংকাৰী সন্দৰ্ভত পাণবজাৰ আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিলে বেংকটোৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীক৷ সমগ্ৰ কেলেংকাৰীৰ মূল অভিযুক্ত এইজন শুভ্ৰজ্যোতি ভৰালী বহুদিনৰ পৰা পলাতক হৈ আছিল৷ ক’ভিডজনিত লকডাউনৰ সময়তে বেংকটোৰ পৰা হৰলুকী হৈছিল এই বৃহৎ পৰিমাণৰ ধন, অৰ্থাৎ ৫০ কোটি টকা৷ এই হৰলুকী সন্দৰ্ভত নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে দাখিল কৰিছিল এজাহাৰ৷ যোৱা ১৫ ছেপ্টেম্বৰত ফাঁচীবজাৰত থকা ইণ্ডাষ্ট্ৰিয়েল কো-অপাৰেটিভ বেংকৰ বিৰুদ্ধে ৫০ কোটি টকা আত্মসাতৰ অভিযোগ আনিছিল নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে৷ এজাহাৰাত তেওঁ নাম উল্লেখ কৰিছিল বেংকটোৰ কৰ্মচাৰী ক্ৰমে– ৰাজেশ্বৰ দাস, গণেশ ডেকা, ৰিংকু বৰ্মন, মোহিত চন্দ্ৰ গয়াৰী, নৰেন চন্দ্ৰ মেধি, মুকুল তালুকদাৰ, অনিল চন্দ্ৰ কলিতাৰ৷ অৱশ্যে পূৰ্বৰ গোচৰত জামিন লাভ কৰিছিল অভিযুক্ত আটাইকেইজনে৷ ইফালে, এই সন্দৰ্ভত বেংকৰ এজন কৰ্মচাৰীয়েও পাণবজাৰ থানাত দাখিল কৰিছিল এজাহাৰ৷ গকুল তালুকদাৰ নামৰ কৰ্মচাৰীজনে দাখিল কৰিছিল দ্বিতীয়টো গোচৰ৷ এই গোচৰৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে ৫৫১-২১ নম্বৰত কেচ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে শুভ্ৰজ্যোতি ভৰালীক৷ সম্প্ৰতি তেওঁক পাণবজাৰ থানাত ৰাখি জেৰা কৰি থকা হৈছে৷ উল্লেখ্য যে এইগৰাকী অভিযুক্ত শুভ্ৰজ্যোতি ভৰালীৰ বিৰুদ্ধে গুৱাহাটী উচ্ছ ন্যায়ালয়তো জালিয়াতি, ধন আত্মসাৎ কৰা সন্দৰ্ভত এটা গোচৰ চলি আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here