Home Uncategorized কংগ্ৰেছ ত্যাগ কৰি সমাজবাদীৰ পৰা ৰাজ্যসভালৈ কপিল ছিবাল

কংগ্ৰেছ ত্যাগ কৰি সমাজবাদীৰ পৰা ৰাজ্যসভালৈ কপিল ছিবাল

294
0


নতুন দিল্লী, ২৫ মে’ ঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা কপিল ছিবালৰ কংগ্ৰেছ ত্যাগৰ পাছতে কংগ্ৰেছ দলত তীব্ৰ খলকনিৰ সৃষ্টি হৈছে৷ কিন্তু কংগ্ৰেছ ত্যাগ কৰি সমাজবাদী পাটীৰ্ৰ সমৰ্থনত ৰাজ্যসভাৰ মনোনয়ন দাখিলৰ পাছতে আন এক চৰ্চা আৰম্ভ হৈছে৷ এই সন্দৰ্ভত দিল্লী কংগ্ৰেছৰ মুৰব্বী অনিল চৌধুৰীয়ে কয় যে এতিয়া প্ৰমাণ হৈছে যে কপিল ছিবালে ব্যক্তিগত স্বাৰ্থৰ বাবে কংগ্ৰেছ নেতৃত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল৷ তেওঁ উল্লেখ কৰা মতে তেওঁলোকে পূৰ্বৰে পৰা জানিছিল যে ছিবালে দল ত্যাগ কৰিব৷ তেওঁ অভিযোগ কৰা মতে ছিবালক কংগ্ৰেছে সংসদলৈ পঠিয়াইছিল, কিন্তু তেওঁ দলীয় কৰ্মীসকলক উপেক্ষা কৰিছিল আৰু নেতৃত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল৷ প্ৰাক্তন সাংসদ তথা উত্তৰ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাজেশ মিশ্ৰায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কিেপেল ছিবালৰ দল ত্যাগে কংগ্ৰেছত কোনো প্ৰভাৱ নপৰে৷ তেওঁৰ মতে দিল্লীত ভোট লাভ কৰিব নোৱাৰা এগৰাকী নেতাই ৰাষ্ট্ৰীয় স্তৰত দলটোৰ ক্ষতি কৰিব নোৱাৰিব৷ উল্লেখ্য যে কেৱল ছিবাল বুলিয়েই নহয়, দলৰ কে’বাগৰাকী শীৰ্ষ নেতাই ইতিমধ্য দলত্যাগ কৰিছে৷ যাৰ বাবে দলটোত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পঞ্জাবৰ প্ৰাক্তন মুৰব্বী সুনীল জাখৰ আৰু গুজৰাটৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলৰ দৰে নেতাক হেৰুৱালগীয়া হৈছে দলটোৱে৷ ইয়াৰ পূৰ্বে, প্ৰাক্তন আইনমন্ত্ৰী অশ্বিনী কুমাৰে পঞ্জাব বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰিছিল৷ আনহাতে, প্ৰাক্তন মন্ত্ৰী আৰ পি এন সিং আৰু জিতেন প্ৰসাদে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ পৰা পদত্যাগ কৰিছিল৷ ইফালে ছিবালে এনেকুৱা এটা সময়ত পদত্যাগ কৰিছে, যিটো সময়ত ছোনিয়া গান্ধীৰ নেতৃত্বত দলটোৱে পুনৰুজ্জীৱিতকৰণৰ বাবে চেষ্টা চলাই আছে৷ শেহতীয়াকৈ ১৩-১৫ মে’লৈ অনুষ্ঠিত কংগ্ৰেছৰ চিন্তন শিবিৰতো উপস্থিত নাছিল ছিবাল৷ আনহাতে, সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ উপস্থিতিত ছিবালে মনোনয়ন-পত্ৰ দাখিল কৰাৰ লগে লগে কংগ্ৰেছ আৰু প্ৰাক্তন সহযোগী এছপিৰ মাজত বিবাদৰ সৃষ্টি হোৱাৰো সম্ভাৱনা আছে৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ছিবাল কংগ্ৰেছৰ বাবে এগৰাকী প্ৰভাৱশালী নেতাই নহয়, এগৰাকী প্ৰসিদ্ধ অধিবক্তাও আছিল৷ যিয়ে উচ্ছতম ন্যায়ালয়ৰ বিভিন্ন গোচৰত কংগ্ৰেছক ৰক্ষা কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here