

গণ বাৰ্তা, ফিল’বাৰী, ২০ জুলাই : সমগ্ৰ ভাৰতবৰ্ষবাসীয়ে কাৰ্গিল যুদ্ধৰ সৈনিক সকলক সন্মান দিয়াৰ উদেশ্যৰে প্ৰতি বছৰে ২০ জুলাই তাৰিখে পালন কৰি আহিছে কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনত কাশ্মীৰৰ কাৰ্গিল অঞ্চলত একেৰাহে প্ৰায় ৬০ দিন ধৰি চলা যুদ্ধৰ অন্তত আজি দিনটোতেই ভাৰতীয় সেনাই জয়লাভ কৰিছিল। সেই বিজয় আনন্দৰ স্মৃতিক ধৰি ৰখাৰ উদ্দেশ্যৰে আজি তিনিচুকীয়া জিলাৰ ফিল’বাৰীস্থিত ভাৰতীয় সেনা শিবিৰৰ ১৪ নং অসম ৰেজিমেণ্টে ফিল’বাৰী সেনা চাউনীত কভি’ড নিয়ম মানি অনুষ্টুপীয়াকৈ পালন কৰে কাৰ্গিল বিজয় দিৱস। কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰে ৬ পৰা ১৪ বছৰ বয়সৰ ছাত্ৰ -ছাত্ৰী মাজত চিত্ৰাংকণ প্ৰতিযোগিতা।চিত্ৰাংকণ প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰা প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীক চিত্ৰাংকণৰ সম্পূৰ্ণ সামগ্রী সেনা বাহিনীয়ে যোগান ধৰাৰ লগতে শীৰ্খ ১৬ গৰাকীক মানপত্ৰ আৰু প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্তক পুৰস্কাৰ প্ৰদান কৰে।এই প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰীজা গগৈ ,দ্বিতীয় স্থান পৰী সোনোৱাল আৰু তৃতীয় স্থান বিদ্যাৰাণী বৰুৱা লাভ কৰে । এই প্ৰতিযোগিতাৰ অন্তত সেনা বিষয়া উমেশ সোনাৰ সহ সাংবাদিক ঘনশ্যাম ছেত্ৰী আৰু প্ৰশান্ত বৰাই ছাত্ৰ ছাত্ৰী সকলক পুৰস্কাৰ বিতৰণ কৰে। চিত্ৰাংকণ প্ৰতিযোগিতাৰ ফিল’বাৰী অঞ্চলৰ প্ৰায় ৪০ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল।