Home অসম জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত অত্যাধুনিক দৃশ্য-শ্ৰাব্য হাব উদ্বোধন মুখ্যমন্ত্ৰীৰ : ৰাজ্য চৰকাৰে...

জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত অত্যাধুনিক দৃশ্য-শ্ৰাব্য হাব উদ্বোধন মুখ্যমন্ত্ৰীৰ : ৰাজ্য চৰকাৰে জ্যোতি চিত্ৰবনত নিৰ্মাণ কৰিব ১,৫০০খন আসনযুক্ত প্ৰেক্ষাগৃহ- মুখ্যমন্ত্ৰী

237
0


গুৱাহাটী, ২২ আগষ্ট ঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ফিল্ম ষ্টুডিঅ’ জ্যোতি চিত্ৰবনৰ প্ৰাংগণত আজি এটি অত্যাধুনিক দৃশ্য-শ্ৰাব্য হাব ৰাইজৰ বাবে উৎসৰ্গিত কৰে৷ উত্তৰ-পূব পৰিষদৰ সাহায্যত ১০ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পটো ২০১৯ চনৰ ১০ নৱেম্বৰত আৰম্ভ কৰা হৈছিল৷ এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ দি দৃশ্য-শ্ৰাব্য হাবটোৰ উদ্বোধন অসমীয়া চলচিত্ৰ উদ্যোগৰ ইতিহাসত এটা গুৰুত্বপূৰ্ণ দিন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে এতিয়াৰ পৰা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চলচিত্ৰ প্ৰযোজকসকলে তেওঁলোকৰ ছবিৰ প’ষ্ট প্ৰডাকচন কাৰ্যকলাপৰ বাবে চেন্নাই বা মুম্বাইলৈ যাব লগা নহ’ব৷ দৃশ্য-শ্ৰাব্য হাবটোত স্থাপন কৰা অত্যাধুনিক সুবিধাসমূহৰ জৰিয়তে ছবি নিৰ্মাতাসকলে শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি তেওঁলোকৰ পোষ্ট প্ৰডাকচন সম্পন্ন কৰিবলৈ সক্ষম কৰিব৷ তেওঁ কয় যে ৰাজসাহায্যযুক্ত হাৰত দৃশ্য-শ্ৰাব্য হাবটোত উপলব্ধ হ’বলগীয়া সা-সুবিধাসমূহৰ জৰিয়তে চলচিত্ৰ প্ৰযোজকসকলে তেওঁলোকৰ পোষ্ট প্ৰডাকচনৰ কাম যেনে – ছবি সম্পাদনা, শব্দ সম্পাদনা, শব্দ মিশ্ৰণ, ভিজুৱেল এফেক্ট, ৰং সংশোধন, গ্ৰাফিক ডিজাইনিং আদি ৰাজ্যখনতে ভালদৰে সম্পাদনা কৰিব পাৰিব৷ ক’ভিড-১৯ মহামাৰীয়ে অসমীয়া চলচ্ছিত্ৰ উদ্যোগটোত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে এই উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ বাবে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ অসমীয়া চলচ্ছিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ই গ্ৰহণ কৰা ভূমিকাক প্ৰশংসা কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে পৰিৱৰ্তিত পৰিস্থিতিত প্ৰতিষ্ঠানটোৱে নিজকে সলনি কৰি আহিছে৷ ১৯৩৫ চনত মুক্তি পোৱা ‘জয়মতী’ ছবিৰে শুভাৰম্ভ হোৱা অসমীয়া চলচ্ছিত্ৰ জগতৰ সমৃদ্ধ ইতিহাসৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যি সময়ত সমগ্ৰ দেশৰে চলচ্ছিত্ৰ জগতখন অতি চালুকীয়া অৱস্থাত আছিল, সেই সময়ত অসমৰ দৰে এখন ৰাজ্যৰ পৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এখন পূৰ্ণাংগ চলচ্ছিত্ৰ নিৰ্মাণ কৰা কাৰ্য দুঃসাহস বুলিয়েই অভিহিত কৰিব পাৰি৷ তেওঁ কয় যে চলচ্ছিত্ৰ হৈছে এক শক্তিশালী গণ মাধ্যম৷ অসমত বৰ্ণাঢ্য সংস্কৃতিৰ সংৰক্ষণ আৰু সংবৰ্ধন তথা বৰ্ণিল ইতিহাসৰ প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰে ১৯৬১ চনত এটা চৰকাৰী ষ্টুডিঅ’ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ অসমীয়া চলচ্ছিত্ৰৰ পিতৃস্বৰূপ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ফিল্ম ষ্টুডিঅ’টোৰ নাম জ্যোতি চিত্ৰবন ৰখা হয়৷ জ্যোতি চিত্ৰবন স্থাপনে অসমত ফিল্ম ষ্টুডিঅ’ স্থাপনৰ ৰূপকোঁৱৰৰ সপোনক সাকাৰ ৰূপ দিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চলচ্ছিত্ৰৰ মাধ্যমেৰে সাংস্কৃতিক জীৱনবোধ বিশ্ব দৰবাৰলৈ নিয়াৰ লগতে ইয়াৰ সম্ভৱনাসমূহকো বিকশাই তোলাৰ বাবে গণসংযোগৰ এই উৎকৃষ্ট মাধ্যমটোক অধিক সুপৰিকল্পিতভাৱে আগুৱাই নিয়াৰ সময় আহি পৰিছে৷ ৰাজ্যখনৰ ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত কথাছবিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে বীৰ লাচিত বৰফুকনৰ জীৱনৰ ওপৰত এখন কথাছবি নিৰ্মাণৰ বাবে প্ৰস্তুতি হাতত লৈছে৷ তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত ৰ,৫০০ আসন বিশিষ্ট এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন ভূমিকা গ্ৰহণ কৰি বৰ্তমান পৰ্যায়লৈ অনা অতীত আৰু বৰ্তমানৰ ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত উপস্থিত থাকি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই ভাষণ দি কথাছবি নিৰ্মাণৰ ক্ষেত্ৰত জ্যোতি চিত্ৰবনক এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে৷ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা, জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ ছ’চাইটীৰ অধ্যক্ষ বিদ্যাসাগৰ বৰায়ো বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লয়া মাদ্দুৰী, অভিনেত্ৰী মৃদুলা বৰুৱা, কেইবাগৰাকী বোলছবি শিল্পী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here