Home অসম কলগাছিয়া আৰু কয়াকুছি গ্ৰন্থমেলা

কলগাছিয়া আৰু কয়াকুছি গ্ৰন্থমেলা

194
0


খবিৰ আহমেদ,৩ জানুৱাৰী : আমি বহুতেই পৃথিৱীৰ বহু ডাঙৰ গ্ৰন্থমেলাৰ কথা শুনিছোঁ বা দেখিছো৷ পৃথিৱীৰ আটাইতকৈ ডাঙৰ গ্ৰন্থমেলা হৈছে জাৰ্মানৰ ফ্ৰাঙ্কফুট গ্ৰন্থমেলা৷ এই গ্ৰন্থমেলাত আটাইতকৈ সৰহসংখ্যক অভিজাত গ্ৰন্থৰ লেখক, প্ৰকাশক, বিক্ৰেতা আৰু গ্ৰাহকৰ ভিৰ হয়৷ সেইদৰে লণ্ডনৰ গ্ৰন্থমেলাক পৃথিৱীৰ দ্বিতীয় বৃহৎ গ্ৰন্থমেলা বুলি ধৰা হয়৷ পৃথিৱীৰ তৃতীয় বৃহৎ গ্ৰন্থমেলা বুলি জনা যায় কলকাতা গ্ৰন্থমেলা৷ অৱশ্যে বহুতেই আকৌ জনসমাগমৰ ফালৰ পৰা কলকাতা গ্ৰন্থমেলাকেই পৃথিৱীৰ প্ৰথম গ্ৰন্থমেলা বুলি গণ্য কৰে৷ কিন্তু আজি আমি ক’বলৈ বিচাৰিছোঁ অসমৰেই একেবাৰেই ভিন্ন দুখন গ্ৰন্থমেলাৰ কথা৷ ২০২১ চনৰ শেষৰ পষেকটোত নামনি অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত দুখন গুৰুত্বপূৰ্ণ গ্ৰন্থমেলা অনুষ্ঠিত হৈ গ’ল৷ প্ৰথমখন হৈছে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা [১৬ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈকে] আৰু দ্বিতীয়খন হৈছে কলগাছিয়া গ্ৰন্থমেলা [২৫ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈকে]৷ কয়াকুছি বাণিজ্য আৰু গ্ৰন্থমেলা আৰম্ভ হৈছিল ২০১৫ চনৰ পৰা; আনহাতে, কলগাছিয়াৰ গ্ৰন্থ মেলাই একাদশ বছৰ পাৰ কৰি এইবাৰ ভৰি দিলে দ্বাদশ বছৰত৷ দুয়োখন গ্ৰন্থমেলাই নামনি অসমৰ জনসাধাৰণৰ মাজত ব্যাপক সহাঁৰি লাভ কৰিছে৷ কিছুদিন আগলৈকে কয়াকুছি আৰু কলগাছিয়াৰ নিচিনা ঠাইত গ্ৰন্থমেলাৰ ধাৰণাটো সপোনৰো অগোচৰ আছিল৷ নামনি অসমৰ গ্ৰন্থকীটসকলে কেতিয়াবা গুৱাহাটী, কেতিয়াবা কলকাতা গ্ৰন্থমেলালৈ যাব লগা হৈছিল প্ৰয়োজনীয় গ্ৰন্থ বিচাৰি৷ কিন্তু বিশেষকৈ দুজন দূৰদৰ্শী ৰাজনৈতিক নেতাৰ নেতৃত্বত আৰু এদল গ্ৰন্থপিপাসু লোকৰ উদ্যমিতাত এই দুয়োখন গ্ৰন্থমেলাই সঠিক গতি লাভ কৰিছে বুলি ক’ব পৰা যায়৷ এঘাৰ বছৰ আগত কলগাছিয়াত গ্ৰন্থমেলা আৰম্ভ হৈছিল তেতিয়াৰ জনীয়াৰ বিধায়ক আৰু এতিয়াৰ বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেকৰ নেতৃত্বত৷ তেওঁৰ নেতৃত্বত সৈনিক হিচাপে কাম কৰিছিল এদল শিক্ষক, অধা্যপক, সাংবাদিক, সমাজৰ নেতৃস্থানীয় লোক আৰু যুৱক-যুৱতীসকলে৷ আমি লক্ষ্য কৰিছোঁ যে প্ৰায় এক যুগ ধৰি চলি অহা কলগাছিয়া গ্ৰন্থমেলাই সেই বৃহত্তৰ অঞ্চলৰ মানুহৰ মন-মগজু-মানসিকতাক বহুখিনি আলেড়িত কৰিব পাৰিছে৷ মানুহৰ চিন্তা আৰু চেতনাৰ কিছু পৰিমাণে হ’লেও পৰিৱৰ্তন কৰিব পাৰিছে কলগাছিয়া গ্ৰন্থমেলাই৷ কয়াকুছিতো সেই একেটা কামকেই কৰি আহিছে সৰক্ষেত্ৰীৰ যুৱ বিধায়ক জাকিৰ হুছেইন শিকদাৰে৷ দুয়োজন ব্যক্তিয়েই সমুখৰ পৰা নেতৃত্ব দিয়াৰ বাবেই ঠাই দুখনত গ্ৰন্থমেলাই কেৱল পোখা মেলাই নহয়, ঠন ধৰিও উঠিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বৰপেটা জিলাৰ মন্দিয়াতো প্ৰায় একে সময়তেই গ্ৰন্থমেলা আৰম্ভ হৈছিল৷ কিন্তু আৰম্ভ হোৱাৰ কিছুদিন পিছতেই এক অজান কাৰণত কিয় যেন থমকি ৰ’ল মন্দিয়া গ্ৰন্থমেলা৷ বহুতেই কয় যে দক্ষিণ-পশ্চিম বৰপেটা জিলালৈ নতুন চিন্তা-চেতনাৰ স্ৰোত বোৱাই অনা ইছমাইল হুছেইন [জ্যেষ্ঠ] জীয়াই থাকিলে হয়তো মন্দিয়া গ্ৰন্থমেলাও ঠন ধৰি উঠিলেহেঁতেন৷ ৰাজনৈতিক অথবা অন্য কোনো কাৰণত সৰু সৰু গোট বা ফৈদৰ মাজত মতানৈক্য থাকিব পাৰে; কিন্তু সেইবোৰ মতানৈক্য বা মতবিৰোধ একাষৰীয়া কৰি থৈ সমাজখনৰ বৃহত্তৰ স্বাৰ্থত গ্ৰন্থমেলাৰ বাকৰিত সকলোৱে একেলগে কাম কৰাটো উচিৎ৷ এই ক্ষেত্ৰত আমি বাঘবৰৰ বিধায়ক মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ৷কলগাছিয়া বা কয়াকুছিত গ্ৰন্থমেলাৰ এই পৰিৱেশ এদিন বা দুদিনতে সৃষ্টি হোৱা নাই৷ আজিৰ পৰা এশ বছৰ আগত ১৯১৯ চনত স্থাপিত হৈছিল কলগাছিয়াৰ নিকটৱৰ্তী ঠাই চাকলা প্ৰাথমিক বিদ্যালয়৷ বৰ্তমান তাৰ শতবৰ্ষ উদ্‌যাপন চলি আছে৷ ১৯০৮ চনত স্থাপিত হৈছিল ওচৰৰেই ১৩৯নং ৰাঙাপানী নিম্ন প্ৰাথমিক বিদ্যালয়৷ চাকলা প্ৰাথমিক বিদ্যালয় আৰু ৰাঙাপানী প্ৰাথমিক বিদ্যালয়ৰ পৰা কলগাছিয়া গ্ৰন্থমেলালৈকে বহুযোজন বাট৷ আজিৰ পৰা প্ৰায় পঞ্চাশ বছৰ আগতেই কলগাছিয়াত স্থাপিত হৈছিল নৱজ্যোতি মহাবিদ্যালয়৷ বৰ্তমান সেইখন কলা আৰু বিজ্ঞান শাখাৰ সৈতে এখন পূৰ্ণ পৰ্যায়ৰ মহাবিদ্যালয়৷ বহুতো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানেৰে উজলি উঠা বৰ্তমান কলগাছিয়া নামনি অসমৰ এখন উল্লেখযোগ্য শিক্ষা কেন্দ্ৰ [Educational