Home স্থানীয় ডিফুত ষষ্ঠ অনুসূচীৰ ওপৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আলোচনা-চক্ৰ

ডিফুত ষষ্ঠ অনুসূচীৰ ওপৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আলোচনা-চক্ৰ

178
0


গণ বাৰ্তা বিশেষ, ডিফু, ১৪ নৱেম্বৰ:
ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীৰ ওপৰত দেউবাৰে ডিফুৰ বৃক্ষ উদ্যাণ আৰু শিল্প কেন্দ্ৰত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ আলোচনা চক্ৰত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ , ন্যায়াধীশ সৌমিত্ৰ শইকীয়া, জ্যেষ্ঠ অধিবক্তা বিজয় হানচিৰীয়া, দেৱজিৎ শইকীয়া, ননীগোপাল মহন্তকে ধৰি বিভিন্নজনৰ অংশগ্ৰহণ কৰে ৷ কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ উদ্যোগত আজি ডিফুৰ আৰবৰেটৰিয়ামত Sixth Scheduled of the Constitution of India , Autonomy to Autonomous Council and headway in the perspective of Assam বিষয়ৰ ওপৰত দিনজোৰা কাৰ্যসূচীৰে এখন আলোচনা চক্ৰ সম্পন্ন হয় ৷ কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সভাপতিত্বত সম্পন্ন হোৱা আলোচনা চক্ৰত উচ্ছতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই ভাৰচুৱেলি অংশগ্ৰহণ কৰে ৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জন গগৈয়ে ষষ্ঠ অনুসুচীৰ ইতিহাত , সংশোধনী;; ৰাজ্যপালৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে ৷ন্যায়াধীশ শইকীয়াই নিজৰ ভাষণত কাষ্টমাৰী লৰ ওপৰত আলোকপাত কৰি পৰিষদক কাষ্টমাৰী আদালত প্ৰতিষ্ঠা কৰাৰ বাবে থকা সুবিধাৰ বিষয়ে কয় ৷কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদক ষষ্ঠ অনুসুচীয়ে যথেষ্ট ক্ষমতা দিয়া বুলি তেওঁ মন্তব্য কৰে ৷ উচ্ছতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজয় হানচাৰীয়াই গোপীনাথ বৰদলৈয়ে কি দৰে বহুতৰ বিৰোধিতা পিছতো পাহাৰীয়া জনজাতিৰ সংস্কৃতি সুৰক্ষাৰ স্বাৰ্থত সংবিধানত ষষ্ঠ অনুসুচীৰ অন্তৰ্ভুক্ত কৰিছিল সেয়া ব্যাখ্যা কৰে ৷ তেওঁ কয় ষষ্ঠ অনুসুচীয়ে পৰিষদ সমূহক বহুত ক্ষমতা দিছে ৷ কিন্তু কিছুমান নীতিৰ বাবে তেওঁলোকে সেয়া ভালদৰে উপভোগ কৰিব পৰা নাই ৷ তেওঁ কয় যে পৰিষদৰ সদনত গৃহিত হোৱা কোনো বিল বা সদনত কৰিব লগা কোনো প্ৰশ্নৰ বাবে ৰাজ্যপালৰ হৈ উপায়ুক্তৰ অনুমতি লোৱাৰ প্ৰয়োজন নাই ৷ পৰিষদৰ সদনত গৃহীত সকলো বিল পোনে পোনে ৰাজ্যপালৰ ওচৰলৈ যাব লাগে ৷ পৰিষদৰ সদনত গৃহীত বিল ৰাজ্যপালৰ অনুমতি লাভ কৰিলেই আইন হ’ব বুলি তেওঁ মত ব্যক্ত কৰে ৷ তেওঁ সকলো পৰিষদ একগোট হৈ ইয়াৰ বাবে আগবাঢ়িব লাগে বুলি কয় ৷ তেওঁ কেন্দ্ৰীয় চৰকাৰে সংসদত বিল আনি ষষ্ঠ অনুসুচিৰ পৰিষদলৈ পোনপতিয়াকৈ পুজিঁ প্ৰেৰণৰ বাবে পৰিষদ সমূহক একগোট হৈ চৰকাৰক হেচাঁ দিয়াৰ আহবান জনায় ৷ বিত্তীয় ক্ষমতা নাথাকিলে কেৱল ৰাজনৈতিক ক্ষমতাই উন্নতি কৰিব নোৱাৰে বুলি কৈ এই বিসংগতি সমূহ সংশোধন কৰাৰ পৰামৰ্শ দিয়ে ৷ অসম চৰকাৰৰ এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়াই নিজৰ ভাষণত শেহতীয়া এম অ এচত ১০ খন আসন সংৰক্ষিত নকৰাৰ সপক্ষে যুক্তি দি কয় যে বছৰ বছৰ ধৰি ষষ্ঠ অনুসুচীৰ এলেকাত বসবাস কৰা লোক সকলে নিৰ্বাচনত প্ৰতিদন্দিতা কৰাৰ সুবিধা পোৱা উচিত ৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড: ননীগোপাল মহন্তই ভূপেন্দ্ৰ সিং আয়োগৰ প্ৰতিবেদৰ পৰা , পাহাৰৰ ৰাজ্য দাবী আন্দোলন , সশস্ত্ৰ বিদ্ৰোহ , ১৯৯৫ চনৰ এম অ ইউ , ২০১১ চনৰ আৰু ২০২১ চনৰ এম অ এছৰ ওপৰতো বক্তব্য ৰাখি পৰিষদৰ বৰ্তমানৰ ক্ষমতা এখন ৰাজ্যতকৈ কোনো গুণে কম নহয় বুলি কয় ৷ ষষ্ঠ অনুসুচীয়ে জনজাতি সকলক সুৰক্ষিত কৰি ৰাখিছে বুলি তেওঁ মন্তব্য দিয়ে৷ মহন্তই কয় গোপীনাথ বৰদলৈৰ পিছত হিমন্ত বিশ্ব শৰ্মাই হৈ জনজাতি সকলৰ আন্তৰিকতাৰে উন্নয়ন বিছৰা মুখ্যমন্ত্ৰী ৷ সেয়ে তেওঁ জনজাতি সকলৰ বুকুৰ আপোন ৷ প্ৰাক্তন সাংসদ ডাক্তৰ জয়ন্ত ৰংপিয়ে কয় যে ১৯৯৫ চনৰ এম অ ইউৰ জড়িয়তে পৰিষদৰ ক্ষমতা বৃদ্ধিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷ তাৰ পিছত দুখনকৈ শান্তি চুক্তিয়ে পৰিষদলৈ অধিক ক্ষমতা আনিছে ৷ এই প্ৰক্ৰিয়াটো স্বায়ত্ত্বশাসিত ৰাজ্য প্ৰা৫১ একোটা ধাপ ৷ কিন্তু চৰকাৰে কিছুমিন বিধায়িনী ক্ষমতা চুক্তিত দিছে যদিও বাস্তৱত বহু ক্ষমতা দিয়া নাই ৷ পৰিষদৰ নিৰ্বাচিত এগৰাকী সদস্যই সদনত প্ৰশ্ন কৰিবলৈও উপায়ুক্তৰ অনুমতিৰ প্ৰয়োজন ৷ একেদৰে পুজিঁৰ ক্ষেত্ৰতো একেই ৷ সেয়ে এই আসোঁৱাহ সমূহ দূৰ কৰিব লাগিব ৷ মুখ্য কাৰ্যবাহী সদস্যৰ উপদেষ্টা এলউইন টেৰণে কয় যে পুজিঁ আবŒI×ন আৰু পৰিষদৰ ক্ষমতাক লৈ ৰাজ্য চৰকাৰৰ লগত পৰিষদৰ সংঘাত আছে ৷ সময়ে সময়ে ৰাজ্য চৰকাৰে পৰিষদৰ ক্ষমতাত হস্তক্ষেপ কৰি এই সংঘাতৰ সৃষ্টি কৰি আহিচে৷ আন এগৰাকী বক্তা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ধৰমছিং টেৰনেও ষষ্ঠ অনুসুচীৰ ক্ষমতাক লৈ হোৱা সংঘাতৰ ওপৰত আলোকপাত কৰে৷ উচ্ছ ন্যায়ালয়ৰ অধিবক্তা জয়ন্ত চশটীয়াই আলোচনা চক্ৰত দ্বিতীয় পৰ্ব পৰিচালনা কৰে ৷ এই গুৰুত্বপূৰ্ণ আলোচনাচক্ৰখনি কৰি APHLC ৰ নেতা জন ইংতি কাথাৰ , প্ৰাক্তনমন্ত্ৰী হলিৰাম তেৰাং , জাকাছৰ অধ্যক্ষ খৰচিং টেৰণ উপস্থিত নাথাকিল যদিও আলোচনা চক্ৰত পাহাৰৰ প্ৰায় সকলো দল-সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰি বক্তা সকলক বিভিন্ন প্ৰশ্ন কৰি মনৰ খুদুৱনি নিবাৰণ কৰে ৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বহু আকাংখিত আলোচনা চক্ৰখন সফল কৰাৰ বাবে দেশৰ আৰু ৰাজ্যৰ সৰ্বোচ্ছ পদত অধিস্‌হিত ন্যায়াধীশ , অধিবক্তা সকলৰ লগতে জিলাখনৰ বিশিষ্ট লোক সকলৰ শলাগ লৈ এই আলোচনা চক্ৰই নতুন বাটৰ সন্ধান দিয়া বুলি মন্তব্য কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here