Home অসম অসম-নগালেণ্ড সীমান্তৱৰ্তী বালিজানত ৮ কোটি টকাৰ হেৰ’ইন জব্দ : কাৰ্বি আংলং আৰক্ষীৰ...

অসম-নগালেণ্ড সীমান্তৱৰ্তী বালিজানত ৮ কোটি টকাৰ হেৰ’ইন জব্দ : কাৰ্বি আংলং আৰক্ষীৰ জালত এজন সৰবৰাহকাৰী

214
0


গণ বাৰ্তা বোকাজান, ৫ ছেপ্তেম্বৰ : বিগত সময়ছোৱাত চুবুৰীয়া ৰাজ্যৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈ নিষিদ্ধ ড্ৰাগ্‌ছ সৰবৰাহ কৰাৰ বাবে অন্যতম কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰা কাৰ্বি আংলং জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত জিলা আৰক্ষীয়ে ব্যাপক নিশ্ছিদ্ৰ অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হোৱাৰ পিছতো আৰক্ষীৰ চকুত ধূলি দি নিতৌ ন ন উপায়েৰে নিষিদ্ধ ড্ৰাগ্‌ছ সৰবৰাহৰ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে অপৰাধী চক্ৰই। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে আজি নিচেই পুৱাৰ ভাগতে বুজন পৰিমাণৰ হেৰ’ইনসহ এজন ড্ৰাগ্‌ছ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি, এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি নিচেই পুৱাতে বোকাজান মহকুমা আৰক্ষী বিষয়া জ’ন দাসৰ নেতৃত্বত তথা বোকাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণি চমুৱা, খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্ম, উপ-পৰিদৰ্শক চৰণ মোহন চেতিয়া, নিতুল শইকীয়া আৰু সহকাৰী উপ-পৰিদৰ্শক অৰুণ নাথৰ সহযোগিতাত আৰক্ষী আৰু কমাণ্ডো বাহিনীৰ এটা দলে ড্ৰাগ্‌ছবিৰোধী অভিযান আৰম্ভ কৰে। উক্ত অভিযানত আজি পুৱা প্ৰায় ৬.৩০ বজাত খটখটি থানাৰ অন্তৰ্গত বালিজান ফৰেষ্ট গে’ট তিনিআলিত অভিযানকাৰী দলটোৱে এন এল-০৭-এফএ-২৪৮২ নম্বৰৰ এখন অটোৰিক্সা’ জব্দ কৰি তালাচী চলায়। জব্দ হোৱা অটোৰিক্সখনৰ পৰা অভিযানকাৰী দলটোৱে ৭৮টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত প্ৰায় এক কিঃগ্ৰাঃ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় ৮ কোটি টকা বুলি অনুমান কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে এটা ড্ৰাগ্‌ছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীটো মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত তাঁতীকটা পথাৰ নিৱাসী সূৰুজ আলী (৪০) বুলি চিনাক্ত কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here