Home স্থানীয় ৰূপহীহাটত কভিড ফ্ৰন্ট লাইন কৰ্মীৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি জিলা উপায়ুক্তৰ

ৰূপহীহাটত কভিড ফ্ৰন্ট লাইন কৰ্মীৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি জিলা উপায়ুক্তৰ

76
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৮ জুন : কভিডৰ সংক্ৰমণৰ পৰা ৰাইজক সকাহ দিবৰ বাবে কভিডৰ ফ্ৰন্ট লাইন কৰ্মীৰ এটা প্ৰশিক্ষন কেন্দ্ৰ নগাঁও জিলাৰ ৰূপহীহাটত আজি মুকলি কৰা হয়। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্কীল ইণ্ডিয়াৰ অধীনত ভিডিঅ’ কনফাৰেঞ্চ যোগে কেন্দ্ৰটো মুকলি কৰে। জিলাখনৰ ৰূপহীহাটৰ ভেলৌগুৰিত স্থাপন কৰা কেন্দ্ৰটোৰ উদ্ধোধনী অনুষ্ঠানত মূখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰি নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনে কয় , এই কেন্দ্ৰৰ জৰিয়তে কভিড যোদ্ধা সকলক প্ৰশিক্ষণ দিয়াৰ লগতে ৰাইজক কভিডৰ পৰা সকাহ দিবলৈ প্ৰয়াস কৰা হ’ব। তেওঁ ৰাইজক কভিড মহামাৰী প্ৰতিৰোধৰ বাবে কভিড প্ৰটকল মানি চলিবলৈ আহবান জনাই। আজিৰ এই অনুষ্ঠানত নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: অতুল পাটৰ, নগাঁও আই টি আইৰ অধ্যক্ষ অম্বিৰাম মালাকাৰ, নগাঁও এ এছ ডি এমৰ প্ৰকল্প পৰিচালক জ্যোতিৰ্ময় কলিতা, আদৰ্শ সমাজ কল্যাণ সমিতিৰ সম্পাদক নাজিৰ হুছেইনে অংশ গ্ৰহণ কৰে। আদৰ্শ সমাজ কল্যাণ সমিতিৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখ যে অসমত স্থাপন কৰা ১১ টা এনে কেন্দ্ৰৰ ভিতৰত ৰূপহীহাটৰ কেন্দ্ৰটো নগাঁও জিলাৰ একমাত্ৰ কেন্দ্ৰ। আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশজুৰি কভিড ফ্ৰন্ট লাইন কৰ্মী প্ৰশিক্ষণৰ বাবে স্কীল ইণ্ডিয়াৰ অধীনত ভাৰ্চুৱেল পদ্ধতিৰে ১১১ টা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰে। উল্লেখযোগ্য যে দক্ষতা বিকাশ মন্ত্ৰালয়ৰ অধীনত আৰু স্বেচ্ছাসেৱী সংগঠন আদৰ্শ সমাজ কল্যান‌ সমিতিৰ তত্বাৱধানত উক্ত প্ৰশিক্ষণ কেন্দ্ৰত কভিড পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ শতাধিক যুৱক- যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে। প্ৰশিক্ষণ কালত যুৱক- যুৱতী সকলকো ৰেপিড এন্টিজেন টেষ্ট, আৰ টি পি চি আৰ সংগ্ৰহ আৰু কভিড কেয়াৰ চেন্টাৰত সেৱা আগবঢ়োৱাৰ কৌশলৰ ওপৰত প্ৰশিক্ষণ দিয়া হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here