Home গুৱাহাটী ১৭ ছেপ্টেম্বৰৰ ব্যাপক ক’ভিড-১৯ টীকাকৰণ অভিযানৰ বাবে কামৰূপ জিলাৰ প্ৰস্তুতি ৪০ হাজাৰ...

১৭ ছেপ্টেম্বৰৰ ব্যাপক ক’ভিড-১৯ টীকাকৰণ অভিযানৰ বাবে কামৰূপ জিলাৰ প্ৰস্তুতি ৪০ হাজাৰ লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য

136
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৫ ছেপ্টেম্বৰ ঃ অসমত ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান অধিক তীব্ৰ কৰাৰ অৰ্থে অহা ১৭ ছেপ্টেম্বৰত ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া ব্যাপক অভিযানৰ বাবে কামৰূপ জিলাতো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ জিলা  প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ তৎপৰতাত ইতিমধ্যে প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ নিৰ্ধাৰণ কৰা হৈছে। উল্লেখ্য যে সেইদিনা সমগ্ৰ ৰাজ্যখনত মুঠ ৮ লাখ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই লক্ষ্যত উপনীত হ’বৰ বাবে কামৰূপ জিলাক ২৫ হাজাৰ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে। অৱশ্যে জিলা স্বাস্থ্য বিভাগে এই অভিযানত ৪০ হাজাৰ লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য আগত ৰাখি জিলাখনত ইতিমধ্যে ২০০তকৈও অধিক প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰিছে। জিলাখনৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহৰ অধীনত সেই অঞ্চলৰ বিদ্যালয়সমূহত ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে। এই অভিযানত বিশেষকৈ জিলাখনৰ অন্তৰ্গত চৰ অঞ্চলসমূহত প্ৰতিষেধক প্ৰদানত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। সেই  অনুসৰি হাজোৰ চৰাঞ্চলত সেইদিনা ৫,০০০ প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে। সেইদৰে ছয়গাঁৱৰ চৰাঞ্চলতো প্ৰতিষেধক প্ৰদানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনহাতে, আজাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত এটা ভ্ৰাম্যমাণ প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰো ব্যৱস্থা কৰা হৈছে। জিলাখনৰ উপযুক্ত ব্যক্তিয়ে সেইদিনা কোভাক্সিন প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ কৰিব পৰাৰ বিপৰীতে কোভিশ্বিল্ড ছিটাৰ প্ৰথম পালি আৰু দ্বিতীয় পালি গ্ৰহণ কৰিব খোজা সকলোৰে বাবে মুকলি থাকিব। ক’ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ এই অভিযান সূচাৰুৰূপে আৰু সফলতাৰে সম্পন্ন কৰিবলৈ সংশ্লিষ্ট সকলো বিষয়া-কৰ্মচাৰীকে সমন্বয় ৰক্ষা কৰি নিষ্ঠাৰে কাম কৰিবলৈ জিলা উপায়ুক্ত কৈলাস কাৰ্তিক এনে আহ্বান জনাইছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে এতিয়ালৈকে জিলাখনত ১১,৮০,১৪৪পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াৰে ৯,৩৭,৬২২টা প্ৰথম পালি আৰু ২,৪২,৫২২টা দ্বিতীয় পালিৰ প্ৰতিষেধক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here