Hub]৷ প্ৰায় একে কথাই ক’ব পাৰি কয়াকুছিৰ ক্ষেত্ৰতো৷ ১৯২৬ চনত স্থাপিত হৈছিল কয়াকুছি প্ৰাথমিক বিদ্যালয়৷ কয়াকুছি উচ্ছতৰ মাধ্যমিক বিদ্যালয়, কে’বাখনো ব্যক্তিগত পৰ্যায়ৰ কনিষ্ঠ মহাবিদ্যালয়ৰ উপৰি এখন স্নাতক পৰ্যায়ৰ মহাবিদ্যালয়ে কয়াকুছিৰ শৈক্ষিক পৰিৱেশক বহুতো ওপৰলৈ লৈ গৈছে৷ সামাজিক মাধ্যমত কলগাছিয়া আৰু কয়াকুছি গ্ৰন্থমেলা সন্দৰ্ভত দুই এটা সমালোচনাও আমাৰ চকুত পৰিছে৷ দুই-এজনে লিখিছে যে সংখ্যালঘু অঞ্চলত অনুষ্ঠিত এনে গ্ৰন্থমেলাবোৰত গ্ৰন্থৰ বিপণীতকৈ বাণিজ্যিক বিপণীয়েই বেছি৷ গতিকে এইবোৰক গ্ৰন্থমেলা কোৱাতকৈ বাণিজ্যিক মেলাহে নাম দিয়া উচিত৷ এনেবোৰ সমালোচনাত যে কিছু সত্যতা আছে সেই কথা নুই কৰিব নোৱাৰি৷ কিন্তু গ্ৰন্থমেলাৰ লগত বাণিজ্য মেলা সাঙুৰি দিয়া কথাটো আমি অন্য দৃষ্টিকোণৰ পৰাও চাব লাগিব৷ কলগাছিয়া আৰু কয়াকুছি হৈছে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায় অধ্যুষিত অঞ্চল৷ ধৰ্মীয় সংখ্যালঘুৰ মাজতো তেওঁলোক মিঞা জনগোষ্ঠীৰ মানুহ৷ এই জনগোষ্ঠীটোৰ শৈক্ষিক আৰু সাংস্কৃতিক চেতনা ৰাজ্যৰ অগ্ৰণী জনগোষ্ঠীৰ তুলনাত বহুতো পিছুৱাই আছে৷ কিতাপ পঢ়াৰ অভ্যাস তেওঁলোকৰ মাজত প্ৰায় নাই বুলিয়েই ক’ব পাৰি৷ অধ্যয়নৰ ফলটো মিঠা হ’লেও ইয়াৰ গুৰিটো অৰ্থাৎ প্ৰক্ৰিয়াটো কিন্তু তিতা৷ গতিকে প্ৰাথমিক অৱস্থাত এটা ভাল নলগা তিতা প্ৰক্ৰিয়াৰ প্ৰতি মানুহক আকৰ্ষণ বা অভ্যস্ত কৰিবলৈ হ’লে কিছু মিঠাৰ প্ৰলেপ দিবই লাগিব৷ আমি ঔষধ হিচাপে ব্যৱহাৰ কৰা তিতা পিলবোৰ প্ৰস্তুতকাৰীসকলে মিঠা প্ৰলেপ দি বিক্ৰী কৰে৷ সাপধৰা মানুহবোৰে প্ৰথমে দুগদুগী বজাই মানুহ জমা কৰে আৰু তাৰ পিছত তাবিজ বিক্ৰী কৰে৷ বৌদ্ধিকভাৱে অনগ্ৰসৰ অঞ্চলত গ্ৰন্থমেলাৰ লগত বাণিজ্যমেলা সাঙুৰি দিয়া কথাবোৰ ঠিক তেনেকুৱাই৷মানুহক গ্ৰন্থৰ প্ৰতি আকৰ্ষণ কৰাৰ ওপৰিও কলগাছিয়া আৰু কয়াকুছি গ্ৰন্থমেলাই সামাজিক সংহতি আৰু সমন্বয়ৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ আজিৰ অসমৰ ৰাজনৈতিক আৰু সামাজিক পৰিমণ্ডলৰ পৰিপ্ৰেক্ষিতত এই বিষয়টোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা৷ দেখা পালোঁ যে দুয়োখন গ্ৰন্থমেলাই যেন সাম্প্ৰদায়িক সম্প্ৰিতীৰ একো-একোখন মজবুত সাঁকো৷ বিশেষকৈ ২০১৪ চনৰ পৰা কেন্দ্ৰত আৰু ২০১৬ চনৰ পৰা আমাৰ ৰাজ্যতো বিজেপি দলৰ চৰকাৰে শাসনভাৰ পোৱাৰ পিছত জনগোষ্ঠীসমূহৰ মাজত সম্প্ৰীতিৰ বান্ধোন সোলোক-ঢোলোক হৈ পৰিছে৷ মুখ্যমন্ত্ৰী সমন্বিতে প্ৰশাসনৰ একেবাৰে উচ্ছ পৰ্যায়ত থকা মানুবোৰে প্ৰতিদিনে এটা বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰি অতিশয় অসাংবিধানিক, অমানৱীয় আৰু দৃষ্টিকটূভাৱে মন্তব্য প্ৰকাশ কৰি আহিছে৷ তাৎপৰ্যপূৰ্ণভাৱে এই দুয়োখন গ্ৰন্থমেলাই অনুষ্ঠিত হৈছে মখ্যমন্ত্ৰীয়ে বেয়া পোৱা জনগোষ্ঠী অধ্যুষিত অঞ্চলত৷ তেওঁলোকৰ এনেকুৱা দৃষ্টিভংগী আৰু মন্তব্যই হয়তো তেওঁলোকৰ ক্ষন্তেকীয়া ৰাজনৈতিক লাভালাভ হ’ব, কিন্তু চিৰদিন-চিৰকালৰ বাবে অসম আৰু অসমীয়া জাতিৰ কোনো লাভ নহয়৷ ঠিক তেনে এটা অস্বস্তিকৰ পৰিৱেশৰ মাজত কয়াকুছি গ্ৰন্থমেলাত দেখা পালোঁ দেৱান জাকিৰ হুছেইন নামৰ এজন মুছলমান ল’ৰাই বৰগীত গাই মুকলি সভাৰ সকলো মানুহক আপ্লুত কৰিলে; আনহাতে, দেখা পালো হৰমোহন নাথ নামৰ এজন ব্যক্তিয়ে অতি সুন্দৰভাৱে জিকিৰ পৰিৱেশন কৰিলে৷ আকৌ কলগাছিয়া গ্ৰন্থমেলাত অনিৰুদ্ধ আৰ্য নামৰ ব্যক্তি এজনে সুন্দৰকৈ নবী বন্দনা গাই উপস্থিত সকলো মানুহৰ পৰা প্ৰশংসা বুটলিলে৷ মুছলমান যুৱক সকলে নিৰ্ভুলভাৱে জুবিন গাৰ্গৰ জনপ্ৰিয় গীতবোৰ গালে৷ সাগৰিকা গোস্বামী নামৰ ছোৱালী এজনীয়ে খুউব সুন্দৰকৈ মুকলি সভাৰ সমগ্ৰ কাৰ্যসূচীখন পৰিচালনা কৰিলে৷ দুয়োখন গ্ৰন্থমেলাৰ আয়োজক সকলে এনেদৰে সামাজিক সমন্বয় আৰু সম্প্ৰীতিৰ বান্ধোনডাল আৰু অধিক কটকটীয়া কৰাৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে তাক প্ৰসংশা কৰিবই লাগিব৷ কয়াকুছি গ্ৰন্থমেলাত লগ পালোঁ বিশিষ্ট চিকিৎসক নৱনীল বৰুৱা, বিশিষ্ট লেখক আৰু চিন্তাবিদ ময়ূৰ বৰা, আলোচনাপন্থী আলফাৰ সম্পাদক অনুপ চেতিয়া আৰু বিশিষ্ট যুৱ বিজ্ঞানী ফাইজুদ্দিন আহমেদক৷ সেইদৰে কলগাছিয়া গ্ৰন্থমেলাত লগ পালোঁ ‘অসম বাণী’ৰ প্ৰবীণ সম্পাদক দিলীপ চন্দন, ‘আমাৰ অসম’ কাকতৰ সম্পাদক তথা বিশিষ্ট গল্পকাৰ মনোজ গোস্বামী আৰু কলকাতাৰ পৰা প্ৰকাশিত ‘আৰম্ভ’ নামৰ পত্ৰিকাৰ সংগ্ৰামী সাংবাদিক তথা বিশিষ্ট লেখক বাহাৰ উদ্দিনক৷ এওঁলোক সকলোৱে ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক ভাবধাৰাৰ মানুহ৷ এওঁলোকে সদায় শান্তি, সম্প্ৰীতি আৰু সংহতিৰ সপক্ষে মাত মাতি আহিছে৷ কলগাছিয়া আৰু কয়াকুছিৰ নিচিনা ধৰ্মীয় সংখ্যালঘু অধ্যুষিত ঠাইবোৰত এওঁলোকৰ নিচিনা উদাৰ আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধ মানি চলা মানুহবোৰক মাতি সভা-সমিতি যিমানেই কৰা হ’ব, সিমানেই সমাজত ভুল বুজাবুজি আঁতৰ হ’ব আৰু শান্তি-সম্প্ৰীতি-সমন্বয় বৃদ্ধি পাব৷ দুে্‌য়াখন গ্ৰন্থমেলাই দুখন অতি সুন্দৰ আৰু উচ্ছমানৰ স্মৰণিকা প্ৰকাশ কৰিছে৷ কয়াকুছি আৰু কলগাছিয়া গ্ৰন্থমেলাই গ্ৰন্থমেলাৰ প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ’বলৈ পাৰিছে নে নাই সেই বিচাৰ আমি এতিয়াই নকৰোঁ৷ কিন্তু আয়োজকসকলৰ অশেষ পৰিশ্ৰম, ত্যাগ আৰn ঐকান্তি প্ৰচেষ্টাক শলাগিবই লাগিব৷ এনেদৰে প্ৰতিবছৰে গ্ৰন্থমেলা অনুষ্ঠিত হৈ থাকিলে দুয়োখন গ্ৰন্থমেলাই যে এদিন অসমৰ ভিতৰত জাকত জিলিকা অনুষ্ঠান হৈ উঠিব সেই কথা ধুৰূপ৷ দুয়োখন গ্ৰন্থমেলাৰ আয়োজকসকলৰ প্ৰতি আহ৩ান জনাম যে এই গ্ৰন্থমেলাবোৰত আৰু কিছু অধিক বৌদ্ধিক সংযোজন হ’লে ভাল হয়৷ কলকাতা গ্ৰন্থমেলাত দেখা পাইছোঁ যে প্ৰতিবছৰে গ্ৰন্থমেলাৰ এটা বিশেষ বিষয় [Theme] থাকে৷ আৰু সেই থিমটোৰ ওপৰতেই সকলো লিখা-মেলা, আলোচনা-চক্ৰ আদি অনুষ্ঠিত হয়৷ অসমতো গ্ৰন্থমেলাৰ আয়োজকসকলে তেনে কথা চিন্তা কৰিব পাৰে৷ নতুন নতুন লেখক-লেখিকাৰ সৃষ্টি কৰিবলৈ তেওঁলোকে সাহিত্যৰ বিভিন্ন শিতানত প্ৰতিযোগিতা আদি পাতিব পাৰে৷ তেওঁলোকৰ মাজত থকা ভাল প্ৰতিভাৱান যুৱ লেখক-লেখিকাৰ গ্ৰন্থবোৰ প্ৰকাশ কৰাৰ বাবে উদ্‌গনি দিব পাৰে, সম্ভৱ হ’লে তেওঁলোকক কিছু আৰ্থিক সাহায্যও দিব পাৰে৷ এনেবোৰ কাম কৰি গৈ থাকিলেহে গ্ৰন্থমেলাৰ প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্যত সফল হ’ব পাৰিব৷ অৱহেলিত সংখ্যালঘু অধ্যুষিত ন ন অঞ্চলতো এনেদৰে গ্ৰন্থমেলাৰ আয়োজন কৰিব পাৰিলে দিৱস যামিনী ধৰ্মীয় ভাবাগেৰে পৰিৱেষ্টিত মানুহবোৰৰ মানসিক পৰিমণ্ডলক জ্ঞান-বিজ্ঞানৰ এক নতুন দিগন্তলৈ লৈ যাব পাৰিব৷ জয়তু কলগাছিয়া আৰু কয়াকুছি গ্ৰন্থমেলা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here