Home Main Stories খাৰুপেটীয়াৰ কানাড়া বেংকত দৰিদ্ৰ মহিলাৰ নামত পাঁচ লাখ টকাৰ ঋণ মঞ্জুৰ কৰি...

খাৰুপেটীয়াৰ কানাড়া বেংকত দৰিদ্ৰ মহিলাৰ নামত পাঁচ লাখ টকাৰ ঋণ মঞ্জুৰ কৰি আত্মসাৎ দালালৰূপী মহিলাৰ : ঋন পৰিশোধ কৰাৰ জাননী বেংক কৰ্তৃপক্ষৰ : থানাত এজাহাৰ দাখিল

149
0

গনবাৰ্তা ৫ জানুৱাৰী : দলগাও  থানাৰ অন্তৰ্গত  ধৰনীপুৰ গাৱৰ  দৰিদ্ৰ মহিলাৰ  নামত তেওঁৰ অজ্ঞাতে খাৰুপেটীয়াৰ‌ কানাড়া বেংকৰ পৰা  পাচ লাখ টকাৰ ঋণ  মঞ্জুৰ কৰি সমুদায় ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাৰ লগতে পৰিয়ালৰ লোকে । অভিযোগ মতে দলগাও থানাৰ অন্তৰ্গত  ধৰনীপুৰ গাঁৱৰ  কাম বন কৰি খোৱা ফুল খাতুন নামৰ বিধৱা মহিলা এগৰাকীক  চৰকাৰী  পেনচন মঞ্জুৰ কৰি দিয়াৰ প্ৰলোভন দি ভোটাৰ কাৰ্ড ,পান কাৰ্ড ,ফটো আদি লয় কোনাকাটাপাৰা গাঁৱৰ হাছিনা বেগম নামৰ দালালৰূপী মহিলা গৰাকীয়ে। চতুৰ মহিলা গৰাকীয়ে  কৌশলেৰে নথি পত্ৰ  জালিয়াতি কৰি খাৰুপেটীয়া কানাড়া বেংকৰ পৰা পাঁচ লাখ টকাৰ ঋণ মঞ্জুৰ কৰে দৰিদ্ৰ মহিলা গৰাকীৰ নামত। লিখা পঢ়া নজনা মহিলাৰ নামত ঋণ মঞ্জুৰ কৰি  সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ হাচিনাৰ বিৰুদ্ধে। ইফালে দীৰ্ঘদিন ধৰি ঋণৰ কিস্তি আদায় নিদিয়াত  বেংক কতৃপক্ষই ঋণৰ ধন পৰিশোধ কৰাৰ বাবে  জাননী জাৰী কৰে ফুলখাতুন নামৰ মহিলা গৰাকীৰ নামত। জাননী পোৱাৰ  পিছতেই পোহৰলৈ আহে এই জালিয়াতিৰ ভয়ংকৰ তথ্য। এনে জাননী পাই বেংক চিনি নোপোৱা, বেংকত একাউণ্ট নথকা আনকি ঋনৰ  বাবে কাহানিও  আবেদন নকৰা মহিলা গৰাকীয়ে  ন্যায় বিছাৰি খাৰুপেটীয়া থানাত হাচিনা বেগমৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ভুক্তভোগী মহিলা গৰাকীয়ে।  উল্লেখযোগ্য যে বিগত বৰ্ষত এই গৰাকী  হাচিনাই কোনাকাটাপাৰা গাঁৱৰ দিন হাজিৰা ও খুজি মাগি খোৱা আকলিমা খাতুন নামৰ মহিলাৰ পৰা ভোটাৰ কাৰ্ড ,পান, ফটো ‌আদি লৈ একে পন্থাৰে একেখন বেংকৰ পৰা‌ লুঠিছিল পাচ লাখ টকা। এতিয়া প্ৰশ্ন হয় কাৰ আশীৰ্বাদত, কাৰ  নিৰ্দেশত হাচিনাই  বেংকত চলাইছে নিজৰ আধিপত্য, আত্মসাৎ কৰিছে লাখ লাখ টকা ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here