Home অসম বিটিআৰ চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীক ঘৰুৱা পৰিৱেশত ৰখাৰ ব্যৱস্থা চৰকাৰৰ : জেলৰ...

বিটিআৰ চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীক ঘৰুৱা পৰিৱেশত ৰখাৰ ব্যৱস্থা চৰকাৰৰ : জেলৰ সলনি দৈমাৰীৰ নতুন ঠিকনা হ’ব কাজলগাঁৱৰ বড়োলেণ্ড গেষ্ট হাউচ

366
0

কাজলগাঁও , ৭ ছেপ্টম্বৰ : সম্প্ৰতি গুৱাহাটীৰ কাৰাগাৰত আশ্ৰয় গ্ৰহণ কৰি থকা এন ডি এফ বিৰ প্ৰতিষ্ঠাপন সভাপতি তথা বিটিআৰ চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীৰ নতুন ঠিকনা হ’ব চিৰাং জিলা সদৰ কাজলগাঁওস্থিত বডোলাণ্ড গেষ্ট হাউচ । অসম চৰকাৰে বিশেষ ব্যৱস্থৰে এই গেষ্ট হাউচটোক মিনি জেললৈ ৰূপান্তৰিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । সেয়েহে বডোলেণ্ড গেষ্ট হাউচৰ চৌপাশৰ দেৱাল ওখকৈ নিৰ্মাণৰ বাবে দিনে নিশাই কাম চলিছে । বিটিআৰ চুক্তি অনুসৰি তেখেতৰ আইনী প্ৰক্ৰিয়া সম্পন্ন নোহোৱালৈ তেখেতক এক ঘৰুৱা পৰিৱেশত ৰখাৰ বাবে উক্ত গেষ্ট হাউচটোক মিনি জেল হিচাপে ৰূপান্তৰিত কৰাৰ যো জা চলিছে । ৰঞ্জন দৈমাৰীৰ মুক্তি সন্দৰ্ভত সাংবাদিকে শোধা এক প্ৰশ্নৰ উত্তৰত চিৰাং জিলাৰ দায়িত্বত থকা অসমৰ কেবিনেট মন্ত্ৰী উৰ্খও গৌৰা ব্ৰহ্মই কয় যে , “ৰঞ্জন দৈমাৰীৰ মুক্তি এক আইনী প্ৰক্ৰিয়া । ইয়াক লৈ আমি বৰ বেছি তৰ্ক বিতৰ্ক কৰি কোনো লাভ নাই । এয়া হাইকৰ্টৰ বিষয় । ইয়াক ৰাজনৈতিক হস্তক্ষেপৰ জৰিয়তে বৰ বেছি জাপ মাৰিব নোৱাৰি । তেনে ক্ষেত্ৰত চৰকাৰে বিটিআৰ চুক্তি মৰ্মে তেখেতক কেনেকৈ সকাহ দিব পাৰে তাৰহে ব্যৱস্থা কৰা হৈছে । সেয়ে তেখেতক এটা ঘৰুৱা পৰিৱেশ দিবৰ বাবে চিৰাঙত এনেদৰে ৰখাৰ প্ৰচেষ্টা কৰা হৈছে । ” উল্লেখ্য যে , বিগত সময়ছোৱাত বডোলেণ্ড গেষ্ট হাউচটো নিজৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰি আছিল অসমৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে । 

LEAVE A REPLY

Please enter your comment!
Please enter your name here