গণ বাৰ্তা,ফিল’বাৰী,৮ ছেপ্টেম্বৰঃ অসমৰ লগতে চুবুৰিয়া ৰাজ্য অৰুণাচল প্ৰদেশতো ড্ৰাগছ, কানি ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।আজি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ড্ৰাগছ,কানিৰ বিৰুদ্ধে চাংলাং থানাৰ আৰক্ষী বিষয়া চি এ নামচোং,চানী হডংৰ নেতৃত্বত বি এছ বি কলনিত অভিযান চলাই।অভিযান কালত আৰক্ষীৰ দলটোৱে খিময়াং ৰাজহ চক্ৰৰ অন্তৰ্গত পানলোম গাঁৱৰ ৱাংডং চায়ুন (৪৫) আটক কৰে।আটকাধিন কানি মাফিয়া ৱাংডং চায়ুনৰ পৰা আৰক্ষীৰ দলটোৱে ২৩ গ্ৰাম কানি জব্দ কৰে।পিছত ৱাংডং চায়ুনৰ ঘৰত আৰক্ষীৰ দলটোৱে অভিযান চলাই কানি জোঁখা তুলচনা লগতে কানি জুঁখিবলৈ ব্যৱহাৰ কৰা মুদ্ৰা জব্দ কৰে।